ETV Bharat / bharat

কৰ'ণা ৰোগীক ENT অস্ত্ৰোপচাৰৰ পৰামৰ্শ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ - অতি জৰুৰীকালীন অৱস্থাত কৰ'ণা ৰোগীক ENT অস্ত্ৰোপচাৰৰ পৰামৰ্শ প্ৰদান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ

COVId 19 ৰোগীৰ ENT অস্ত্ৰোপচাৰ অতি উচ্চ বিপদ সৰবৰাহ প্ৰক্ৰিয়া ৷ সেয়ে অতি জৰুৰীকালীন পৰিস্থিতিত হে কৰ'ণা ৰোগীসকলক উল্লেখিত অপাৰেশ্যন থিয়েটাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ENTৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কেবাটাও পৰামৰ্শৱলী প্ৰদান কৰে ৷

Undertake ENT operations for COVID-19 patients only in emergency cases: Health Ministry
অতি জৰুৰীকালীন অৱস্থাত কৰ'ণা ৰোগীক ENT অস্ত্ৰোপচাৰৰ পৰামৰ্শ প্ৰদান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ
author img

By

Published : Jun 4, 2020, 3:47 PM IST

নিউজ ডেস্ক, 4 জুনঃ কৰ'ণা ৰোগীৰ চিকিৎসা সন্দৰ্ভত বুধবাৰে আন এক সতৰ্কবাণী প্ৰদান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৷ কেৱল অতি জৰুৰীকালীন অৱস্থাত কৰ'ণা ৰোগী সকলক ENT অস্ত্ৰোপচাৰ কৰাবলৈ পৰামৰ্শ প্ৰদান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৷ COVId 19 ৰোগীৰ ENT অস্ত্ৰোপচাৰ অতি উচ্চ বিপদ সৰবৰাহ প্ৰক্ৰিয়া ৷ সেয়ে অতি জৰুৰীকালীন পৰিস্থিতিত হে কৰ'ণা ৰোগীসকলক উল্লেখিত অপাৰেশ্যন থিয়েটাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ENTৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কেবাটাও পৰামৰ্শৱলী প্ৰদান কৰে ৷

কৰ'ণাত আক্ৰান্ত হোৱাৰ পূৰ্বে কোনো লোকৰ যদি ENT অস্ত্ৰোপ্ৰচাৰ থাকে তেন্তে বিশেষ বিভাগটোৰ চিকিৎসকগৰাকীয়ে এই অস্ত্ৰোপ্ৰচাৰ 14 দিনলৈ স্থগিত ৰাখিব পাৰে অথবা COVID ৰোগীসকলৰ বাবে ৰখা বিশেষ অস্ত্ৰোপ্ৰচাৰ কক্ষত অস্ত্ৰোপ্ৰচাৰ কৰিব পাৰে বুলি স্বাস্থ্য মন্ত্ৰণালয়ে পৰামৰ্শৱলীত উল্লেখ কৰে ৷ কাণ, নাক আৰু ডিঙি অতি উচ্চ বিপদসংকুল সেয়ে ENT বিভাগৰ চিকিৎসক,নাৰ্ছ,সহায়ক,কৰ্মচাৰীসকললৈ কৰ'ণা সংক্ৰমণ কম কৰাৰ উদ্দেশ্য এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ স্বাস্থ্য মন্ত্ৰণালয়ে এই ক্ষেত্ৰত tele-consultationক প্ৰাধান্য দিয়াৰ লগতে ৰোগীসকল ENT OPDত প্ৰৱেশ কৰাৰ পূৰ্বে স্ক্ৰিণিং কৰোৱাৰ পৰামৰ্শ দিয়ে ৷

লগতে পঢ়কঃ জৰ্জ ফ্লোয়েডৰ মৃত্যু: প্ৰতিবাদত কঁপিল লজ এঞ্জেলছৰ চিটী হল

COVID 19 (ENT আৰু প্ৰশ্বাসজণিত ) লক্ষণে দেখা দিয়া লোকসকলক ENT OPDৰ পৰিৱৰ্তে আছুতীয়াকৈ COVID-19ৰ স্ক্ৰিণিং ক্লিনিকত চিকিৎসা প্ৰদান কৰাৰ কথা স্বাস্থ্য মন্ত্ৰণালয়ে পৰামৰ্শৱলীত উল্লেখ কৰে ৷ ইয়াৰোপৰি ENT OPD সমূহ ভালদৰে ভেন্টিলেটৰ কৰাৰ লগতে চিকিৎসকসকলক PPE কিট, N95 মাস্ক,গাউন,গ্ল'ভছ আদি প্ৰদান কৰাৰ কথা পৰামৰ্শৱলীত উল্লেখ কৰে ৷ নিয়মীয়া OPDত endoscopy কৰাটো বৰ্জন কৰিব লাগে ৷

লগতে পঢ়কঃ কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

ENT,মষ্টিষ্ক,ডিঙিৰ চাৰ্জাৰী ৱাৰ্ডৰ ক্ষেত্ৰত বনোৱা নিয়মাৱলীসমূহৰ উদ্দেশ্য কেৱল অন্য ৰোগীক কৰ'ণামুক্ত কৰি ৰখা ৷ এই ৱাৰ্ডসমূহত প্ৰৱেশৰ পূৰ্বে প্ৰতিজন ৰোগীৰ স্ক্ৰিণিং কৰাৰ লগতে পজিটিভ ওলালে তেওঁলোকক শীঘ্ৰেই স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিব লাগে ৷ কৰ'ণা ৰোগীসকলক অন্য ৱাৰ্ডত ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷ ৱাৰ্ডসমূহত সকলো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা যেনে,ছেনিটাইজৰ,মাস্কৰ লগতে বাৰে বাৰে হাত ধোৱাৰ ব্যৱস্থা কৰিব লাগে ৷ ইয়াৰোপৰি ৰোগীসকলক সাক্ষাতৰ বাবে অহা লোকসকলক অনুমতি প্ৰদান নকৰাৰ লগতে দুই মিটাৰৰ দূৰত্ব মানি চলাটো অনিবাৰ্য বুলি পৰামৰ্শৱলীত উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ High aerosol-generating ৰোগীসকলৰ বাবে পৃথক স্থানত ৱাৰ্ডৰ ব্যৱস্থা কৰিব লাগে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.