ETV Bharat / bharat

বিহাৰত লাইনচ্যুত ট্ৰেইন : ৰেলৱে'ৰ তদন্তৰ নিৰ্দেশ

বিহাৰত ট্ৰেইন লাইনচ্যুত হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ ৷ জ্যেষ্ঠ প্ৰশাসনিক গ্ৰেড বিষয়া পৰ্যায়ক প্ৰদান কৰা হৈছে তদন্তৰ দায়িত্ব ৷

ৰেলৱে'ৰ তদন্তৰ নিৰ্দেশ
বিহাৰত লাইনচ্যুত ট্ৰেইন
author img

By

Published : Oct 21, 2020, 7:41 AM IST

নেশ্যনেল ডেস্ক, 21 অক্টোবৰ : এক জ্যেষ্ঠ প্ৰশাসনিক গ্ৰেড বিষয়া পৰ্যায়ক প্ৰদান কৰা হৈছে বিহাৰত ৰেল লাইনচ্যুত হোৱা ঘটনাৰ তদন্তৰ দায়িত্ব ৷ উল্লেখ্য যে, মঙলবাৰে গোৰখপুৰ-কলকাতা অভিমুখী বিশেষ ট্ৰেইনখনৰ দুটা দবা লাইনচ্যুত হৈছিল ৷ চিলৌত ষ্টেচন অতিক্ৰম কৰাৰ পাচতে ট্ৰেইনখনৰ দ্বিতীয় এচি কোচ, A2, আৰু স্লীপাৰ ক্লাচ কোচ, S-5 লাইনচ্যুত হৈছিল ৷

মুজফ্ফৰপুৰৰ পৰা 13 কিল'মিটাৰ দূৰৈত সংঘটিত হোৱা এই ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিয়ে ৰেলৱে' বিভাগে ৷ পূৱ কেন্দ্ৰীয় ৰেলৱে'ৰ মুজফ্ফৰপুৰ-সমষ্টিপুৰ শাখাত সংঘটিত হৈছিল এই ঘটনা ৷

এই ঘটনাৰ পাচতে সকলো যাত্ৰীকে ট্ৰেইনখনৰ আগভাগলৈ স্থানান্তৰিত কৰা হৈছিল আৰু সমষ্টিপুৰত নতুন দবা সংযোজন কৰা হৈছিল ৷ ইয়াৰ পাচতে নিশা 9.25 বজাত ট্ৰেইনখনে কলকাতা অভিমুখে ৰাওনা হয় ৷

লগতে পঢ়ক : বিপথগামী চীনা সৈন্যক শীঘ্ৰেই ভাৰতক ঘূৰাই দিয়াৰ আহ্বান চীনা কৰ্তৃপক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.