ETV Bharat / bharat

সুন্দৰবনত শোকাবহ নাও দুৰ্ঘটনা: এজনৰ মৃত্য়ু

author img

By

Published : Jan 31, 2021, 9:20 PM IST

দেওবাৰে সুন্দৰবনত ২২ গৰাকী যাত্ৰী ভৰ্তি এখন নাও দুৰ্ঘটনাগ্ৰস্ত হয় । ঘটনাত এজন লোকৰ মৃত্য়ু হোৱাৰ লগতে আন এগৰাকী মহিলা সন্ধানহীন হয় ।

সুন্দৰবনত শোকাবহ নাও দুৰ্ঘটনা , এজনৰ মৃত্য়ু

নিউজ ডেস্ক , ৩১ জানুৱাৰী : পশ্চিমবংগৰ সুন্দৰবনত শোকাবহ নাও দুৰ্ঘটনা । যাত্ৰী ভৰ্তি নাৱৰ দুৰ্ঘটনাৰ ফলত এজন পৰ্যটকৰ মৃত্য়ু হয় লগতে আন এজন সন্ধানহীন হয় । আৰক্ষীয়ে জনোৱা মতে হেৰোভাঙ্গা নদীত ২২ জন লোকক লৈ যোৱা নাওখন ডুবি যোৱাৰ পিছত এজন পৰ্যটক ডুব যায় আৰু আন এগৰাকী নিৰুদ্দেশ হয় ।

কলকাতাৰ পৰা অহা পৰ্যটকৰ দলটোৱে দক্ষিণ ২৪ পৰগণা জিলাৰ জাৰখালি জংঘল অঞ্চলত পৰ্যটন স্থান ভ্ৰমণৰ বাবে ইঞ্জিনচালিত নাওখন ভাড়া কৰিছিল । নাওখনত ২২ গৰাকী লোকৰ ভিতৰত ২ গৰাকী শিশু আছিল বুলি আৰক্ষীয়ে জনায় ।

৬৫ বছৰীয়া সুবোধ গিতানুৰ এই দুৰ্ঘটনাত মৃত্যু হোৱাৰ লগতে প্ৰতিমা দলৈ নামৰ এগৰাকী মহিলা নিৰুদ্দেশ হয় । সন্ধানহীন মহিলাগৰাকীৰ বাবে উদ্ধাৰকাৰী দলে ইতিমধ্য়ে অভিযান আৰম্ভ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ আসনেৰে খুলিব ছবিগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.