ETV Bharat / bharat

আমেৰিকা-তালিবানৰ শান্তি চুক্তিঃ ভাৰতত ইয়াৰ প্ৰভাৱ - আমেৰিকা তালিবান শান্তি চুক্তি

কমোডৰ চি উদয় ভাস্কৰ (অৱসৰপ্ৰাপ্ত)

আমেৰিকা-তালিবানৰ শান্তি চুক্তিঃ ভাৰতত ইয়াৰ প্ৰভাৱ

author img

By

Published : Mar 4, 2020, 4:11 PM IST

আঞ্চলিক নিৰাপত্তা আৰু সুস্থিৰতাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব পৰা এক তাৎপৰ্যপূৰ্ণ পদক্ষেপ হিচাপে আমেৰিকা আৰু আফগান তালিবানে কাটাৰৰ দোহাত ২৯ ফেব্ৰুৱাৰীত এখন শান্তি চুক্তিত স্বাক্ষৰ কৰে । ইয়াৰ প্ৰভাৱ ইতিবাচক হ’বনে নেতিবাচক হ’ব সেয়া এতিয়াও বিচাৰ্য তথা অস্পষ্ট, বিশেষকৈ ভাৰতৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ ক্ষেত্ৰত ।

এই শান্তি চুক্তিখনে ৯/১১ ৰ পাছত প্ৰায় দুটা দশক ধৰি আফগানিস্তানক বিধ্বস্ত কৰা হিংসা আৰু সন্ত্ৰাসবাদৰ অন্ত পেলাব বিচাৰে । তদুপৰি আমেৰিকাৰ নেতৃত্বত যুদ্ধ বিধ্বস্ত দেশখনত থকা বিদেশী সেনা বাহিনীৰ দল প্ৰত্যাহাৰ কৰিব বিচাৰে । এই চুক্তিখন যেনেদৰে স্বাক্ষৰ কৰা হৈছে তাৰ পৰা উমান পোৱা যায় যে এয়া অসমান আৰু আমেৰিকাৰ বৰ্তমানৰ স্বাৰ্থক প্ৰাধান্য দিয়ে যি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্বাচনী দিশটোৰ লগত জড়িত ।

এই চুক্তিৰ প্ৰস্তাৱনা নিৰ্দেশনাত্মক আৰু প্ৰক্ৰিয়াটোত থকা ৰাজনৈতিক ভংগুৰতাক আঙুলিয়াই দিয়ে । যাৰ বাবে আমেৰিকাই এক চুক্তিত অন্তৰ্ভুক্ত হ’লেও আফগান তালিবানক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান নকৰে । যাৰ ফলত আনুষ্ঠানিত তথ্যত উল্লেখ কৰা হৈছে এনেদৰে–আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান নকৰা ইছলামিক এমিৰেট অৱ্ আফগানিস্তানৰ যাক তালিবান হিচাপে জনা যায় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত আফগানিস্তানত শান্তি সৃষ্টি কৰিবলৈ হোৱা চুক্তি ।

এই চুক্তিৰ মূল বিষয় এয়ে যে তালিবানে, কোনো সংগঠন বা ব্যক্তিয়ে আফগানিস্তানৰ ভূখণ্ডক আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশৰ নিৰাপত্তাৰ বিৰুদ্ধে ব্যৱহাৰ নকৰিব । ইয়াৰ প্ৰতিদানত আমেৰিকাই এনফৰ্চমেণ্ট মেকানিজম নিশ্চিত কৰাৰ লগতে আফগানিস্তানৰ পৰা সকলো বিদেশী সৈন্যক প্ৰত্যাহাৰ কৰাৰ বাবে এক সময়সীমাৰ প্ৰতিশ্ৰুতি দিয়ে ।

এক জটিল আৰু দীঘলীয়া বুজাবুজিৰ প্ৰক্ৰিয়াত আমেৰিকাই তালিবানী নেতৃত্বৰ সৈতে আলোচনা কৰিবলগীয়া হয় যিসকলে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আফগান চৰকাৰক স্বীকৃতি নিদিয়ে । যাৰ ফলত এই চুক্তিয়ে ৰাষ্ট্ৰপতি আশ্ৰফ ঘাণি নেতৃত্বাধীন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনৰ কথা উল্লেখ কৰা নাই । তেওঁ পুনৰ নিৰ্বাচিত হোৱাৰে পৰা প্ৰতিদ্বন্দ্বী ড০ আব্দুল্লা আব্দুল্লাই বিৰোধিতা কৰি আহিছে ।

