ETV Bharat / bharat

আজৱ: কেৱল বেকা গছেৰে ভৰা পোলেণ্ডৰ এখন বন

প্ৰকৃতিৰ এক আশ্চৰ্য ৷ পোলেণ্ডৰ উত্তৰ প্ৰান্তত অৱস্থিত গ্ৰিফিনো চহৰৰ এখন বনৰ কথা জানিলে আচৰিত হ'ব আপুনিও ৷ কেৱল বেকা গছেৰেই ভৰা সেই বন ৷ কিন্তু কিয় ?

পোলেণ্ডৰ এখন বন
পোলেণ্ডৰ এখন বন
author img

By

Published : Aug 22, 2020, 8:17 PM IST

নেশ্যনেল ডেস্ক, 22 আগষ্ট: জাৰ্মানীৰ সীমান্ত ৷ পোলেণ্ডৰ উত্তৰ প্ৰান্তত অৱস্থিত গ্ৰিফিনো চহৰ ৷ তাতেই প্ৰকৃতিৰ সেই আশ্চৰ্যকৰ উদাহৰণ আছে ৷ এখন বেকা গছৰ বন বা ক্ৰুকড ফৰেষ্ট ৷ সেই বনত প্ৰৱেশ কৰা পথতে আছে এখন চাইন ব'ৰ্ড ৷ স্থানীয় ভাষাতে লিখা আছে সেই বনৰ আশ্চৰ্যৰ কাহিনী ৷ প্ৰায় 100 ডাল গছ আছে তাত ৷ কিন্তু গছবোৰ শিপাৰ পৰাই বেকা ৷ সেই গছবোৰৰ উচ্চতা প্ৰায় 50 ফুটৰ আশে-পাশে ৷ সেই বনৰ সৈতে জড়িত হৈ আছে বহু ইতিহাস ৷ প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈ জাৰ্মানীৰ বহু ইতিহাসৰ সাক্ষী সেই বন ৷

1930 চন ৷ প্ৰথম বিশ্বযুদ্ধৰ কেঁচা ঘা টুকুৰা তেতিয়াও শুকোৱা নাছিল ৷ সেই সময়তে ৰোপন কৰা হৈছিল গছবোৰ ৷ কিন্তু কিয় এনেদৰেই গছবোৰ বৃদ্ধি হয় ? সেই সম্পৰ্কতো আছে অগণন মত ৷ কোনো হাইপ'থেচিছৰ দাবী, গছবোৰ ৰোপন কৰাৰ পাচতেই হৈছিল প্ৰৱল তুষাৰপাত ৷ যাৰবাবে গছবোৰ স্বাভাভিক আকাৰত বৃদ্ধি হ'ব নোৱাৰে ৷ বহু বিশেষজ্ঞৰ মতে আকৌ, যিখিনি মাটিত সেই গছবোৰ বৃদ্ধি হৈছে, সেই মাটিত আছে তীব্ৰ মহাকৰ্ষণ শক্তি ৷ সেই বাবেই গছবোৰৰ আকাৰ তেনে ধৰণৰ ৷ আনহাতে বহু লোকে কয়, স্থানীয় কৃষক সকলে প্ৰয়োজনীয় কাঠৰ বাবে গছসমূহক এনে আকাৰ প্ৰদান কৰে ৷ সেই কাঠেৰে নিৰ্মাণ কৰা হয় ভিন্ন আচবাব অথবা নাও ৷ গছবোৰ পুনৰ স্বাভাৱিক আকাৰত বৃদ্ধি পালে হয় যদিও, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেই প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয় ৷

গছক বিশ্বৰ ভিন্ন প্ৰান্তত দিয়া হয় কিছুমান নিৰ্দিষ্ট আকাৰ ৷ কেলিফ'ৰ্নিয়াৰ "ট্ৰি ছাৰ্কাচ" বিশ্ব বিখ্যাত ৷ পৰ্যটকৰ বাবেও "ট্ৰি ছাৰ্কাচ" আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ কিন্তু ক্ৰুকড ফৰেষ্ট বা এই বেকা গছৰ বনৰ কথা আজিও অজান ৷ আজিও ৰহস্যৰ আঁৰত এই বন ৷

লগতে পঢ়ক: আজৱ: 450 যোৰ যমজ সন্তানেৰে ভৰা ভাৰতৰ গাঁওখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.