নিউজ ডেস্ক, 10 ফেব্ৰুৱাৰী : মধ্যপ্ৰদেশৰ পান্না জিলাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী শিক্ষাৰ্থী ৷ সোমবাৰে দিনৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় শিক্ষাৰ্থীকে ধৰি অন্যান্য 21 গৰাকী লোক ৷ জিলাখনৰ বৃদপুৰ থানাৰ অন্তৰ্গত ৰমখিৰিয়া গাঁৱৰ সমীপত পাহাড়ীখেৰাৰ পৰা পান্নালৈ আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাগ্ৰস্থ হোৱা অম্বে ট্ৰেভেলছ নামৰ সংস্থাটোৰ বাছখনত অধিকাংশই স্কুলীয়া শিক্ষাৰ্থী আছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আহতসকলক স্থানীয় পান্না জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
দুৰ্ঘটনাটোৰ ফলত ৰাম ভৰোসে আৰু লক্ষ্মন যাদৱ নামৰ দুগৰাকী শিক্ষাৰ্থী নিহত হয় ৷ ঘটনাস্থলীত জিলা প্ৰশাসনৰ দল উপস্থিত হৈ উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷ পান্না জিলাৰ মুখ্য স্বাস্থ্য বিষয়াই প্ৰকাশ কৰা অনুসৰি, আঘাতপ্ৰাপ্তসকলক আগন্তুক 24 ঘন্টা চিকিৎসালয়ৰ নিৰীক্ষণত ৰখা হ'ব বুলি প্ৰকাশ কৰে বিষয়াগৰাকীয়ে ৷