ETV Bharat / bharat

উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ 7 গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী পদক

author img

By

Published : Aug 13, 2020, 6:22 PM IST

উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ 7 গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰৰ 'Excellence in Investigation Medal' ঘোষণা ৷ ভাৰতৰ মুঠ 121 জন আৰক্ষী বিষয়াক প্ৰদান কৰা হ'ব 2020 বৰ্ষৰ বাবে এই বিশেষ পদক ৷

Union HOme Minister's Medal for Excellence in Investigation
উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ 7 গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী পদক

নিউজ ডেস্ক,13 আগষ্টঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিলে 'Excellence in Investigation Medal' ৷ ভাৰতৰ মুঠ 121 জন আৰক্ষী বিষয়াক প্ৰদান কৰা হ'ব 2020 বৰ্ষৰ বাবে এই বিশেষ পদক ৷ ইয়াৰে 7 গৰাকী আৰক্ষী বিষয়া উত্তৰ পূৰ্বাঞ্চলৰ ৷ 4 গৰাকী অসম আৰক্ষী বিষয়াই লাভ কৰিছে এই বিশেষ সন্মান ৷ 'Excellence in Investigation Medal' লাভ কৰা অসম আৰক্ষী বিষয়া কেইগৰাকী হ'ল, উপ মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী (DIG,Assam), আৰক্ষী অধীক্ষক ৰ'জী কলিতা (SP), পৰিদৰ্শক ৰুষ্টম ৰাজ ব্ৰহ্ম (Inspector),পৰিদৰ্শক অভিষেক বড়ো ( Inspector) ৷

ইয়াৰ লগতে অৰুণাচলৰ প্ৰদেশৰ আৰক্ষী বিষয়া গিলয়াং লালী(Inspector), মেঘালয়ৰ আৰক্ষী বিষয়া হান্দাকাৰুহি পি.লাইটান (Sub Inspector), ত্ৰিপুৰাৰ আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি দেৱবৰ্মাই (Sub Inspector) এই বিশেষ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, আৰক্ষী বিষয়াসকলক এই বিশেষ বঁটা প্ৰদান কৰা হ'ব আগন্তুক স্বাধীনতা দিৱসৰ দিনটোত ৷ এইখিনিতে উল্লেখনীয় যে, এই 'Excellence in Investigation Medal' প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল 2018 বৰ্ষত ৷

লগতে চাওকঃবলীউডৰ 'হাৱা হাৱাই'ৰ জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.