ETV Bharat / bharat

ৰাহুল গান্ধীক 'টুইটাৰ গান্ধী' আখ্যা লংকা দিনাকৰৰ

author img

By

Published : Sep 25, 2020, 11:40 AM IST

ৰাহুল গান্ধীক 'টুইটাৰ গান্ধী' আখ্যা লংকা দিনাকৰৰ ৷ ইচ্ছাকৃতভাৱে সংসদৰ অধিৱেশনত অনুপস্থিত থাকি বিদেশত অৱসৰ বিনোদন কৰিছে বুলি ৰাহুল গান্ধীক সমালোচনা দিনাকৰৰ ৷

ৰাহুল গান্ধীক সমালোচনা লংকা দিনাকৰৰ
ৰাহুল গান্ধীক 'টুইটাৰ গান্ধী' আখ্যা লংকা দিনাকৰৰ

নেশ্যনেল ডেস্ক, 25 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে বিজেপি নেতা লংকা দিনাকৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰে ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত ৰাহুল গান্ধী অনুপস্থিত থকা বাবে সমালোচনা আগবঢ়াই দিনাকৰে ৷ বিদেশত অৱসৰ বিনোদন কৰি থকা বুলি মন্তব্য কৰাৰ লগতে ৰাহুল 'টুইটাৰ গান্ধী' হৈ পৰিছে বুলি মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে ৷

দিনাকৰে এক বিবৃতিত কয়, "ৰাহুল গান্ধী টুইটাৰ গান্ধী হৈ পৰিছে আৰু বিদেশত অৱসৰ বিনোদন কৰি থকা বাবে তেওঁক সংসদৰ অধিৱেশনত দেখা পোৱা নগ'ল ৷ তেওঁ এজন দায়িত্বহীন সাংসদ কিয়নো তেওঁ তথ্য-প্ৰমাণ নোহোৱাকৈ যিকোনো মন্তব্য কৰে ৷"

দিনাকৰে কয়,"তেওঁ ইচ্ছাকৃতভাৱে বৰ্ষাকালীন অধিৱেশনত অনুপস্থিত আছে ৷ এতিয়া তেওঁ কৃষকসকলৰ বাবে মাত মাতি টুইট কৰিছে ৷ কৃষকৰ উপকাৰৰ বাবেহে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ বিধেয়কত অনুমোদন জনাইছে ৷ কিন্তু সঠিক অধ্যয়নৰ অবিহনে চৰকাৰক সমালোচনা আগবঢ়োৱাত তেওঁ অভিজ্ঞ হৈ পৰিছে ৷"

লগতে পঢ়ক : ভাৰত বন্ধ : জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.