স্মৰণীয় যে ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ ভয়াৱহ ঘটনাৱলীৰে পৰা ভাৰতবৰ্ষই তালিবানৰ সৈতে জড়িত হ’বলৈ অনিচ্ছুক হৈ আহিছে । তাৰ বিপৰীতে ভৈাৰতবৰ্ষই আফগানিস্তানত গণতান্ত্ৰিক প্ৰক্ৰিয়াক সমৰ্থন জনাই আহিছে । ১৯৯৯ চনৰ ডিচেম্বৰত তালিবানে এখন ভাৰতীয় অসামৰিক বিমান হাইজেক কৰাৰ লগতে নিৰ্দিষ্ট কিছুসংখ্যক সন্ত্ৰাসবাদীক মুকলি কৰিবলৈ সক্ষম হৈছিল । ভাৰতে তালিবানৰ বিৰোধিতা কৰাৰ ইও মূল কাৰণ ।

তদুপৰি ১৯৯০ৰ মাজভাগত তালিবান প্ৰাধান্যলৈ অহাৰে পৰা পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় ৰাৱালপিণ্ডিৰ পৰা তালিবানক কৰা সহায়ৰ বাবে ভাৰতৰ আফগানিস্তানৰ প্ৰতি থকা নীতিত এক জটিল পাকিস্তান অংশ অন্তৰ্ভুক্ত হয় । শীতল যুদ্ধৰ দ্বাৰাপ্ৰভাৱিত হৈ এই অঞ্চলত আমেৰিকাৰ কূটনৈতিক আগ্ৰহে ইয়াৰ অধিক অৱনতি ঘটায় ।সেই সময়ত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ সংঘাতৰ ফলত ছোভিয়েটে আফগানিস্তান দখল কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰোনাল্ড ৰিয়াগান শাসনত থকা ১৯৮০ ৰ সময়ছোৱাত আফগান মুজাহিদীনৰ উত্থান ঘটে ।

১৯৮০ চনৰ পৰাই বৃহৎ শক্তিসমূহ তথা সেইসমূহৰ স্থানীয় মিত্ৰশক্তিবোৰৰ মাজত থকা বহুস্তৰীয় সংঘাতৰ বাবে আফগানিস্তানৰ লোকসকলে বহু কষ্ট ভোগ কৰিবলগীয়া হৈছে । এই ক্ষেত্ৰত ভাৰতৰ স্বাৰ্থ নিৰূপিত কৰে –আমেৰিকা-ছোভিয়েটৰ মাজৰ প্ৰতিদ্বন্দ্বিতা, ইৰাণ আৰু ছৌদিৰ মাজৰ ধৰ্মীয় ব্যৱধান, জেহাদীৰ প্ৰতি পাকিস্তানৰ সমৰ্থন আৰু এতিয়া দক্ষিণ এছিয়াক ভোগলিক-ৰাজনৈতিক গুৰুত্ব প্ৰদান কৰা বি আৰ আই অৰ্থাৎ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত চীনৰ বিনিয়োগ ।

২৯ ফেব্ৰুৱাৰীৰ শান্তি চুক্তিৰ প্ৰতি দিল্লীয়ে সতৰ্কতৰে সঁহাৰি দিছে আৰু উল্লেখ কৰিছে এনেদৰে – "আফগানিস্তানত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা আনিব পৰা, হিংসাৰ অৱসান ঘটোৱা, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰা, আফগান নেতৃত্বত, আফগানে আদায় কৰা আৰু আফগানে নিয়ন্ত্ৰণ কৰা একক প্ৰক্ৰিয়াৰ জৰিয়তে দীৰ্ঘম্যাদী ৰাজনৈতিক বুজাবুজিৰ সকলো সুযোগক সমৰ্থন কৰাই ভাৰতৰ চিৰন্তন নীতি।”

