নেশ্যনেল ডেস্ক, 17 জুলাই : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দুগৰাকীকৈ সুৰক্ষা কৰ্মী বৃহস্পতিবাৰে কৰ’ণাত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত হোৱা দুয়োগৰাকী সুৰক্ষা কৰ্মী Provincial Armed Constabularyৰ (PAC)ৰ অন্তৰ্গত আৰু দুয়োগৰাকীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাসগৃহত সুৰক্ষা কৰ্মত নিয়োজিত আছিল ৷ অচিৰেই মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহ চেনিটাইজ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
ইয়াৰ পূৰ্বেও উত্তৰ প্ৰদেশ চৰকাৰৰ 5 গৰাকী মন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ দেহত ধৰা পৰিছে কৰ’ণাৰ উপস্থিতি ৷
ইফালে বিগত 24 ঘণ্টাৰ ভিতৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নতুনকৈ 308 টা কৰ’ণা সংক্ৰমণৰ ঘটনা পোৱা গৈছে আৰু 45 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ৷ সম্প্ৰতি ৰাজ্যখনত কৰ’ণাত আক্ৰান্তৰ সংখ্যা মুঠ 43,441 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে 25,700 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে ৷
লগতে পঢ়ক : নিযুক্তি কেলেংকাৰী : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন কুমাৰ বাঞ্চালক জেৰা ইডিৰ