ETV Bharat / bharat

হৃদৰোগত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কৰ মৃত্যু - উন্নয়ন

উত্তৰ প্ৰদেশৰ দেবৰিয়া জিলাৰ জনতা পাৰ্টীৰ বিধায়ক জনমেজয় সিঙৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শোক প্ৰকাশ ৷

Uttar Pradesh BJP MLA Janmejaya Singh passes away
হৃদৰোগত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কৰ মৃত্যু
author img

By

Published : Aug 21, 2020, 11:54 AM IST

নিউজ ডেস্ক, 21 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বুধবাৰে উত্তৰ প্ৰদেশৰ দেবৰিয়া জিলাৰ জনতা পাৰ্টীৰ বিধায়ক জনমেজয় সিং হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ 75 বছৰীয়া বিধায়কগৰাকীক পোনপ্ৰথমে জিলাখনৰ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে বিধায়কগৰাকীক লোহিয়া চিকিৎসা সংস্থানলৈ স্থানান্তৰিত কৰা হয় বুলি জানিব পৰা গৈছে ৷

লোহিয়া সংস্থানৰ ডাঃ ৰাম মনোহৰ নামৰ চিকিৎসকগৰাকীয়ে জনোৱা অনুসৰি, হৃদৰোগত আক্ৰান্ত হোৱাৰ পিচত তেওঁৰ শৰীৰত পেচমেকাৰ স্থাপন কৰাৰ পিচত তেওঁৰ মৃত্যু হয় ৷

উল্লেখ্য যে, বিধায়কগৰাকীৰ মৃত্যুৰ পিচত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰি কয় যে, জনমেজয় সিং সু-ব্যক্তিত্বৰ অধিকাৰী আছিল ৷ ইয়াৰ উপৰিও, দলৰ উন্নয়নৰ বাবে তেওঁ সদায় চেষ্টা অব্যাহত ৰাখিছিল ৷ তেওঁ সদায় সমাজৰ দুখীয়া শ্ৰেণীৰ লোকৰ বাবে কাম কৰা বুলিও মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জানিবলৈ দিয়ে ৷ লগতে তেখেতৰ মৃত্যুত দলে এজন সৎ আৰু নিষ্ঠাবান লোক হেৰুওৱা বুলিও মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : মৰিগাঁৱত খহনীয়া ৰোধৰ বাবে আমছুৰ নদীৰ পাৰত অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.