নেশ্যনেল ডেস্ক, 20 এপ্ৰিল: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পিতৃৰ মৃত্যুৰ বাতৰি পাইও অব্যাহত ৰাখিলে এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ তেওঁৰ বাসগৃহত হৈ থকা উচ্চস্তৰীয় বৈঠকৰ মাজতে ফোনযোগে তেওঁ পিতৃৰ মৃত্যুৰ বাতৰি লাভ কৰিছিল ৷
সূত্ৰই জানিবলৈ দিয়া অনুসৰি,বৈঠকৰ মাজতে পিতৃৰ মৃত্যুৰ বাতৰি পাইও মুখ্যমন্ত্ৰী গৰাকীক অশান্ত হৈ পৰা প্ৰত্যক্ষ কৰা নহ'ল ৷ পিতৃ আনন্দ সিং বিষ্টৰ দিল্লী এইমছত মৃত্যুৰ বাতৰি পাইও উপস্থিত এজনো লোকক এই বিষয়ে জানিবলৈ দিয়া নাছিল তেওঁ ৷
উল্লেখ্য় যে, ৰাজ্যৰ ক'ৰণা ভাইৰাছৰ সকলো পৰিস্থিতিক নিৰীক্ষণ কৰি থকা মুখ্যমন্ত্ৰী গৰাকীয়ে পিতৃক চিকিৎসালয়ত সাক্ষাতৰ বাবেও দিল্লীত উপস্থিত হোৱা নাছিল ৷ যোৱা মাহত কিডনীৰ সমস্যাৰ বাবে পিতৃ আনন্দ বিষ্টক দিল্লী এইমছত চিকিৎসাধীন কৰা হৈছিল ৷
আদিত্যনাথৰ মৃত্যুৰ পাচতে সকলো ৰাজনৈতিক নেতা আৰু অন্যান্য ব্য়ক্তিয়ে শোকপ্ৰকাশ কৰে ৷ আনহাতে,আদিত্যনাথে জনাই যে,মঙলবাৰে আয়োজন কৰা পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত তেওঁ উপস্থিত নাথাকে ৷
লগতে চাওকঃ শিলচৰত এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা