ETV Bharat / bharat

কানপুৰ এনকাউণ্টাৰৰ ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ

author img

By

Published : Jul 3, 2020, 12:25 PM IST

কানপুৰত ৮ গৰাকী আৰক্ষী জোৱানক গুলীয়াই হত্যা কৰা ঘটনাত শোকপ্ৰকাশ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ। আনহাতে,এই ঘটনা অত্যন্ত দুখঃজনক,লজ্জাজনক তথা দুৰ্ভাগ্যজনক বুলি মন্তব্য বহুজন সমাজ পাৰ্টীৰ প্ৰধান মায়াৱতীৰ।

Kanpur encounter
UP Chief Minister Yogi Adityanath pays tributes to policemen killed in Kanpur encounter

নিউজ ডেস্ক,৩ জুলাইঃ উত্তৰ প্ৰদেশৰ কানপুৰত তালাচী অভিযানত যোৱা ৮ গৰাকী আৰক্ষী জোৱানক গুলিয়াই হত্যা কৰা ঘটনাত গভীৰ শোকপ্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। "নিজৰ কৰ্ম কৰিবলৈ গৈ অপৰাধীৰ গুলীত প্ৰাণ হেৰুওৱা এই শ্বহীদসকলক উত্তৰপ্ৰদেশবাসীয়ে কেতিয়াও নাপাহৰে। তেওঁলোকৰ ত্যাগ কেতিয়াও অথলে যাব দিয়া নহ'ব" বুলি টুইটাৰযোগে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

UP Chief Minister Yogi Adityanath pays tributes to policemen killed in Kanpur encounter
কানপুৰ এনকাউণ্টাৰৰ ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ

কানপুৰৰ ছৌবেপুৰ আৰক্ষী চক্ৰৰ বিক্ৰু গাঁৱত সংঘটিত হয় এই ঘটনা ৷ বিকাশ ডুবে নামৰ এজন অপৰাধী বিক্ৰু গাঁৱত লুকাই থকাৰ সম্ভেদ পাই পুৱতি নিশা 3.30 বজাত প্ৰায় 50 জনীয়া আৰক্ষীৰ দলটো উপস্থিত হৈছিল ৷ ডুবে আৰু তেওঁৰ দলটোৱে এখন জেচিবিৰে পথটো আবদ্ধ কৰি এটা ঘৰৰ ওপৰৰ পৰা আৰক্ষীলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰে ৷ এই ঘটনাত চক্ৰ বিষয়া দেবেন্দ্ৰ কুমাৰ মিশ্ৰ,আৰক্ষী বিষয়া মহেশ যাদৱ,উপ-পৰিদৰ্শক নেবুলাল,আৰক্ষী চকীৰ প্ৰভাৰী অনুপ কুমাৰ,কনিষ্টবল চুলটান সিং,ৰাহুল,জিতেন্দ্ৰ আৰু বাবলু শ্বহীদ হয়।

এই ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান এইছ চি আৱাষ্ঠীয়ে বৰ্তমানেও উক্ত অঞ্চলটোত অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে। লগতে, ৰাজ্যখনৰ বহুজন সমাজ পাৰ্টীৰ প্ৰধান মায়াৱতীয়ে কানপুৰ এনকাউণ্টাৰৰ ঘটনা অত্যন্ত দুখঃজনক, লজ্জাজনক তথা দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে।

লগতে চাওকঃ ধেমাজিৰ গেলুৱা নদীত উদ্ধাৰ গাড়ীসহ দুটা মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.