ETV Bharat / bharat

২৫ বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰী : সংগ্ৰহ ১ কোটিৰ দৰমহা - কস্তুৰবা গান্ধী বালিকা বিদ্যালয়

একেলগে ২৫ খন বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰী অনামিকা শুক্লাই ঘৰত বহিয়েই উপাৰ্জন কৰিলে ১ কোটি টকা । মানৱ সেৱা পোৰ্টেলত ডিজিটেল ডাটাবেচত শিক্ষকৰ ব্যক্তিগত ৰেকৰ্ড আপডেটৰ সময়ত পোহৰলৈ আহে এই ঘটনা ।

UP teacher
UP teacher 'worked' at 25 schools simultaneously, took home Rs 1cr salary
author img

By

Published : Jun 5, 2020, 1:30 PM IST

নিউজ ডেস্ক, ৫ জুনঃ উত্তৰ প্ৰদেশৰ ৰায়বৰেলিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত এগৰাকী মহিলা শিক্ষকৰ বেতনক লৈ পোহৰলৈ আহিছে বিশেষ তথ্য । জানিব পৰা মতে, জিলাখনৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কৰ্মৰত শিত্ৰয়িত্ৰী অনামিকা শুক্লাই ৰায়বৰেলীৰ উপৰিও ৰাজ্যখনৰ কেইবাখনো অন্য জিলাত কৰ্মৰত বুলি দেখুৱাই মাহিলী দৰমহা লৈ আছে ।

২৫ বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰী

উল্লেখযোগ্য যে, এইগৰাকী শিক্ষয়ত্ৰীয়ে এখন-দুখন নহয় প্ৰায় ২৫ খন বিদ্যালয়ত ভূৱা নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে । লগতে, তেখেতৰ নাম অনামিকা শুক্লা হয় নে নহয় সেয়াও বৰ্তমান ৰহস্যৰ আৱৰ্তত । খৱৰ লাভ কৰা অনুসৰি, শিক্ষয়িত্ৰীগৰাকীয়ে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ উপৰিও উত্তৰ প্ৰদেশৰ সাহাৰণপুৰ, আলীগড়, আম্বেডকাৰনগৰ, প্ৰয়াগৰাজ আদিয়ে ধৰি বহুকেইখন জিলাৰ বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত বুলি দেখুৱাইছিল । আচৰিত কথা এয়াই যে, অনামিকা শুক্লাই সকলো ঠাইতে দিয়া নথি-পত্ৰসমূহ একে । নথিত উল্লেখ থকা অনুসৰি শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ মৈনপুৰী অঞ্চলত ।

UP teacher 'worked' at 25 schools simultaneously, took home Rs 1cr salary
উত্তৰ প্ৰদেশত একেলগে ২৫ খন বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষয়ত্ৰী

শিক্ষকসকলক ডাটাবেচ বনাই থকা সময়ক পোহৰলৈ আহে এই ঘটনা । মানৱ সেৱা পোৰ্টেলত শিক্ষকৰ ডিজিটেল ডাটাবেচত শিক্ষকৰ ব্যক্তিগত ৰেকৰ্ডৰ লগতে পদোন্নতিৰ তাৰিখ আদিৰ আৱশ্যক হৈছিল । এবাৰ এই ৰেকৰ্ড আপলোড হোৱাৰ পাছত অনামিকা শুল্কাৰ একে ব্যক্তিগত তথ্যত মুঠ ২৫ খন বিদ্যালয়ত কৰ্মৰত বুলি পোহৰলৈ আহে ৷

সম্প্ৰতি এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি বিদ্যালয় শিক্ষাৰ মহানিৰ্দেশকে উল্লেখ কৰে । আশ্চৰ্য্যজনক কথা যে, উত্তৰ প্ৰদেশৰ প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষকৰ উপস্থিতিৰ "ৰিয়েল টাইম মনিটৰিং" চলি থকাৰ সময়তো শিক্ষয়িত্ৰী অনামিকা শুক্লাই চলাই আছিল এই কাৰ্য । অনামিকা শুক্লাই এবছৰৰো অধিক সময় একেলগে ২৫ খন বিদ্যালয়ত কৰ্মৰত আছিল ।

২৫ খন বিদ্যালয়ত একেলগে কৰ্মৰত শিক্ষয়িত্ৰী অনামিকা শুক্লাই ঘৰত বহিয়েই চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈকে ১৩ মাহত মুঠ ১ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । সম্প্ৰতি এই ঘটনা সন্দৰ্ভত ৬ খন জিলাৰ সৰ্ব শিক্ষা কাৰ্যালয়ত অনামিকা শুক্লাৰ বিষয়ে তথ্য অনুসন্ধান কৰিবলৈ প্ৰাথমিক শিক্ষা বিষয়া আনন্দ প্ৰকাশে নিৰ্দেশ দিয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.