ETV Bharat / bharat

নাৰীজনিত অপৰাধ বৃদ্ধিক লৈ লোকসভাত সৰৱ NCP ৰ সুপ্ৰিয়া সুলে - Haryana

NCP ৰ নেত্ৰী সুপ্ৰিয়া সুলেই লোকসভাত দেশত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ৷ উন্নাও ধৰ্ষণৰ পীড়িত লগতে শেহতীয়াকৈ দেশত ঘটা অন্য নাৰীজনিত  ঘটনাসমূহৰ প্ৰসংগও লোকসভাত উত্থাপন কৰে ৷

নাৰীজনিত অপৰাধ বৃদ্ধিক লৈ লোকসভাত সৰৱ NCP ৰ সুপ্ৰিয়া সুলে
author img

By

Published : Jul 30, 2019, 2:00 PM IST

নিউজ ডেস্ক,30 জুলাই: ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছৰ নেত্ৰী সুপ্ৰিয়া সুলেই সোমবাৰে লোকসভাত উন্নাও বলাৎকাৰ কাণ্ডৰ মূল পীড়িতৰ পথ দুৰ্ঘটনাত পৰিয়ালসহ প্ৰাণ হেৰুওৱা ঘটনা সন্দৰ্ভত তদন্তৰ দাবী কৰে ৷ লোকসভাৰ শূন্যকালত সাংসদগৰাকীয়ে হাৰিয়ানাৰ মানেশ্বৰত কিছুদিন পূৰ্বে এগৰাকী স্কুলীয়া ছাত্ৰীয়ে স্কুল যোৱা সময়ত নিৰাপত্তা বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথাটো উল্লেখ কৰি বৰ্তমান
দেশত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধ আৰু অসুৰক্ষাৰ প্ৰসংগ উত্থাপন কৰে ৷ মোডী চৰকাৰৰ "বেটী বচাও, বেটী পঢ়াও" আচনিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, যে চৰকাৰৰ "বেটী বচাও, বেটী পঢ়াও" কেৱল মাত্ৰ প্ৰচাৰৰ আহিলাহে , বাস্তৱত কিন্তু ইয়াৰ প্ৰতিচ্ছবি ভিন্ন ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.