আগৰতলা, 29 এপ্ৰিলঃ ত্ৰিপুৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে হেনো নিজৰ পত্নী নিতী দেৱ'ক শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলায় । আনকি বিষয়টো লৈ বিপ্লৱ দেৱ'ৰ পত্নীয়ে হেনো আইনৰ কাষ চাপিছে ।
এনে এক উৰা বাতৰিয়ে যোৱা কিছুদিন ধৰি ত্ৰিপুৰা ৰাজ্যত খলকনীৰ সৃষ্টি কৰিছিল । এই উৰা বাতৰি বিয়পোৱাৰ অভিযোগত এইবাৰ ৰঙাঘৰৰ আলহী হ’ল এগৰাকী সংবাদকর্মী । আৱাজ ত্ৰিপুৰা নামৰ কেবল নিউজ চেনেলৰ সাংবাদিক চৌকত তলাপত্ৰক জেৰা চলায় আৰক্ষীয়ে ৷ মাৰাথন জেৰা চলোৱাৰ পিচতেই আটক কৰা হয় সাংবাদিকজনক ।
লগতে পঢ়কঃ যৌতুকৰ নামত শিৱসাগৰত বোৱাৰী নিৰ্যাতন
ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰকাশ কৰাৰ অভিযোগত সাংবাদিকগৰাকীক সোমবাৰে আদালতত হাজিৰ কৰা হয় ৷ আদালতলৈ নিয়াৰ সময়তে বহু লোকে কণী নিক্ষেপ কৰি আক্ৰমণ কৰে সাংবাদিকগৰাকীক ৷