ETV Bharat / bharat

COVID-19 : বিদেশত মৃত্যু দুই ভাৰতীয়ৰ - COVID-19 ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে দুই ভাৰতীয়ই

COVID-19 ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে দুই ভাৰতীয়ই ৷ মুঠ 276 জন ভাৰতীয় বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত COVID-19 ত আক্ৰান্ত হৈছে ৷

COVID-19
বিদেশত মৃত্যু দুই ভাৰতীয়ৰ
author img

By

Published : Mar 23, 2020, 11:21 PM IST

নেশ্যনেল ডেস্ক, 23 মাৰ্চ : ন'বেল কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ বিদেশত প্ৰাণ হেৰুৱালে দুই ভাৰতীয়ই ৷ চৰকাৰী তথ্য অনুসৰি, ইৰান, ইজিপ্ত আৰু ছুইডেনত তিনিজন ভাৰতীয় কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ৷ তামিলনাডুৰ যুৱকজনে ছুইডেনতে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পাৰি আত্মহত্যা কৰে ৷

আনহাতে, লাডাখৰ 61 বৰ্ষীয় এজন লোকৰ ইৰানত মৃত্যু হোৱাৰ লগতে 45 বৰ্ষীয় এজন ভাৰতীয়ৰ ইজিপ্তত মৃত্যু হয় ৷

উল্লেখ্য যে, প্ৰায় 276 জন ভাৰতীয় বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত COVID-19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰে অধিক সংখ্যক লোক ইৰানত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

যোৱা সপ্তাহত লোকসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰণালয়ে কয় যে, 255 জন ভাৰতীয় ইৰানত, 12 জন আৰৱ, 5 জন ইটালী আৰু এজনকৈ লোক হংকং, কুৱেইট, ৰাৱাণ্ডা আৰু শ্ৰীলংকাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এই ব্যক্তিসকলে সেই ৰাষ্ট্ৰসমূহতে বৰ্তমান চিকিৎসাধীন হৈ আছে ৷

উল্লেখ্য যে, ভাৰতীয় চৰকাৰে ইতিমধ্যে সকলো আন্তৰাষ্ট্ৰীয় বিমানত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

আৰু পঢ়ক : কৰ'ণাতংক : মহানগৰীত অধিক মূল্যত বিক্ৰী মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.