নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ মহামাৰী কোভিড-১৯ক লৈ চীন আৰু আমেৰিকাই অভিযোগ প্ৰতি-অভিযোগৰ এখন খেল আৰম্ভ কৰিছে । কিন্তু কিছুমাহ পূৰ্বে তেওঁলোকে যুটীয়াভাৱে এক গৱেষণা পত্ৰ লিখিছিল য'ত এটা গৱেষকৰ দলে নাগালেণ্ডৰ এখন দুৰ্গম গাঁৱত বাস কৰা এটা বিশেষ নগা জনগোষ্ঠীৰ ৮৫ গৰাকী নগাৰ পৰা তেজৰ নমুনা সন্দৰ্ভত উল্লেখ আছিল । সমগ্ৰ প্ৰকল্পটো আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে, মিলিটাৰী আৰু জীৱবিজ্ঞানীৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰিবৰ বাবে পূঁজিৰ যোগান ধৰিছিল ।
আমেৰিকা আৰু চীন তথা ভাৰতত শীৰ্ষ ভাইৰোল'জি বিজ্ঞানীয়ে এই বৈজ্ঞানিক গৱেষণা পত্ৰখন প্ৰস্তুত কৰিছিল, য'ত বাদুলী আৰু মানুহৰ দেহলৈ ভাইৰাছৰ সংক্ৰমণৰ ওপৰত অধ্যয়নৰ বিষয়ে উল্লেখ কৰিছিল । কিন্তু, শেহতীয়াকৈ কৰ'ণা ভাইৰাছৰ উৎপত্তি বাদুলীৰ পৰাই হৈছে বুলি যুক্তি আগবঢ়োৱা হৈছে । বাদুলী কেতবোৰ ৰোগকাৰক কঢ়িয়াই ফুৰে বুলি বদনাম আছে, যিয়ে প্ৰাণীৰ দেহৰ পৰা মানুহৰ দেহলৈ ভাইৰাছ কঢ়িয়াই ফুৰে ।
২০১৭ চনত বিজ্ঞানীৰ এটা দলে নাগালেণ্ডৰ এটা বিশেষ নগা জনগোষ্ঠীৰ ওপৰত অধ্যয়ন কৰাৰ লগতে ৮৫ গৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিল, যিটো জনগোষ্ঠীয়ে সাতটা প্ৰজন্ম ধৰি বাদুলীক খাদ্য আৰু পৰম্পৰাগত ঔষদৰ বাবে পালন কৰি আহিছে । ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী নগা গাঁৱখনৰ পৰা সংগ্ৰহ কৰা হৈছিল এইসমূহ নমুনা ।
এই দলটোৰ নেতৃত্বত থকা বিজ্ঞানীসকলৰ ভিতৰত দুগৰাকী য়ুহান ইনষ্টিটিউট অৱ ভাইৰোল'জিৰ পৰাও আছিল । ইয়াৰ এগৰাকী বিজ্ঞানী আছিল ছি ঝেংগলি, যি ছাৰছৰ দৰে কৰ'ণা ভাইৰাছৰ বিশেষজ্ঞ আছিল । চীনৰ বাদুলী মহিলা বুলি জনাজাত এইগৰাকী বিজ্ঞানীয়ে বাদুলীৰ পৰা হোৱা ভাইৰাছৰ সংক্ৰমণ গৱেষণাৰ বাবে জনাজাত । এইগৰাকী বিজ্ঞানী চীনৰ চেন্টাৰ ফৰ ইমাৰ্জিং ইনফেক্চিয়াছ ডিজিছ সংস্থাৰো নিৰ্দেশক । আনগৰাকী বিজ্ঞানী, ঝিংলো য়াংয়ো এই চেন্টাৰৰ পৰাই আহিছিল
