ETV Bharat / bharat

সোণোৱালক ফোন কৰি বান পৰিস্থিতিৰ বুজ ল'লে অমিত শ্বাহে - Assam Flood

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত ফোনযোগে বুজ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

সোণোৱালক ফোন কৰি বান পৰিস্থিতিৰ বুজ ল'লে অমিত শ্বাহে

author img

By

Published : Jun 28, 2020, 9:03 PM IST

গুৱাহাটী, 28 জুন : ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বাৰ্তালাপত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বুজ লয় । এনে বিপদৰ সময়ত ৰাজ্যখনলৈ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু বুলিও গৃহ মন্ত্ৰীগৰাকীয়ে সোণোৱালক জানিবলৈ দিয়ে ।

আনহাতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি গৃহমন্ত্ৰীগৰাকীক জানিবলৈ দি সোণোৱালে ইতিমধ্যে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও তেওঁক অৱগত কৰে । বিশেষকৈ আশ্ৰয় শিবিৰসমূহত পৰ্যাপ্ত খাদ্য আৰু চিকিৎসা সামগ্ৰীৰ ব্যৱস্থা কৰাৰ লগতে সকলো আশ্ৰয় শিবিৰতে যাতে কোভিড-19ৰ নিয়মাৱলী মানি চলা হয় তাৰ বাবেও নিৰ্দেশ দিয়া হৈছে বুলি সোণোৱালে জানিবলৈ দিয়ে । এন ডি আৰ এফ আৰু এছ ডি আৰ এফক উদ্ধাৰ আৰু সাহাৰ্য অভিযানত ইতিমধ্যে নিয়োগ কৰা হৈছে বুলিও তেওঁ গৃহমন্ত্ৰীক অৱগত কৰায় ।

  • Thank you Shri @AmitShah ji on behalf of the people of Assam. With your support and guidance, we will surely overcome every challenge that we are facing at this moment. https://t.co/Arkd2AHqgq

    — Sarbananda Sonowal (@sarbanandsonwal) June 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

চলিত বানত ৰাজ্যত 18 জন লোকৰ মৃত্যু হোৱাৰ লগতে বানৰ কৱলত পৰিছে 20 খন জিলাৰ প্ৰায় 4.6 লক্ষাধিক লোক ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰে এই তথ্য ৷ বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি বানত দেওবাৰ পৰ্যন্ত জলমগ্ন হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, নলবাৰী, বৰপেটা, কোকৰাঝাৰ, গোৱালপাৰা, দৰং, বঙাইগাঁও, দক্ষিণ শালমাৰ, ধুবুৰী মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলি, শিৱসাগৰ, ডিব্ৰুগড়ৰ, তিনিচুকীয়াৰ 74 টা ৰাজহ চক্ৰৰ 1,696 খন গাঁও ৷ বানৰ কৱলত পৰি ঘৰ দুৱাৰ হেৰুৱাই আশ্ৰয়হীন হৈছে 5,65,000 জন লোক ৷ বানত আশ্ৰয়হীন হোৱা লোকক সাহাৰ্য প্ৰদানৰ কাৰণে প্ৰশাসনে 109 টা সাহাৰ্য শিবিৰ স্থাপন কৰিছে আৰু আজি পুৱা পৰ্যন্ত প্ৰায় 21,416 জনে শিবিৰত আশ্ৰয় লৈছে ৷ একেদৰে ৰাজ্যৰ প্ৰায় 74 টা ৰাজহ চক্ৰৰ 72,665.48 হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিছে ৷

লগতে পঢ়কঃ ৰাজ্যত বানত ক্ষতিগ্ৰস্ত 20 খন জিলাৰ প্ৰায় 4.6 লক্ষাধিক লোক: মৃত্যু 18 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.