এম্বেচেদৰ বিষ্ণু প্ৰকাশ
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ নেতৃত্বাধীন লিবাৰেল পাৰ্টীয়ে যোৱা 21 অক্টোবৰত হোৱা নিৰ্বাচনত সংসদীয় গৰিষ্ঠতা হেৰুৱাব বুলি যথেষ্ট আশা কৰা হৈছিল ৷ নিৰ্বাচনী ফলাফলে প্ৰাক-নিৰ্বাচনী জৰীপকে সঁচা বুলি প্ৰমাণ কৰিছিল ৷ শাসনাধীন লিবাৰেল দলে একক সংখ্যাগৰিষ্ঠতাৰ 20 খন আসন কম অৰ্থাৎ 338 খনৰ ভিতৰত 157খন আসন লাভ কৰিছে ৷ প্ৰধান বিৰোধী কনজাৰ্ভেটিভ দলে লিবাৰেল দলতকৈ অধিকসংখ্যক ভোট লাভ কৰিলেও মাত্ৰ 121 খন আসনহে লাভ কৰিবলৈ সক্ষম হয় ৷ এই পৰিস্থিতিত 24খন আসন লাভ কৰা নেচনেল ডেম'ক্ৰেটিক পাৰ্টী নামৰ বাঁওপন্থী দলটোৰ নেতৃত্বত থকা এজন ইণ্ডো-কানাডিয়ান কিং মেকাৰৰ আবিৰ্ভাৱ হ'ব বুলি কিছুমানে ধাৰণা কৰিছিল ৷ এইক্ষেত্ৰত নতুন দিল্লী উল্লাসিত হোৱাৰ থল আছিল কিন্তু এনডিপিৰ নেতৃত্বত থকা জগমীত সিং এজন সৰৱ খালিস্তানী সহানুভূতিশীল আৰু ভাৰত বিৰোধী ব্যক্তি ৷ বহিৰাগত সমৰ্থনৰ ক্ষেত্ৰত আসন্ন সংখ্যালঘু ট্ৰুডো চৰকাৰ এনডিপি বা ব্লক কিউবোকইচ (তৃতীয় বৃহত্তম দল)ৰ ওপৰত নিৰ্ভৰশীল ৷ ই ভাৰত আৰু কানাডাৰ সম্পৰ্ক উন্নত কৰাত উৎসাহী নহয় ৷ যদিও দুখন দেশ স্বাভাৱিকভাৱে ঘনিষ্ঠ হোৱাৰ প্ৰয়োজন আছিল, যুক্তিযুক্তভাৱে সেই দেশ দুখন হৈছে - ভাৰত আৰু কানাডা ৷ কিয়নো এই দুয়োখন দেশৰ মাজৰ সমন্বয় বা সাধাৰণ উপাদানবোৰ অতি আকৰ্ষণীয়- বহুজাতিৰ সমাহাৰ, সংস্কৃতিৰ সমাহাৰ, শক্তিশালী গণতন্ত্ৰ, ইংৰাজী ভাষাৰ ব্যৱহাৰ, আইন শাসনৰ অনুসৰণ, প্ৰৱাসী বন্ধন, পৰিপূৰক অৰ্থনীতি আৰু শিক্ষাগত যোগসূত্ৰ ইত্যাদি কেতবোৰ উমৈহতীয়া বৈশিষ্ট্য ৷ স্বল্প সময়ৰ বাবে বন্ধুত্বপূৰ্ণ হোৱাৰ বাদে ভাৰত আৰু কানাডাৰ সম্পৰ্ক মধুৰ নাছিল ৷ শুনিবলৈ আচহুৱা হ'লেও সত্য যে 42 বছৰৰ পাচত 2015 চনৰ এপ্ৰিল মাহত নৰেন্দ্ৰ মোডীয়েই কানাডা ভ্ৰমণকাৰী প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী আছিল ৷ 2010 চনত সকলো ফালৰ পৰা সফল হোৱা দ্বিপাক্ষিক অসামৰিক পাৰমাণৱিক সহযোগিতা চুক্তিৰ শ্ৰমসাধ্য সমাপ্তিৰ ফলস্বৰূপে মোডীৰ এই যাত্ৰা সফল হৈছিল ৷ পোন প্ৰথমবাৰৰ বাবে কনজাৰভেটিভ দলৰ নেতৃত্বত থকা কানাডা চৰকাৰৰ প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰে ভাৰতৰ সৈতে অখণ্ডতা আৰু একতা বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিছিল ৷ দুখন দেশৰ মাজত সম্পৰ্কটোত নতুন বাট মুকলি হোৱা পৰিলক্ষিত হৈছিল ৷
2015 চনত সাধাৰণ নিৰ্বাচনত যুৱ আৰু উদ্যমী নেতা জাষ্টিন ট্ৰুডোক প্ৰধানমন্ত্ৰীৰূপে কানাডাৰ জনতাই নিৰ্বাচন কৰে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ট্ৰুডোক অভিনন্দন জনাই ভাৰত ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছিল ৷ কিন্তু নতুনকৈ জনপ্ৰিয় হোৱা জাষ্টিন ট্ৰুডোই নিজৰ চৰকাৰ আৰু দলৰ মাজত থকা খালিস্তানী উপাদানসমূহৰ কথা গম পাইছিল, গতিকে পোনচাটেই ভাৰত সম্পৰ্কত সিদ্ধান্ত লোৱা নাছিল ৷ কানাডাৰ শিখসকলে ট্ৰুডোক "জাষ্টিন সিং" বুলি সম্বোধন কৰিছিল ৷ খালিস্তানী উপাদানে