নিউজ ডেস্ক, 11 নৱেম্বৰ: মহাৰাষ্ট্ৰত অব্যাহত আছে নতুন চৰকাৰ গঠনক কেন্দ্ৰ কৰি ৰাজনৈতিক অচলাৱস্থা ৷ ৰাজ্যখনত বিজেপি আৰু শিৱসেনাৰ মাজত মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি বহুদিনীয়া ক্ষমতাৰ খোৱা-কামোৰাৰ পাছত শেহতীয়াকৈ দুই দলৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল ৷ যাৰ ফলত শেহতীয়াকৈ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ অপাৰগতা প্ৰকাশ কৰাত ৰাজ্যপাল ভগত সিং কছয়াৰীয়ে চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে শিৱসেনাক ৷ কিন্তু এন চি পি আৰু কংগ্ৰেছৰ অবিহনে অকলে চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ শিৱসেনা ৷ তাকে লৈ এতিয়া মিত্ৰতাৰ এক নতুন ৰাজনৈতিক অধ্যায়ৰ সূচনা হৈছে মহাৰাষ্ট্ৰত ৷
বৰ্তমান শিৱসেনাই চৰকাৰ গঠন কৰিবলৈ সহায় বিচাৰিছে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল চমুকৈ এন চি পিৰ ৷ এই মিত্ৰতাৰ প্ৰস্তাৱক কেন্দ্ৰ কৰি তথা চৰকাৰ গঠনৰ সম্ভাৱনাৰ বিষয়ে আলোচনাৰ বাবে সোমবাৰে বিয়লি এন চি পি দলৰ বিধায়কসকলৰ লগত এক জৰুৰী বৈঠকৰ আহব্বান জনাইছে দলৰ মুৰব্বী শাৰদ পাৱাৰে ৷ য'ত উপস্থিত থাকিব প্ৰফুল্ল পেটেল, ছুপ্ৰিয়া চুলে, জয়ন্ত পাটিলৰ দৰে দলটোৰ উচ্চপদস্থ নেতা ৷
ইফালে, শিৱসেনাৰে মিত্ৰতাৰ ক্ষেত্ৰত এন চি পিয়ে দলটোৰ আগত ৰাখিছে কেতবোৰ পূৰ্বস্বত্ব ৷ সাংবাদিকৰে হোৱা এক বাৰ্তালাপত এন চি পিৰ জেষ্ঠ নেতা নৱাব মালিকে কয়, " যদি শিৱসেনাই এন চি পিৰ সমৰ্থন বিচাৰে তেন্তে শিৱসেনাই বিজেপিৰ সৈতে সকলোধৰণৰ সম্পৰ্কৰ অন্ত পেলাব লাগিব লগতে কেন্দ্ৰীয় কেবিনেটত থকা শিৱসেনাৰ মন্ত্ৰীসকলেও নিজ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব"৷
মন কৰিবলগীয়া যে, শেহতীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পাছত এন চি পিৰ হাতত বৰ্তমান 54 জন বিধায়ক থকাৰ বিপৰীতে মিত্ৰদল কংগ্ৰেছৰ হাতত আছে 44 জন বিধায়ক ৷ যদি এই বিধায়কসকলৰ সমৰ্থন শিৱসেনাই লাভ কৰে তেনেহলে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে আৰু এখোজ আগুৱাই যাব ৷ আনহাতে, শিৱসেনাৰে মিত্ৰতাৰ বিষয়ত সোমবাৰে বিয়লি 4 বজাত দিল্লীস্থিত ছোনিয়া গান্ধীৰ বাসভৱনত কংগ্ৰেছৰো অনুষ্ঠিত হ'ব এক গুৰুত্বপূৰ্ণ বৈঠক ৷
উল্লেখযোগ্য যে, এন চি পিৰ ঘোষণাৰ পাছতে দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল গুৰু উদ্যোগ মন্ত্ৰী তথা শিৱসেনা সাংসদ অৰবিন্দ সাৱন্তে ৷ বিজেপিৰে শিৱসেনাৰ মিত্ৰতা ভংগ হোৱাৰ ফলস্বৰূপেই দলৰ নিৰ্দেশত নিজৰ পদ ত্যাগ কৰিছিল সাংসদ গৰাকীয়ে ৷ এতিয়া বিয়লিৰ এন চি পি আৰু কংগ্ৰেছৰ দলীয় বৈঠকৰ পাছতহে গম পোৱা যাব মহাৰাষ্ট্ৰত কোনে গঠন কৰিব চৰকাৰ ৷
আৰু পঢ়ক: 7 দিন, ৰঞ্জন গগৈৰ হাতত বাকী 5 টা গুৰুত্বপূৰ্ণ বিষয়ৰ ৰায়দান