ETV Bharat / bharat

ৰে'ল আৰু ট্ৰাকত সন্তান প্ৰসৱ দুগৰাকী প্ৰৱাসী মহিলা শ্ৰমিকৰ

দেশত বৰ্তমানেও অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লক্ ডাউন । লক্ ডাউনৰ ফলতেই বহু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ আলাই-আথানি অৱস্থা । লক্ ডাউনৰ মাজত নিজ গৃহভূমিলৈ উভতি যোৱাৰ পথত ৰে'ল আৰু ট্ৰাকত সন্তান প্ৰসৱ দুগৰাকী দুৰ্ভগীয়া মাতৃৰ ।

author img

By

Published : May 16, 2020, 1:18 PM IST

Two migrant women deliver babies in truck and train

নিউজ ডেস্ক, ১৬ মে': দীৰ্ঘদিন ধৰি লক্ ডাউনত আৱদ্ধ হৈ থকাৰ পাচত গৃহভূমিলৈ প্ৰত্যাৱৰ্তনৰ সময়তে আধা বাটটেই সন্তান প্ৰৱস দুই প্ৰৱাসী মহিলা শ্ৰমিকৰ । গৃহ ভূমিলৈ যাত্ৰা কৰা সময়তে ট্ৰাক আৰু ৰে'লত পৃথকে-পৃথকে সন্তান জন্ম দুই মহিলাৰ । শুকুৰবাৰে নিজ গৃহভূমি উত্তৰ প্ৰদেশলৈ যাত্ৰা কৰা সময়তে ট্ৰাকত সন্তান প্ৰসৱ কৰে এগৰাকী মহিলাই । মুম্বাইৰ পৰা উত্তৰ প্ৰদেশলৈ উভতি অহাৰ সময়তে মধ্যপ্ৰদেশৰ বিআওৰা টাউনৰ সন্মুখত ট্ৰাকতে এটি সুস্থ সন্তান জন্ম দিয়ে মহিলা প্ৰৱাসী শ্ৰমকিগৰাকীয়ে । বস্তি জিলাৰ চন্ত কবিৰ নগৰৰ নিৱাসী ৩০ বছৰীয়া কৌশল্য়া আৰু তেওঁৰ স্বামী মনোজ কুমাৰ ট্ৰাকেৰে মুম্বাইৰ পৰা উত্তৰ প্ৰদেশলৈ আহি আছিল ।

ইন্দোৰত ট্ৰাকেৰে নমাই দিয়াৰ পাচতেই সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে । পিচত ততাতৈয়াকৈ ট্ৰাক চালক জনে নৱজাতক আৰু মহিলাগৰাকীক এখন চিভিল চিকিৎসালয়ত ভৰ্তি কৰায় ।

স্বাস্থ্য় বিভাগৰ পৰা জানিবলৈ দিয়া মতে, বৰ্তমানে মহিলাগৰাকীক ৰাজগড়লৈ কৰ'ণা ভাইৰাছৰ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ।

আনহাতে এনে এক অনুৰূপ ঘটনা সংঘটিত হয় আৱদ্ধ কৃত শ্ৰমিকৰ বাবে প্ৰদান কৰা শ্ৰমিক বিশেষ ৰে'লত । গাজিপুৰ, বিক্ৰমপুৰ নিৱাসী ৰেখাই উচ্চাৰাৰ সন্মুখত চলন্ত ৰে'লতেই এটি সন্তান প্ৰৱস কৰে । স্বামীৰ সৈতে ঔৰাংগাবাদৰ পৰা উত্তৰ প্ৰদেশলৈ আহিছিল মহিলাগৰাকী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.