ETV Bharat / bharat

জম্মু কাশ্মীৰত গুলীয়াগুলিত নিহত তিনি সন্ত্ৰাসবাদী - গুলীয়াগুলি

জম্মু কাশ্মীৰৰ কুলগামত শুকুৰবাৰে পুৱা ভাৰতীয় সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় গুলীয়াগুলিৰ ঘটনা ৷ এই সংঘৰ্ষত তিনি অচিনাক্ত সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আহত হয় দুই নিৰাপত্তাৰক্ষী ৷

Jammu & Kashmir encounter
জম্মু কাশ্মীৰত গুলীয়াগুলি
author img

By

Published : Jul 17, 2020, 8:49 AM IST

Updated : Jul 17, 2020, 10:26 AM IST

নেশ্যনেল ডেস্ক, 17 জুলাই : জম্মু কাশ্মীৰৰ কুলগাম জিলাত নগ্নাড-চীম্মাৰ এলেকাত শুকুৰবাৰে পুৱা ভাৰতীয় সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলিত নিহত হয় দুই নিৰাপত্তাৰক্ষী জোৱানৰ ৷ ইয়াৰোপৰি, তিনি অজ্ঞাত সন্ত্ৰাসবাদী নিহত হয় ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বন্দুকসহ গোলা-বাৰুদ আৰু যুদ্ধ সামগ্ৰী উদ্ধাৰ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পিছতে জিলাখনৰ ভিন্ন প্ৰান্তত আৰক্ষী আৰু সুৰক্ষা বাহিনী নিয়োজিত হৈ আছে ৷ এই ঘটনাত লৈ তদন্ত অব্যাহত ৰখা হ’ব বুলি কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ইয়াৰ পূৰ্বে, 13 জুলাইত অনন্তনাগ জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত দুই অজ্ঞাত সন্ত্ৰাসবাদী নিহত হয় ৷ নিৰাপত্তা বাহিনীয়ে অনন্তনাগ জিলাৰ শ্ৰীগফৱাৰা এলেকাত পুৱাৰ ভাগত এক ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ কৰে ৷

ইয়াৰোপৰি, যোৱা 12 জুলাইত উত্তৰ কাশ্মীৰৰ বাৰামূলা জিলাৰ চোপোৰৰ গুলচন আবাদ ৰেবান গাঁৱত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলিত তিনিজন সন্ত্ৰাসবাদী নিহত হয় ৷

সূত্ৰই সদৰি কৰা অনুসৰি, সেনাৰ 22 RR, SOG Sopore আৰু CRPFৰ 179 BN, 177 BN, 92 BTN, Baramulla QRT আৰু আৰক্ষীক বাধা দিয়াৰ পিছতে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘাত হয় ৷

যোৱা 11 জুলাইত জম্মু কাশ্মীৰৰ নৌগাম ক্ষেত্ৰৰ সেনাই নিয়ন্ত্ৰণ ৰেখাত কৰা গুলীয়াগুলিত দুই সন্ত্ৰাসবাদী নিহত হয় ৷ এই সংঘৰ্ষত দুটা AK-47 ৰাইফলসহ গোলা-বাৰুদ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : এয়াৰ বাবলছ চুক্তিৰ অধীনত আজিৰে পৰা আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা

Last Updated : Jul 17, 2020, 10:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.