ETV Bharat / bharat

হাফিজ ছৈয়দক জৱাৱদিহি কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই

author img

By

Published : Feb 14, 2020, 4:27 PM IST

সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিবলৈ পাকিস্থানক আহ্বান জনালে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ মুম্বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈয়দক দোষী সাব্যস্ত কৰিলে আমেৰিকাই ৷ এই ঘটনাই দক্ষিণ এছিয়াত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰিলে বৈদেশিক বিভাগৰ মুখপাত্ৰই ৷

US calls for Hafiz Saeed to be held accountable for 26/11 Mumbai attack
মুম্বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈয়দক দোষী সাব্যস্ত কৰিলে আমেৰিকাই

নিউজ ডেস্ক , 14 ফেব্ৰুৱাৰীঃ 2008 চনৰ মুম্বাই কাণ্ডৰ লগতে আন বহুতো সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আমেৰিকা যুক্তৰাষ্ট্ৰই বৃহস্পতিবাৰে জৱাবদিহি কৰিলে জামাত-উদ-দাৱাৰ প্ৰধান হাফিজ ছৈয়দক ৷

  • And as @ImranKhanPTI has said, it is in the interest of #Pakistan’s future that it not allow non-state actors to operate from its soil. AGW

    — State_SCA (@State_SCA) February 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক বিভাগৰ মুখপাত্ৰই হাফিজ ছৈয়দক দোষী সাব্যস্ত কৰা সন্দৰ্ভত মন্তব্য কৰি কয় যে,আন বহু কেইটা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগতে 2008 চনৰ মুম্বাই আক্ৰমণত হাফিজ ছৈয়দ জড়িত হৈ আছিল,য’ত 6 জন আমেৰিকানসহ 166 জন লোকৰ মৃত্যু হৈছিল ৷ যাৰবাবে হাফিজ ছৈয়দক দোষী সাব্যস্ত কৰা হৈছে ৷ হাফিজ ছৈয়দক দোষী সাব্যস্ত কৰা কাৰ্যই দক্ষিণ এছিয়াৰ দেশ সমূহত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰি শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও উল্লেখ কৰে মুখপাত্ৰ গৰাকীয়ে ৷

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা তথা সন্ত্ৰাসবাদক আৰ্থিক সহায়ৰ লগতে যিকোনো ধৰণে অৰিহণা যোগোৱা যিকোনো ঘটনা বা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলা পাকিস্তানক আমেৰিকা যুক্তৰাষ্ট্ৰই আহ্বান জনাইছে বুলিও প্ৰসংগক্ৰমে উল্লেখ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়া গৰাকীয়ে ৷

উল্লেখযোগ্য যে,পাকিস্তানৰ লাহোৰৰ এখন আতংকবাদ বিৰোধী আদালতে বুধবাৰে হাফিজ ছৈয়দৰ ওপৰত থকা দুটা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে তেওঁক দোষী সাব্যস্ত কৰি 15000 টকা জৰিমণাসহ পাঁচ বছৰ আৰু পাঁচ বছৰ ছমাহৰ বাবে কাৰাদণ্ড বিহে ৷

লগতে পঢ়কঃনিৰ্ভয়া কাণ্ডঃআদালতে 17 ফেব্ৰুৱাৰীলৈ স্থগিত ৰাখিলে মৃত্যুদণ্ডৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.