কৰ'ণা ভাইৰাছ সৃষ্ট মহামাৰীৰ বিস্ফোৰণৰ পিচতে ছি, বহুটো বিতৰ্কত সোমাই পৰিছিল, আৰু তেওঁৰ বিৰুদ্ধে বহুতেই তেওঁ কাম কৰা কেন্দ্ৰটোৰ লগতে য়ুহানৰ পৰা এই ভাইৰাছ সৃষ্টি হোৱাক লৈ সমালোচনা কৰিছিল ।
কিন্তু সমগ্ৰ বিষয়টোত কিছুমান আচৰিত পৰিঘটনাও আছিল । এই সমগ্ৰ প্ৰকল্পটোত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ, প্ৰতিৰক্ষা বিপদ নিয়ন্ত্ৰণকাৰী এজেন্সি (DTRA) আৰু নাভেল মেডিকেল গৱেষণা চেন্টাৰৰ অধীনস্থ জৈৱিক প্ৰতিৰক্ষা গৱেষণা নিৰ্দেশালয়ৰ লগতে ভাৰত চৰকাৰৰ পাৰমানৱিক শক্তি বিভাগে পূঁজিৰ যোগান ধৰিছিল ।
এই প্ৰকল্পটো বিখ্যাত মুকলি বিজ্ঞান, প্ৰযুক্তি আৰু ঔষধৰ ওপৰত একাডেমিক জৰ্নাল প্ৰকাশ কৰা প্ৰকাশন গোষ্ঠী PLOSত ২০১৯ চনৰ ৩১ অক্টোৱৰত প্ৰকাশ পাইছিল । সমগ্ৰ প্ৰকল্পটোত পূঁজি যোগান ধৰোতাসকলৰ অধ্যয়ন, তথ্য সংগ্ৰহ আৰু ব্যৱস্থাপনা, প্ৰকাশন, আৰু ইয়াৰ প্ৰস্তাৱনা প্ৰস্তুতত কোনো হাত নাই বুলি উল্লেখ কৰা হৈছিল ।
ইটিভি ভাৰতত বিগত শুকুৰবাৰে ৱিকিলিকছৰ দ্বাৰা প্ৰকাশিত এখন পত্ৰৰ ওপৰত বাতৰি প্ৰকাশ পাইছিল । এই পত্ৰখন বিশ্ব স্বাস্থ্য় সংস্থাৰ দ্বাৰা প্ৰযুক্তিৰ ওপৰত উল্লেখ কৰা হৈছিল যাক প্ৰতিষেধক প্ৰস্তুত কৰাৰ লগতে জৈৱিক অস্ত্ৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰটো ব্যৱহাৰ কৰিব পৰা যাব বুলি উল্লেখ কৰা হৈছিল ।
প্ৰতিবেদনখনত, “…উচ্চ মানৰ ৰোগাকাৰী ইনফ্লুয়েঞ্জা ভাইৰাছ আৰু প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ জৈৱিক অস্ত্ৰপ্ৰণালীত ব্যৱহৃত সজুলি তথা প্ৰযুক্তি ব্যৱহাৰ কৰা ” বুলি উল্লেখ আছিল ।
বিশ্ব স্বাস্থ্য় সংস্থাৰ প্ৰতিবেদনখন আভ্যন্তৰীণ ব্যৱহাৰৰ বাবে আছিল যদিও, ভৱিষ্যতবানী কৰিছিল ইনফ্লুয়ে়ঞ্জাৰ দৰে মহামাৰী ৰোগ তথা ইয়াৰ কিছুমান ইতিমধ্যে সংঘটিত হৈছিল কিন্তু চৰকাৰসমূহে ইয়াক অনুপাতিকৰূপে আওকান কৰিছিল । প্ৰতিবেদনখনত “যদিহে এই মহামাৰী ইমানেই ভয়াৱহ আছিল, তেন্তে ইয়াৰ ব্যৱহাৰিক দিশটো কিয় বন্ধ কৰি ৰখা হৈছে ?” বুলি প্ৰশ্ন উত্থাপন কৰা হৈছিল ।