ETV Bharat / bharat

আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট বন্ধ কৰাৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

author img

By

Published : Mar 23, 2020, 8:19 AM IST

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰে দেওবাৰে ‘আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট’ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ত্ৰিপুৰাৰ প্ৰধান গৃহ সচিব বৰুণ কুমাৰ চাহুৱে এক জাননীযোগে কয় যে,মহামাৰী ৰোগ আইন 1897ৰ অধীনত দেওবাৰৰ পৰা ‘আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট’ অহা 31 মাৰ্চলৈকে বন্ধ কৰা হ’ব ৷

Tripura shuts border post with Bangladesh
আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট বন্ধ কৰাৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

নেশ্যনেল ডেক্স,23 মাৰ্চঃ বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰবাসী লোকসকলৰ ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰৰ এক বিশেষ সিদ্ধান্ত ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰে দেওবাৰে ‘আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট’ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ত্ৰিপুৰাৰ প্ৰধান গৃহ সচিব বৰুণ কুমাৰ চাহুৱে এক জাননীযোগে কয় যে,মহামাৰী ৰোগ আইন 1897ৰ অধীনত দেওবাৰৰ পৰা ‘আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট’ অহা 31 মাৰ্চলৈকে বন্ধ কৰা হ’ব ৷ 18 মাৰ্চ পৰ্যন্ত বাংলাদেশৰ পৰা ত্ৰিপুৰাত প্ৰৱেশ কৰা ভাৰতীয় লোকৰ সংখ্যা কেইবাগুণ বৃদ্ধি পাইছে বুলি জনায় প্ৰধান গৃহ সচিব গৰাকীয়ে ৷

প্ৰতিদিনে গড়ে 120 গৰাকী ভাৰতীয় লোক বাংলাদেশৰ পৰা ত্ৰিপুৰাত প্ৰৱেশ কৰে ৷ কিন্তু 20 আৰু 21 মাৰ্চত 802 গৰাকী ভাৰতীয় বাংলাদেশৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে ৷ ত্ৰিপুৰাত উপস্থিত হোৱাৰ পিছত লোকসকল আগৰতলা বিমানবন্দৰৰ পৰা বিভিন্ন ৰাজ্যসমূহলৈ ভ্ৰমণ কৰে ৷ উল্লেখ্য যে,অধিক সংখ্যক প্ৰবাসী লোকে দেশত উপস্থিত হ’বলৈ বাংলাদেশৰ পথ গ্ৰহণ কৰে ৷ বাংলাদেশে এইপৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা সমূহ অব্যাহত ৰখাৰ বাবে বহু ভাৰতীয় লোকে বাংলাদেশত বিশেষকৈ ঢাকাত অৱতৰণ কৰি ত্ৰিপুৰালৈকে পথেৰে ভ্ৰমণ কৰে ৷

প্ৰধান গৃহ সচিব বৰুণ কুমাৰ চাহুৱে আৰু জানিবলৈ দিয়ে যে,বাংলাদেশৰ মাজেৰে ত্ৰিপুৰাত প্ৰৱেশ কৰা 10-15 গৰাকী লোকক কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে ৷ আটাইকেইগৰাকীকে ইতিমধ্যে পৃথককৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ বিগত শনিবাৰে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰি কয় যে,‘মই প্ৰধান সচিবক বাংলাদেশ সীমান্ত বন্ধ কৰি দিয়া সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে মিলিত হৈ সিদ্ধান্ত গ্ৰহণৰ বাবে আদেশ প্ৰদান কৰিছো ৷‘

লগতে পঢ়ক-চুকমা এনকাউন্টাৰ : লৈ অনা হ'ল শ্বহীদ জোৱানৰ নিথৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.