নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : কিদৰে নিশ্চিত কৰা হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নিৰাপত্তা তথা সুৰক্ষা ? কোন কোন নিয়োজিত থাকে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সুৰক্ষাত ? এই সকলো প্ৰশ্নৰ উত্তৰ সামৰি প্ৰস্তুত কৰি উলিওৱা হৈছে এই প্ৰতিবেদন ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ পূৰ্বেই তেওঁৰ নিৰাপত্তাৰ দিশটোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ ইতিমধ্যেই ৰাষ্ট্ৰপতিগৰাকীৰ সুৰক্ষাৰ দায়িত্বত থকা নিৰাপত্তা সংস্থাসমূহে আহি গুজৰাটত বাহৰ পাতিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাৰ the Presidential Protective Division হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ বাবে কৰ্তৃত্বশীল একমাত্ৰ সংস্থা ৷ এই সংস্থাটোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগতে তেওঁৰ পৰিয়ালৰ সকলো লোকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰো নিৰাপত্তা সুনিশ্চিত কৰে ৷
উল্লেখ্য যে, 1865 চনত গঠন কৰা আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ অন্তৰ্গত the Presidential Protective Division এ হৈছে একমাত্ৰ নিৰাপত্তা প্ৰদানকাৰী সংস্থা যিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যিকোনো সময়তে সদা সষ্টম হৈ থাকে আৰু ৰাষ্ট্ৰপতিগৰাকীৰ যিকোনো ভ্ৰমণৰ এমাহ পূৰ্বেই সেই নিৰ্দিষ্ট স্থান নিৰীক্ষণ কৰি তাৰ নিৰাপত্তা সুনিশ্চিত কৰে ৷ এই সংস্থাৰ অধীনত 3200 বিশেষ এজেন্টৰ লগতে 1300 পোচাকধাৰী বিষয়া থাকে যিয়ে প্ৰতিপল আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালৰ সৈতে ছায়াৰ দৰে লাগি থাকে ৷ অৱশ্যে এই দলত নিৰ্দিষ্ট কিমান পৰিমানৰ সদস্য থাকে তাৰ আচল পৰিসংখ্যা ৰাজহুৱাভাৱে প্ৰকাশ কৰা বিষয় নহয় কিন্তু ওপৰত উল্লেখ কৰাৰ দৰেই আনুমানিক প্ৰায় 5000 বিশেষ এজেন্ট তথা সেনা বিষয়া নিয়োজিত হৈ থাকে ৷