নিয়ন্ত্ৰণ কৰি থকা শিখ ভোট বেংক ট্ৰুডোই সম্পূৰ্ণৰূপে দখল কৰি লৈছিল ৷ তেওঁলোকে কানাডাৰ প্ৰতিপত্তিশালী গুৰুদ্বাৰসমূহৰ প্ৰশাসনিক আৰু আৰ্থিক নিয়ন্ত্ৰণ দখল কৰিছে ৷ শিখসকলে তেওঁলোকৰ বন্ধুত্বপূৰ্ণ ৰাজনৈতিক নেতাক প্ৰচাৰ আৰু প্ৰসাৰতো সহায় কৰি আহিছে ৷ ঐতিহাসিকভাৱেই শিখসকলে লিবাৰেল পাৰ্টীৰ সপক্ষেই বুজন পৰিমাণে ভোটদান কৰি আহিছে ৷ সত্তৰ আৰু আশীৰ দশকত খালিস্তানী বিদ্ৰোহৰ সময়ত জাষ্টিন ট্ৰুডোৰ পিতৃ পিয়েৰ ট্ৰুডোই বাহিৰৰ অনুপ্ৰৱেশকাৰীৰ বাবে দুৱাৰ মুকলি কৰি দিছিল ৷ এইখিনি সময়তে বৃহৎ পৰিমাণৰ শিখলোকে কানাডাত প্ৰৱেশ কৰিছিল ৷ বিংশ শতিকাৰ প্ৰথম ভাগতো কানাডালৈ শিখসকলৰ অনুপ্ৰৱেশ ঘটিছিল ৷ বৰ্তমান কানাডাত থকা ইণ্ডো-কানাডিয়ান জনসংখ্যা 1.5 মিলিয়ন হৈছে ৷ যিটো সংখ্যা কানাডাৰ জনসংখ্যাৰ 4 শতাংশ ৷ ইয়াৰে 1 মিলিয়ন হিন্দু আৰু 50000 শিখ সম্প্ৰদায়ৰ ৷ হিন্দুসকল গোটেই কানাডাজুৰি ব্যাপ্ত হৈ আছে ৷ হিন্দুসকলে মেধাৰ ভিত্তিত ভোটদান কৰে বুলিও চৰ্চা কৰা হয় ৷ শিখসকলে মিছিছাউগা, ব্ৰেম্পটন, ছাৰে, কেলগেৰি আদি অঞ্চলত অধিক বসবাস কৰি আছে ৷ এওঁলোকে 8 টাৰ পৰা 10 টা সমষ্টিৰ নিৰ্বাচন প্ৰভাৱিত কৰে ৷ বৰ্তমান কানাডাৰ সংসদত 18 গৰাকী শিখ সাংসদ আছে,যিটো ভাৰতত মাত্ৰ 13 জন ৷ ইফালে, কানাডাত পঞ্জাৱী ভাষাটো চতুৰ্থ বৃহত্তম কথিত ভাষা হিচাপে পৰিগণিত হৈছে ৷
2018 চনত কানাডাত প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ আগত সন্ত্ৰাসবাদ সম্পৰ্কে প্ৰথম প্ৰতিবেদন প্ৰকাশ হয় ৷ প্ৰতিবেদনখনত কানাডাৰ কিছু ব্যক্তিয়ে খালিস্তানী চৰমপন্থাক সমৰ্থন কৰি আহিছে বুলি উল্লেখ কৰা হয় ৷ ইয়াৰ পাচতে কানাডাৰ চৰকাৰক শিখসকলে প্ৰতিবাদ কৰি উগ্ৰপন্থাৰ সম্পৰ্কে থকা সকলো উল্লেখ আঁতৰাবলৈ বাধ্য কৰায় 2019 চনৰ এপ্ৰিলত ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰেন্দ্ৰ সিঙে শিখ উগ্ৰবাদক অপসাৰণ কৰাটো ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবেও এক ভাবুকি বুলি কয় ৷ তেওঁ কানাডাৰ চৰকাৰক জুইৰ সৈতে খেলা কৰা বুলিও কৈছিল ৷ কানাডাৰ নতুন কেবিনেট ঘোষণা কৰিবলৈ কিছু সময় লোৱা হৈছে, কিয়নো এনডিপি আৰু ব্লক কিউবোকইচৰ সৈতে বাহিৰা সমৰ্থনৰ হেতু আলোচনা চলি আছে ৷ এতিয়ালৈকে চাৰিজন শিখ কেবিনেট মন্ত্ৰীয়ে শপত লোৱাটো স্থিৰ হৈ পৰিছে ৷ এনে এখন সংখ্যালঘু চৰকাৰ চাৰিবছৰ টিকিবনে নিটিকে,সেয়া এক অন্য বিষয় ৷
কানাডাৰ চোৰাংচোৱা বিভাগে এক গোপন প্ৰতিবেদন প্ৰকাশ কৰি কৈছিল - চীন আৰু ভাৰতৰ চৰকাৰে 21 অক্টোবৰৰ নিৰ্বাচনক প্ৰভান্বিত কৰিবলৈ প্ৰৱাসীসকলৰ সৈতে কাম কৰি আছে ৷ এইক্ষেত্ৰত যদিওবা কোনো ধৰণৰ প্ৰমাণ বা যুক্তিপূৰ্ণ তথ্য ৰাজহুৱা কৰা হোৱা নাছিল ৷ এই কথাই দুখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ গতিক সূচাইছে ৷ সংক্ষেপতে ক'বলৈ হ'লে, বৰ্তমানৰ পৰিস্থিতিত কানাডাৰ আনুষ্ঠানিক ব্যস্ততা কম হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে জনসম্পৰ্ক বৃদ্ধি বা আৰ্থিক বিনিময় অব্যাহত থকা উচিত ৷