ETV Bharat / bharat

দেশৰ 24 খন বিশ্ববিদ্যালয়ক ভুৱা ঘোষণা বিশ্ববিদ্যালয় অনুদান আয়োগৰ - ইউজিচিৰ সচিব ৰাজনীশ জৈন

সমগ্ৰ দেশত চলি থকা 24খন বিশ্ববিদ্যালয়ক ভুৱা বুলি ঘোষণা কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে ৷ ইয়াৰ ভিতৰত সৰ্বাধিকসংখ্যক উত্তৰ প্ৰদেশৰ হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত সৰ্বনিম্নসংখ্যক বিশ্ববিদ্যালয় আছে ৷

বিশ্ববিদ্যালয়ক ভুৱা ঘোষণা বিশ্ববিদ্যালয় অনুদান আয়োগৰ

author img

By

Published : Oct 8, 2020, 1:55 PM IST

নিউজ ডেস্ক, 8 অক্টোবৰ : বিশ্ববিদ্য়ালয় অনুদান আয়োগে দেশৰ 24 খন বিশ্ববিদ্যালয়ক ভুৱা বুলি ঘোষণা কৰিছে ৷ স্বয়ংচালিত আৰু অস্বীকৃতিপ্ৰাপ্ত এইসমূহ বিশ্ববিদ্যালয়ক ভুৱা বুলি আখ্যা দিয়াৰ লগতে এইসমূহ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে ইউজিচি ৷

ইউজিচিৰ সচিব ৰাজনীশ জৈনে এই কথা প্ৰকাশ কৰিছে ৷ শিক্ষাৰ্থী তথা অভিভাৱকসকলক এনেকুৱা ভুৱা প্ৰতিষ্ঠানৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে সচিব গৰাকীয়ে ৷ এই 24 খন বিশ্ববিদ্যালয় ইউজিচি আইনৰ অধীনত প্ৰতিষ্ঠা নকৰাৰ লগতে নীতি বৰ্হিভূতভাৱে চলাই থকাৰ অভিযোগ উত্থাপন কৰে সচিবগৰাকীয়ে ৷

ইউজিচিয়ে ঘোষণা কৰা এইসমূহ ভুৱা বিশ্ববিদ্যালয়ৰ ভিতৰত আঠখন আছে উত্তৰ প্ৰদেশত, দিল্লীত সাতখন, উৰিষ্যা আৰু পশ্চিমবংগত আছে দুখনকৈ ভুৱা বিশ্ববিদ্যালয় ৷ কৰ্নাটক, কেৰালা, মহাৰাষ্ট্ৰ, পণ্ডিচেৰী আৰু মহাৰাষ্ট্ৰত এখনকৈ আছে ৷ অৱশ্যে শিক্ষাৰ্থীসকলৰ স্বাৰ্থত আয়োগে এই বিশ্ববিদ্যালয়সমূহ নাম ৰাজহুৱা কৰা নাই যদিও অতিশীঘ্ৰেই বিশ্ববিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ভাৰত-ভূটান সীমান্তত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.