ETV Bharat / bharat

কোভিড-১৯ : আমেৰিকান নেভীৰ পিছত ইণ্ডিয়ান নেভীত কৰ'ণাৰ আক্ৰমণ

author img

By

Published : Apr 18, 2020, 12:09 PM IST

আমেৰিকাৰ নৌ-সেনাৰ ২৫০০ বিষয়া-জোৱান কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিচত এইবাৰ ভাৰতীয় নৌ-সেনাত কৰ্মৰত বিষয়া-জোৱান আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ।

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ শেহতীয়াকৈ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰণা ভাইৰাছক লৈ এইবাৰ বিপদত পৰিছে ভাৰতীয় নৌ-সেনা । বিগত কিছুদিন পূৰ্বে আমেৰিকান নৌ-সেনাৰ USS Theodore Roosevelt জাহাজৰ প্ৰায় ২৫০০ বিষয়া-জোৱান এই ভাইৰাছৰ কৱলত পৰিছিল । ইতিমধ্যে ভাৰতীয়-নৌসেনাতো এই ঘটনা সংঘটিত হৈছে । নৌ-সেনাৰ শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে । প্ৰথম অৱস্থাত ২১ গৰাকী নাবিকৰ দেহত এই ভাইৰাছ ধৰা পৰিছিল যদিও শেহতীয়াকৈ এই সংখ্যা ২৬ গৰাকীলৈ বৃদ্ধি পাইছে আৰু লগতে এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে নৌ-সেনাই ।

মুম্বাইস্থিত ভাৰতীয়-নৌসেনাৰ INS Angreত কৰ্মৰত হৈ থকা ২৬ গৰাকী বিষয়া-জোৱান কৰ'ণা ভাইৰাছ আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে নৌ-সেনাৰ কাৰ্যালয়ে । নৌ-সেনাৰ Western Naval Commandৰ অধীনস্থ INS Angre হৈছে এটা logistics and support চাউনী । উল্লেখ্য যে, এই চাউনীত থকা এগৰাকী নাবিকৰ দেহত ৭ এপ্ৰিলত ধৰা পৰিছিল কৰ'ণা ভাইৰাছ । পৰৱৰ্তী সময়ত নাবিকজনক মুম্বাইস্থিত নৌ-সেনাৰ চিকিৎসালয়ত ৰখা হৈছিল । কিন্তু একেটা চাউনীতে থকাৰ ফলত লগতে সংস্পৰ্শলৈ অহাৰ বাবে আন ২৫ গৰাকী নাবিকৰ দেহটো এই ভাইৰাছ সংক্ৰমিত হয় । শুকুৰবাৰে নাবিককেইজনৰ তেজৰ নমুনাৰ ফলাফলত মাৰাত্মক কৰ'ণা ভাইৰাছৰ উপস্থিতিৰ বিষয়ে নিশ্চিত হয় নৌ-সেনা ।

  • A total of 21 serving personnel of #IndianNavy have been tested positive for #Coronavirus within naval premises at #Mumbai, sources in Defence Ministry said on Saturday.

    "This number includes 20 sailors of Indian Naval Ship Angre, a shore establishment at Mumbai," source said. pic.twitter.com/DqyYDnh1j3

    — IANS Tweets (@ians_india) April 18, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই ঘটনাৰ পিচতে সমগ্ৰ চাউনীটো বন্ধ কৰি দিয়াৰ লগতে তাত থকা নৌ-সেনাসকলক আছুতীয়াকৈ নিৰীক্ষণত ৰখা হৈছে । নৌ-সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সাগৰত থকা জাহাজ, ছাবমেৰিন তথা নৌ-সেনাৰ চাউনীত এতিয়ালৈকে এই ভাইৰাছ সংক্ৰমণ হোৱা নাই । উল্লেখ্য যে, দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত । কোভিড-১৯ নিয়ন্ত্ৰণত চূড়ান্তৰূপে ব্যৰ্থ হৈছে মহাৰাষ্ট্ৰ চৰকাৰ । লকডাউনৰ নীতি-নিয়মকে ধৰি সামাজিক দুৰত্ব অথবা সজাগতামুলক ব্যৱস্থা, ইয়াৰ কোনোৱে গুৰুতৰভাৱে গ্ৰহণ কৰা নাই মহাৰাষ্ট্ৰ চৰকাৰে । এনে অৱস্থাত সাগৰ পাৰত অৱস্থিত থকা নৌ-সেনাৰ Western Naval Commandৰ প্ৰতিও এই ভাইৰাছে অধিক ভাবুকি কঢ়িয়াই অনাটো নিশ্চিত হৈ পৰিছে । শেহতীয়াকৈ নৌ-সেনাত সংঘটিত এই ঘটনাই ইয়াৰ সকলো দিশ স্পষ্ট কৰি তুলিছে ।

লগতে পঢ়কঃ নিহত সন্ত্ৰাসবাদীৰ শৱদেহ সৎকাৰৰ বাবে নিদিলে পৰিয়ালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.