ETV Bharat / bharat

চতুৰ্থ বাৰলৈ জামিন নাকচ নিৰৱ মোডীৰ

author img

By

Published : Jun 12, 2019, 3:52 PM IST

Updated : Jun 12, 2019, 4:52 PM IST

The UK High Court on Wednesday denied bail to diamond merchant Nirav Modi.

নিৰৱ মোডী

2019-06-12 15:19:41

লণ্ডনৰ জেলতে কটাব লাগিব দিন

ETV BHARAT ASSAM
চতুৰ্থ বাৰলৈ জামিন নাকচ নিৰৱ মোডীৰ

নিউজ ডেস্ক, ১২ জুন : বুধবাৰে লণ্ডন উচ্চ ন্যায়ালয়ে পঞ্জাৱ নেশ্যনেল বেংক কেলেংকাৰীৰ সৈতে জড়িত হীৰা ব্যৱসায়ী নিৰৱ মোডীৰ জামিন নাকচ কৰিলে । চতুৰ্থ বাৰৰ বাবে জামিন নামঞ্জুৰ হোৱাৰ পাছত নিৰৱ মোডীয়ে লণ্ডনৰ জেলতে দিন কটাব লগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে । উল্লেখ্য যে, যোৱা ১৯ মাৰ্চত বেংক একাউন্ট খুলিবলৈ যোৱাৰ সময়ত লণ্ডনত গ্ৰেপ্তাৰ কৰা হৈছিল নিৰৱ মোডীক আৰু তেতিয়াৰে পৰা তেওঁ জেলত আছে ।

নিৰৱ মোডীৰ বিৰুদ্ধে পঞ্জাৱ নেশ্যনেল বেংকৰ কিছু কৰ্মচাৰীৰ সৈতে লগ লাগি প্ৰায় ১৩,০০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ আছে । এই কু-কাণ্ড সংঘটিত কৰিয়েই প্ৰায় ১৫ মাহ পূৰ্বে ভাৰতৰ পৰা পলায়ন কৰিছিল নিৰৱ মোডীয়ে । এই বৃহৎ কেলেংকাৰীৰ পাছতে পঞ্জাৱ নেশ্যনেল বেংক আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল ।

ZCZC
URG ECO GEN INT
.LONDON FGN16
NEWSALERT-UK-NIRAV MODI
UK High Court denies bail to diamond merchant Nirav Modi. PTI AK ZH AKJ
ZH
ZH
06121457
NNNN
Last Updated : Jun 12, 2019, 4:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.