ETV Bharat / bharat

আজৱ: কেৱল আনাৰসেই নহয়, আনাৰসেও খাই আপোনাক - PINEAPPLE

আপুনি জানেনে ? আপুনি যেতিয়া আনাৰস খায়, আনাৰসেও খাই আপোনাক ৷ কিন্তু কেনেদৰে ? জানিবলৈ চাওক এই প্ৰতিবেদন...

আনাৰসেও খাই আপোনাক
আনাৰসেও খাই আপোনাক
author img

By

Published : Aug 17, 2020, 9:31 AM IST

নেশ্যনেল ডেস্ক, 17 আগষ্ট: আনাৰস খাই বেয়া পোৱা মানুহৰ সংখ্যা হয়তো খুব কমেই ওলাব ৷ প্ৰায় সকলোৰে প্ৰিয় ফলৰ তালিকাত আনাৰসেও পাই আহিছে স্থান ৷ কিন্তু আপুনি যেতিয়া আনাৰস খায়, আনাৰসেও খাই আপোনাক ৷ আপুনি জানেনে ? আনাৰসেও মানুহ খায় ! কিন্তু কেনেদৰে ?

আনাৰসৰ সোৱাদৰ বিষয়ে আমি সকলোৱে অৱগত ৷ মিঠা-টেঙা সোৱাদেৰে ভৰপূৰ এই ফল ৷ আনাৰসত থাকে প্ৰচুৰ পৰিমাণৰ ভিটামিন চি ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধনৰ ক্ষেত্ৰতো আনাৰসে সহায় কৰে ৷ কিন্তু আনাৰস খোৱাৰ সময়ত আমি যেতিয়া তাৰ টেঙা-মিঠা সোৱাদ পাও তাৰ সমান্তৰালকৈ, কিবা এটা যেন অদ্ভুত অনুভূতি হয় আমাৰ মুখৰ ভিতৰত ৷ পানী খাই বা মুখ ধুলেও যেন কোনোবাখিনিত ৰৈ যায় তাৰ অনুভৱ ৷ ইয়াৰ পৰাই আৰম্ভ হয় কাহিনী ৷ সেই সময়ত আনাৰসে আমাৰ জিভা আৰু ওঁঠৰ অংশ খাবলৈ আৰম্ভ কৰে ৷

কিন্তু কিয় হয় এনে ? আনাৰসৰত ব্ৰোমেলাইন নামৰ এবিধ এনজাইম থাকে ৷ যাৰ বাবে আনাৰস খালে আমি তেনে এক অনুভূতি অনুভৱ কৰো ৷ দাঁত আৰু জিভাৰ সংস্পৰ্শত অহা ব্ৰোমেলাইনে প্ৰ'টিন ভাঙি দিয়ে ৷ তেতিয়াই মুখৰ ভিতৰত আমি তেনে অনুভৱ কৰো ৷ ব্ৰোমেলাইন ইমানেই শক্তিশালী যে, মাংস নৰম কৰাৰ বাবেও ব্যৱহাৰ কৰা হয় এনজাইম ৷ অৱশ্যে ই মানুহৰ বাবে ক্ষতিকাৰক নহয় ৷

লগতে পঢ়ক: আজৱ: ঘৰত সাপ পোহা এবিধ প্ৰাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.