চুবুৰীয়া দেশ হিচাপে ভাৰতে আফগানিস্তানৰ চৰকাৰ আৰু জনসাধাৰণক আফগান সমাজৰ সকলো স্তৰৰে স্বাৰ্থ সুৰক্ষিত কৰিব পৰা শান্তিপূৰ্ণ, গণতান্ত্ৰিক আৰু সমৃদ্ধিশালী ভৱিষ্যত গঢ়াৰ আকাংক্ষাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় আগবঢ়াব ।" এনেদৰে কৈ দিল্লীয়ে আফগান চৰকাৰৰ ক্ষেত্ৰত দিয়া গুৰুত্ব প্ৰাসংগিক ।

২৯ ফেব্ৰুৱাৰীৰ চুক্তিখনে তালিবানৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আফগান চৰকাৰক উপেক্ষা কৰিছে । এই চুক্তিখন কাবুলৰ চৰকাৰখনৰ সৈতে বৰ বেছি সংপৃক্ত নহয় । বৰঞ্চ বিগত ওঠৰ বছৰে যিটো সন্ত্ৰাসবাদী সংগঠনটোৰ নামত আমেৰিকাই যুদ্ধ কৰিছে, বহু মূল্যৱান জীৱন আৰু সম্পদ ব্যয় কৰিছে সেই সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতেহৈ জড়িত ।

তাৎক্ষণিক ফলাফল এয়ে যে তালিবানে আমেৰিকা আৰু ইয়াৰ মিত্ৰসকলক আক্ৰমণ নকৰে আৰু এই বুজাবুজি ভাৰতৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । যাৰ ফলত পৰম্পৰাগত তালিবান-পাকিস্তানৰ সম্পৰ্ক ভাৰতৰ বাবে উদ্বেগৰ বিষয় ।

২৯ফেব্ৰুৱাৰীত স্বাক্ষৰিত চুক্তিখনৰ দুৰ্বলতা সেইদিনাই পোহৰলৈ আহিছিল । আফগান ৰাষ্ট্ৰপতি গণিয়ে ইতিমধ্যে ইংগিত দিছে যে ৱাশ্বিংটনে আশা কৰাৰ দৰে চুক্তিত উল্লেখিত কাৰাবন্দী মুকলি প্ৰক্ৰিয়াটো সম্পন্ন কৰিব নোৱাৰি ।

ভাৰতৰ বাবে অধিক চিনাত্ৰ কাৰণ এয়ে যে আফগানিস্তানত তালিবানৰ পুনৰুত্থানে ইছলামিক ষ্টেট আৰু আল-কায়দৰা অৱশিষ্ট অংশসমূহক অধিক স্থান আৰু সহায় প্ৰদান কৰিব । এই প্ৰসংগতে ফেব্ৰুৱাৰীৰ শেষাংশত দিল্লীৰ হিংসাত ৪৫ জন লোক নিহত হোৱাৰ আঁৰত থকা ৰাজনৈতিক-সাম্প্ৰদায়িক দিশ আৰু মুছলমানসকলক টাৰ্গেট কৰিছে আইছিছে ।

উত্তৰ-পূব দিল্লীত এজন মুছলমান লোকক এদল লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰা ফটোখন আইছিছৰ ছাইবাৰ শাখাই ব্যৱহাৰ কৰি তেনেধৰণৰ অত্যাচাৰৰ বিৰুদ্ধে যুদ্ধ তথা তেওঁলোকৰ ভাষাত উইলায়াট-আল-হিন্দৰ আহ্বান জনাইছে । এতিয়ালৈকে আইছিছে ভাৰতৰ পৰা কেডাৰ নিয়োগ কৰাৰ ক্ষেত্ৰত সীমিত সফলতা লাভ কৰিছে । কিন্তু এই ঘটনাই ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাত বৃহৎ ফলাফলৰ সৃষ্টি কৰাৰ থল আছে ।

২৯ ফেব্ৰুৱাৰীৰ আমেৰিকা আৰু তালিবানৰ চুক্তিখন ইয়াৰ উদ্দেশ্যৰ ক্ষেত্ৰত দুৰ্বল আৰু সীমাবদ্ধ । যেনেদৰে প্ৰচাৰ কৰা হৈছে তেনেধৰণে ইয়াৰ ফলত দীৰ্ঘম্যাদী প্ৰভাৱৰ ফল ইতিবাচক আৰু শান্তিৰ বাবে অনুকূল নহ’ব পাৰে । আফগান সুৰংগৰ শেষত পোহৰৰ আশা তেনেই ক্ষীণ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.