নেশ্যনেল ডেস্ক, 1 অক্টোবৰ : উত্তৰ প্ৰদেশত সম্প্ৰসাৰিত হোৱা 'জংগল ৰাজ'ৰ কোনো অন্ত নাই আৰু এয়াই মুখ্যমন্ত্ৰী জবাবদিহি হোৱাৰ সময় ৷ বৃহস্পতিবাৰে এই মন্তব্য কৰে কংগ্ৰেছ দলে ৷ ৰাজ্য়খনৰ বলৰামপুৰ জিলাত ধৰ্ষণৰ বলি হোৱা এগৰাকী দলিত মহিলাৰ মৃত্যুৰ পাচতে এই মন্তব্য কৰে কংগ্ৰেছ দলে ৷
দিল্লীৰ এখন হাস্পতালত 19 বৰ্ষীয় হাথৰছ ধৰ্ষণ কাণ্ডৰ পীড়িতাৰ মৃত্যুক লৈ ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে পুনৰ প্ৰাণ হেৰুৱালে এগৰাকী 22 বৰ্ষীয় মহিলাই ৷
এই দুই ঘটনাৰ পাচতে বহুসংখ্যক কংগ্ৰেছ নেতাৰ লগতেল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া আগবঢ়ায় ৷
মহিলাৰ ওপৰত হৈ থকা শোষণ আৰু চৰকাৰৰ সন্দেহযুক্ত ভূমিকাৰ বাবে ৰাহুল গান্ধীয়ে কয়, "জীয়াই থকাৰ সময়তো কোনো সন্মান লাভ নকৰা এই মহিলাসকলক মৃত্যুৰ সময়তো মৰ্যদা কাঢ়ি লোৱা হৈছে ৷"
-
UP के जंगलराज में बेटियों पर ज़ुल्म और सरकार की सीनाज़ोरी जारी है।
— Rahul Gandhi (@RahulGandhi) October 1, 2020 " class="align-text-top noRightClick twitterSection" data="
कभी जीते-जी सम्मान नहीं दिया और अंतिम संस्कार की गरिमा भी छीन ली।
भाजपा का नारा ‘बेटी बचाओ’ नहीं, ‘तथ्य छुपाओ, सत्ता बचाओ’ है।#BalrampurHorror
">UP के जंगलराज में बेटियों पर ज़ुल्म और सरकार की सीनाज़ोरी जारी है।
— Rahul Gandhi (@RahulGandhi) October 1, 2020
कभी जीते-जी सम्मान नहीं दिया और अंतिम संस्कार की गरिमा भी छीन ली।
भाजपा का नारा ‘बेटी बचाओ’ नहीं, ‘तथ्य छुपाओ, सत्ता बचाओ’ है।#BalrampurHorrorUP के जंगलराज में बेटियों पर ज़ुल्म और सरकार की सीनाज़ोरी जारी है।
— Rahul Gandhi (@RahulGandhi) October 1, 2020
कभी जीते-जी सम्मान नहीं दिया और अंतिम संस्कार की गरिमा भी छीन ली।
भाजपा का नारा ‘बेटी बचाओ’ नहीं, ‘तथ्य छुपाओ, सत्ता बचाओ’ है।#BalrampurHorror
হিন্দীত প্ৰদান কৰা টুইটত হাথৰছ কাণ্ডৰ পীড়িতাৰ অন্ত্যেষ্টিক্ৰিয়াত পৰিয়ালক উপস্থিত হোৱাত বাধা প্ৰদান কৰাত ক্ষোভ প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ৷
তেওঁ লগতে কয়, "বিজেপিৰ শ্ল'গান 'কন্যা শিশুক সুৰক্ষা' নহয়, আচলতে হৈছে 'প্ৰমাণ লুকুৱাওক আৰু ক্ষমতা ৰক্ষা কৰক' ৷"
উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সচিব ইন-চাৰ্জ প্ৰিয়ংকা গান্ধী বদ্ৰাই কয় যে, হাথৰছৰ দৰে একে কাণ্ড সংঘটিত হৈছে বলৰামপুৰত ৷ মহিলাগৰাকীক ধৰ্ষণ কৰাৰ লগতে ভৰি আৰু পিঠিৰ হাড় ভাঙি পেলোৱা হৈছে ৷
প্ৰিয়ংকা গান্ধীয়ে কয়, "উত্তৰ প্ৰদেশৰ 'জংগল ৰাজ'ৰ কোনো সীমা নাই ৷ উত্তৰ প্ৰদেশত আইন-কানুন নাই ৷ এই সম্পৰ্কত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জবাবদিহি হোৱা উচিত ৷ ৰাইজে উত্তৰ বিচাৰে ৷"
-
हाथरस जैसी वीभत्स घटना बलरामपुर में घटी। लड़की का बलात्कार कर पैर और कमर तोड़ दी गई। आजमगढ़, बागपत, बुलंदशहर में बच्चियों से दरिंदगी हुई।
— Priyanka Gandhi Vadra (@priyankagandhi) October 1, 2020 " class="align-text-top noRightClick twitterSection" data="
यूपी में फैले जंगलराज की हद नहीं। मार्केटिंग, भाषणों से कानून व्यवस्था नहीं चलती। ये मुख्यमंत्री की जवाबदेही का वक्त है। जनता को जवाब चाहिए।
">हाथरस जैसी वीभत्स घटना बलरामपुर में घटी। लड़की का बलात्कार कर पैर और कमर तोड़ दी गई। आजमगढ़, बागपत, बुलंदशहर में बच्चियों से दरिंदगी हुई।
— Priyanka Gandhi Vadra (@priyankagandhi) October 1, 2020
यूपी में फैले जंगलराज की हद नहीं। मार्केटिंग, भाषणों से कानून व्यवस्था नहीं चलती। ये मुख्यमंत्री की जवाबदेही का वक्त है। जनता को जवाब चाहिए।हाथरस जैसी वीभत्स घटना बलरामपुर में घटी। लड़की का बलात्कार कर पैर और कमर तोड़ दी गई। आजमगढ़, बागपत, बुलंदशहर में बच्चियों से दरिंदगी हुई।
— Priyanka Gandhi Vadra (@priyankagandhi) October 1, 2020
यूपी में फैले जंगलराज की हद नहीं। मार्केटिंग, भाषणों से कानून व्यवस्था नहीं चलती। ये मुख्यमंत्री की जवाबदेही का वक्त है। जनता को जवाब चाहिए।
কংগ্ৰেছৰ প্ৰধান মুখপাত্ৰ ৰন্দীপ সূৰ্যৱালাইও কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ৰাজ্যখনত আইন জীয়াই আছে নে নাই বুলি প্ৰশ্ন কৰে ৷
তেওঁ কয়, "এয়া সংবিধানৰ চৰকাৰ নে অপৰাধীৰ চৰকাৰ ৷"
আনহাতে, আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বলৰামপুৰ কাণ্ডৰ দুই অভিযুক্তকে আটক কৰা হৈছে ৷ হাথৰছ কাণ্ডৰ পীড়িতাৰ মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা দিনাই বলৰামপুৰ কাণ্ডৰ পীড়িতাৰো মৃতদেহ সৎকাৰ কৰা হৈছিল ৷
লগতে পঢ়ক : ট্ৰাম্প-বিডেনৰ তৰ্কযুদ্ধৰ অৰাজকতাৰ বাবে সলনি কৰা হ'ব আৰ্হি