ETV Bharat / bharat

পাকিস্তানৰ বাহাৱলপুৰত ধৃত দুই ভাৰতীয় নাগৰিক

author img

By

Published : Nov 19, 2019, 4:15 PM IST

পাকিস্তানৰ বাহাৱলপুৰত দেশখনৰ আৰক্ষীয়ে আটক কৰে দুগৰাকী ভাৰতীয় নাগৰিকক ৷ ইটিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি, হায়দৰাবাদৰ প্ৰশান্ত বৈদ্যম আৰু মধ্যপ্ৰদেশৰ ৱাৰি লালক বিগত 14 নৱেম্বৰতে গ্ৰেপ্তাৰ কৰে পাকিস্তানৰ পঞ্জাৱ আৰক্ষীয়ে ৷

পাকিস্তানৰ বাহাৱলপুৰত ধৃত দুই ভাৰতীয় নাগৰিক

নেশ্বনেল ডেস্ক, 19 নৱেম্বৰঃ পাকিস্তানৰ পঞ্জাৱ আৰক্ষীয়ে বিগত 14 নৱেম্বৰত আটক কৰে দুগৰাকী ভাৰতীয় নাগৰিকক ৷ ইটিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি, পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে দুয়োগৰাকী ভাৰতীয় নাগৰিকক ৷ দুয়োগৰাকী নাগৰিক হায়দৰাবাদৰ প্ৰশান্ত বৈদ্যম আৰু মধ্যপ্ৰদেশৰ ৱাৰি লাল বুলি জানিব পৰা গৈছে ৷

পাকিস্তানত ধৃত ভাৰতীয় নাগৰিক নিউজ
দুই ভাৰতীয় নাগৰিক দুগৰাকী

কোনো বৈধ নথি-পত্ৰ অবিহনে পাকিস্তানত প্ৰৱেশ কৰিবলৈ লোৱা অৱস্থাতে দুয়োগৰাকী ভাৰতীয়ক আটক কৰে দেশখনৰ আৰক্ষীয়ে ৷ পাকিস্তান আইন 1952ৰ ধাৰা 334-4 ৰ অধীনত ইতিমধ্যে দুয়োগৰাকীকে বিদেশী বুলি ঘোষণা কৰি আটক কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা কোনোধৰণৰ তথ্য এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই ৷

পাকিস্তানত ধৃত ভাৰতীয় নাগৰিক নিউজ
ETV Bharat অসমৰ হাতত আহি পৰা এজাহাৰৰ প্ৰতিলিপি

উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত পাকিস্তানৰ পঞ্জাৱৰ পৰা স্থানীয় আৰক্ষীয়ে এগৰাকী ভাৰতীয় চোৰাংচোৱা আটক কৰা বুলি দাবী কৰিছিল ৷ পঞ্জাৱৰ ডেৰা ঘাজী খান চহৰৰ পৰা আটক হোৱা ভাৰতীয় চোৰাংচোৱা, ৰাজু লক্ষ্মনক বালোচিস্তানত প্ৰৱেশৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানৰ আৰক্ষীয়ে ৷

Intro:Body:

পাকিস্তানৰ বাহাৱলপুৰত ধৃত দুই ভাৰতীয় নাগৰিক 

পাকিস্তানৰ বাহাৱলপুৰত দেশখনৰ আৰক্ষীয়ে আটক কৰে দুগৰাকী ভাৰতীয় নাগৰিকক ৷ ইটিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি, হায়দৰাবাদৰ প্ৰশান্ত বৈদ্যম আৰু মধ্যপ্ৰদেশৰ ৱাৰি লালক বিগত 14 নৱেম্বৰতে গ্ৰেপ্তাৰ কৰে পাকিস্তানৰ পঞ্জাৱ আৰক্ষীয়ে ৷ 

নেশ্বনেল ডেস্ক, 19 নৱেম্বৰঃ পাকিস্তানৰ পঞ্জাৱ আৰক্ষীয়ে বিগত 14 নৱেম্বৰত আটক কৰে দুগৰাকী ভাৰতীয় নাগৰিকক ৷ ইটিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি, পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰৰ পৰা আৰক্ষীয়ে আটক কৰে দুয়োগৰাকী ভাৰতীয় নাগৰিকক ৷ দুয়োগৰাকী নাগৰিক হায়দৰাবাদৰ প্ৰশান্ত বৈদ্যম আৰু মধ্যপ্ৰদেশৰ ৱাৰি লাল বুলি জানিব পৰা গৈছে ৷ 

কোনো বৈধ নথি-পত্ৰ অবিহনে পাকিস্তানত প্ৰৱেশ কৰিবলৈ লোৱা অৱস্থাতে দুয়োগৰাকী ভাৰতীয়ক আটক কৰে দেশখনৰ আৰক্ষীয়ে ৷ পাকিস্তান আইন 1952ৰ ধাৰা 334-4 ৰ অধীনত ইতিমধ্যে দুয়োগৰাকীকে বিদেশী বুলি ঘোষণা কৰি আটক কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা কোনোধৰণৰ তথ্য এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই ৷ 

উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত পাকিস্তানৰ পঞ্জাৱৰ পৰা স্থানীয় আৰক্ষীয়ে এগৰাকী ভাৰতীয় চোৰাংচোৱা আটক কৰা বুলি দাবী কৰিছিল ৷ পঞ্জাৱৰ ডেৰা ঘাজী খান চহৰৰ পৰা আটক হোৱা ভাৰতীয় চোৰাংচোৱা, ৰাজু লক্ষ্মনক বালোচিস্তানত প্ৰৱেশৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানৰ আৰক্ষীয়ে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.