নেশ্যনেল ডেস্ক, 22 নৱেম্বৰ: এন চি পিৰ নেতা শাৰদ পাৱাৰে শুকুৰবাৰে মন্তব্য কৰে যে,উদ্ধৱ থাকৰেৰ নেতৃত্বত গঠন হ'ব মহাৰাষ্ট্ৰৰ চৰকাৰ ৷ আনহাতে,শনিবাৰেও শিৱসেনা-কংগ্ৰেছ-এন চি পিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে পাৱাৰে ৷ চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ সৈতে আলোচনা কৰাৰ দিন শনিবাৰৰ দিনাই ধায্য কৰা হ'ব বুলি জানিবলৈ দিয়ে এন চি পিৰ নেতাগৰাকীয়ে ৷
উল্লেখ্য যে,শুকুৰবাৰে মহাৰাষ্ট্ৰত চৰকাৰ গঠন সম্পৰ্কত আয়োজন কৰা শিৱসেনা-কংগ্ৰেছ-এন চি পিৰ গুৰুত্বপূৰ্ণ বৈঠক বিয়লি 7 বজাত সমাপ্ত হয় ৷ এই বৈঠকৰ বিষয়ে প্ৰশ্ন কৰাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে,শিৱসেনা-কংগ্ৰেছ-এন চি পিৰ মিত্ৰজোঁট সুবিধাবাদী ৷ এই মিত্ৰজোঁটে কোনো কাৰণতে এখন সুস্থিৰ চৰকাৰ গঠন কৰিব নোৱাৰে ৷
-
NCP Chief Sharad Pawar: Uddhav Thackeray's name for CM was also discussed in the meeting, more talks will continue tomorrow https://t.co/fGi2AuLsvj
— ANI (@ANI) November 22, 2019 " class="align-text-top noRightClick twitterSection" data="
">NCP Chief Sharad Pawar: Uddhav Thackeray's name for CM was also discussed in the meeting, more talks will continue tomorrow https://t.co/fGi2AuLsvj
— ANI (@ANI) November 22, 2019NCP Chief Sharad Pawar: Uddhav Thackeray's name for CM was also discussed in the meeting, more talks will continue tomorrow https://t.co/fGi2AuLsvj
— ANI (@ANI) November 22, 2019
আৰু পঢ়ক : লোকসভা :পঞ্চম দিনাৰ কাৰ্যসূচী