নিউজ ডেস্ক,14 মাৰ্চ : মৰণ ফান্দৰূপী বিদ্যুৎ বিভাগৰ এটা উন্মুক্ত ট্ৰান্সফৰ্মাৰ ৷ যিকোনো মুহূৰ্ততে বিপদ সংঘটিত কৰিব পাৰে ট্ৰান্সফৰ্মাৰটোৱে৷ ইতিমধ্যেই এই উন্মুক্ত ট্ৰান্সফৰ্মাৰটোৱে প্ৰাণ লৈছে বহুতো জীৱকুলৰ৷
আমিনগাঁৱৰ কালিবাৰীত পথৰ দাঁতিতে থকা উন্মুক্ত ট্ৰান্সফৰ্মাৰটোৱে শংকিত কৰি তুলিছে স্থানীয় ৰাইজক৷ 11 হাজাৰ মেগাৱাট শক্তি সম্পন্ন এই বিদ্যুৎ পৰিবাহী ট্ৰান্সফৰ্মাৰটোত বেৰা দিবলৈ বাৰে বাৰে শক্তি বিভাগক আবেদন-নিবেদন কৰাৰ পাচতো গা লৰা নাই আমিগাঁৱৰ বিদ্যুৎ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে আমিনগাঁওবাসী৷