নিউজ ডেস্ক, 23 আগষ্ট : দেশত বৰ্ধিত হাৰ বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰতিটো সময়তে চৰকৰ তথা স্বাস্থ্য বিভাগ সষ্টম হৈ থকাৰ পৰিচতো ৰোধ কৰিব পৰা নাই কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ ৷
দেওবাৰে মণিপুৰত পুনৰ ধৰা পৰিছে 114 গৰাকী লোকৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ৷ আক্ৰান্ত আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ৰাজ্যিক স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷
দেওবাৰলৈকে ৰাজ্যখনত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 5246 গৰাকী ৷ বৰ্তমানলৈ ৰাজ্যখনত 3,616 গৰাকী ৰোগী এই ভাইৰাছৰ পৰা মুক্তি লাভ কৰিছে যদিও 1,608 গৰাকী ৰোগী বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৷ ৰাজ্যখনত মৃতকৰ সংখ্যা 22 গৰাকীলৈ বৃদ্ধি ৷
উল্লেখ্য যে, শেহতীয়া তথ্য অনুসৰি, ভাৰতত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 3.04 মিলিয়ন ৷ সুস্থ ৰোগীৰ সংখ্যা 2.28 গৰাকী আৰু মৃতকৰ সংখ্যা 56,706 গৰাকী ৷ একেদৰে সমগ্ৰ বিশ্বত কৰ'ণা ৰোগীৰ সংখ্যা 23.1 মিলিয়ন ৷ সুস্থ ৰোগীৰ সংখ্যা 14.8 মিলিয়ন আৰু মৃতকৰ সংখ্যা 803 হাজাৰ ৷
লগতে পঢ়ক : বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ যুৱক