ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ চাকৰি সন্দৰ্ভত ৰায়দানৰ পাচতে সংসদত হুলস্থুলীয়া পৰিৱেশ

author img

By

Published : Feb 10, 2020, 11:00 PM IST

উচ্চতম ন্য়ায়ালয়ৰ ৰায়দানক লৈ সংসদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ, পদোন্নতি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্যসমূহ দায়বদ্ধ নহয় বুলি উচ্চতম ন্যায়ালয়ে ৰায়দান দিছিল ৷

চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ, পদোন্নতি প্ৰদানক লৈ ৰায়দান
উচ্চতম ন্যায়ালয়ৰ ৰায়দান

নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী : চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ, পদোন্নতি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্যসমূহ দায়বদ্ধ নহয় বুলি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাৰ পাচতে সংসদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ লগতে উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে যে, চাকৰি সংৰক্ষণ আৰু পদোন্নতি মৌলিক অধিকাৰ হ'ব নোৱাৰে ৷

চৰকাৰৰ স্থিতি সম্পৰ্কত মন্ত্ৰী থাৱৰ চান্দ গেহলটে লোকসভাত কয় যে, বিষয়টো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা অব্যাহত আছে ৷ তেওঁ লগতে কয় যে, 2012 চনত উত্তৰাখণ্ড চৰকাৰে পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণ কাৰ্যকৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে এই গোচৰ ৰুজু হৈছিল ৷

সদনত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়োৱাৰ পাচতে কংগ্ৰেছ মন্ত্ৰীসকলে সদন ত্যাগ কৰে ৷

ইয়াৰ পূৰ্বে এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ এন ডি এ চৰকাৰক বিৰোধী দলে দাবী জনাইছিল ৷ এনে দাবীৰ ফলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিযোগ কৰিছিল যে, কংগ্ৰেছে সমগ্ৰ বিষয়টোক ৰাজনীতিকৰণ কৰাৰ চেষ্টা চলাইছে ৷ তেওঁ কয় যে, চৰকাৰৰ বিবৃতিৰ বাবে বিৰোধী দলে অপেক্ষা কৰা উচিত ৷

এই সম্পৰ্কত মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে মন্তব্য কৰে যে, উচ্চতম ন্যায়ালয়ৰ ৰায়দানত চৰকাৰে একো কৰিব নোৱাৰে ৷

আৰু পঢ়ক : পাহৰণিৰ গৰ্ভত মাইলছ ব্রনছন

Intro:Body:

Rajya Sabha

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.