নিউজ ডেস্ক, 29 জানুৱাৰীঃ উত্তৰ-পূৱত বিদ্ৰোহী বিৰোধী অভিযান, সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু আভ্যন্তৰীন সুৰক্ষা ব্যৱস্থাত নিয়োজিত থকা সেনাৰ অতিৰিক্ত বাহিনী শীঘ্ৰেই কৰ্তন কৰা হ'ব ৷ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ পিচতেই এইদৰে অসম তথা উত্তৰ-পূৱৰ পৰা সেনা কৰ্তন কৰা হ'ব বুলি প্ৰকাশ কৰিছে দেশৰ স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে ৷ ইতিমধ্যেই দায়িত্বত নিয়োজিত হৈ থকা সেনাৰ দুটাকৈ বেটালিয়ন উত্তৰ-পূৱৰ পৰা কৰ্তন কৰা হৈছে বুলি জনায় স্থলসেনা প্ৰধানগৰাকীয়ে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত স্থলসেনা প্ৰধানগৰাকীয়ে কয় যে, "ইতিমধ্যে দুটাকৈ বেটালিয়ন কৰ্তন কৰা হৈছে ৷ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিচতেই অধিক বাহিনী কৰ্তন কৰা হ'ব ৷ আগন্তুক দুইৰ পৰা আঢ়ৈ বছৰৰ ভিতৰত বিদ্ৰোহ-বিৰোধী অভিযানৰ পৰিৱৰ্তে আমি পৰম্পৰাগত যুদ্ধনীতিৰ ওপৰত সম্পূৰ্ণৰূপে গুৰুত্ব প্ৰদান কৰিম ৷" জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত স্থলসেনাপ্ৰধানগৰাকীয়ে, অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচতেই সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি অধিক উন্নত হোৱা বুলি সদৰী কৰে ৷