আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আদৰিবলৈ ভাৰতবৰ্ষ সাজু হৈছে । ২৪ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে ডনাল্ড ট্ৰাম্প ভাৰতলৈ আহিব । এই ভ্ৰমণৰ ফলত দেশ দুখনৰ মাজত কৌশলগত সম্পৰ্কৰ অধিক উন্নতি ঘটিব । বাণিজ্য, প্ৰতিৰক্ষা,মহাকাশকে ধৰি কেইবাটাও খণ্ড বহু গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক চুক্তি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে । এই ভ্ৰমণৰ প্ৰাক্ ক্ষণত দেশৰ বিভিন্ন প্ৰান্তত কেইবাটাও বিষয়ৰ ওপৰত সৰ্ৱত্ৰে চৰ্চা চলিছে । দেশ দুখনৰ মাজত সম্ভাৱনাপূৰ্ণ বাণিজ্যিক চুক্তিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি ট্ৰাম্পৰ এই ভ্ৰমণ কালতে চূড়ান্ত হ’ব বুলি বিভিন্ন মহলত চৰ্চা চলিছে । ট্ৰাম্পে কৈছে যে যদি এয়া সঠিক হয় তেন্তে তেওঁৰ অনাগত ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ সৈতে এক বাণিজ্যিক চুক্তি সম্পন্ন হোৱাটো সম্ভৱ । দেশ দুখনৰ মাজত প্ৰচূৰ আলোচনা অব্যাহত আছে ৷ ভাৰতে ষ্টীল আৰু এলুমিনিয়ামৰ সামগ্ৰীৰ ওপৰত শুল্ক ৰেহাই দাবী কৰাৰ লগতে জেনেৰেলাইজড চিষ্টেম অৱ্ প্ৰিফাৰেন্স (জি এছ পি)ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনায় । কৃষিজাত সামগ্ৰী আৰু, অটোম’বাইল আৰু অভিযান্ত্ৰিক সা-সামগ্ৰীৰ বজাৰৰ অংশ বৃদ্ধি কৰিবলৈ ভাৰতবৰ্ষ দৃঢ় প্ৰতিজ্ঞ । আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনৰ দুগ্ধজাত সামগ্ৰী আৰু চিকিৎসা সামগ্ৰীৰ বজাৰত অধিক অংশ বিচৰাৰৰ লগতে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ আমদানি শুল্ক হ্ৰাস কৰাৰ বাবে দাবী জনাই আহিছে ।
শেহতীয়াকৈ আমেৰিকাৰ ৰাজ্যিক বিভাগে ভাৰতক এক ইণ্টিগ্ৰেটেড এয়াৰ ডিফেন্স উইপন চিষ্টেমৰ প্ৰস্তাৱিত বিক্ৰী সন্দৰ্ভত ৰাস্তা মুকলি কৰি দিছে । ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ১৮৬ কোটি আমেৰিকান ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । আমেৰিকান ফাৰ্ম লকহীড মাৰ্টিনৰ পৰা ২৪ খন বহুমুখী এম এইচ ৬০ ৰমিঅ’ চীহ’ক হেলিকপ্টাৰ ক্ৰয়ৰ চুক্তিখন চূড়ান্ত কৰাৰ সম্ভাৱনা আছে । এই চুক্তিৰ মূল্য ২৬০ কোটি আমেৰিকান ডলাৰ । আন এক আগশাৰীৰ আমেৰিকান প্ৰতিৰক্ষা প্ৰতিষ্ঠান বয়িঙে ইয়াৰ এফ-১৫ইএক্স ইগ’ল বিমান ভাৰতীয় বায়ুসেনাক বিক্ৰীৰ কৰাৰ পৰিকল্পনা কৰিছে । বয়িঙে অলপতে কৰ্তৃপক্ষৰ পৰা ইয়াৰ বাবে আমদানিৰ অনুমোদন বিচাৰিছে । ট্ৰাম্পৰ ভ্ৰমণৰ সময়ত এই চুক্তৰি বিষয়েও হয়তো আলোচনা কৰা হ’ব ।
আমেৰিকান কংগ্ৰেছৰ একাংশই ভাৰতে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে যিয়ে জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল । তেওঁলোকে এই ক্ষেত্ৰত পাকিস্তানৰ স্থিতিক সমৰ্থন জনাইছে । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ট্ৰাম্পে স্পষ্ট কৰি দিছে যে আগন্তুক ভ্ৰমণৰ জৰিয়তে তেওঁ ভাৰতৰ সিদ্ধান্তক সমৰ্থন কৰে । পূৰ্বতে ডনাল্ড ট্ৰাম্পে কৈছিল যে কাশ্মীৰৰ বিষয়টোত ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিবলৈ তেওঁ সাজু আছে । ভাৰতে যেতিয়া এয়া দ্বিপাক্ষিক বিষয় বুলি স্পষ্ট কৰি দিছিল তেতিয়াৰে পৰা তেওঁ হস্তক্ষেপ কৰা নাছিল । ২০২০ ৰ আমেৰিকান ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰায় সমাগত । ট্ৰাম্পে এইবাৰো ৰাষ্ট্ৰপতি পদৰ বাবে অৱতীৰ্ণ হৈছে । বিশ্লেষকৰ মতে ট্ৰাম্পে তেওঁৰ ভাৰত ভ্ৰমণৰ জৰিয়তে ভাৰতীয় আমেৰিকানসকলৰ ভোট আদায়ৰ চেষ্ট কৰিছে । এছিয়ান ৰাজনীতিৰ ওপৰতো এই ভ্ৰমণ কালত আলোচনা কৰা হ’ব পাৰে ।