ETV Bharat / bharat

মিজোৰামত দুসপ্তাহৰ বাবে পুনৰ লক ডাউন ঘোষণা - কোৱাৰেণ্টাইনৰ সময় ১২ দিনৰ পৰিৱৰ্তে ২১ দিনলৈ বৃদ্ধি

চুবুৰীয়া ৰাজ্য মিজোৰামত কোৱাৰেণ্টাইনৰ সময় ১২ দিনৰ পৰিৱৰ্তে ২১ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

mizoram
মিজোৰামত দুসপ্তাহৰ বাবে পুনৰ লক ডাউন ঘোষণা
author img

By

Published : Jun 8, 2020, 8:20 PM IST

নিউজ ডেস্ক, ৮ জুনঃ মিজোৰামত পুনৰ ২ সপ্তাহৰ বাবে লক ডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৯ জুনৰ মাজনিশাৰ পৰা আৰম্ভ হ'ব এই লক ডাউন। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ঝোৰামথাংগাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

total lockdown to be imposed in mizoram for two weeks
মিজোৰামত দুসপ্তাহৰ বাবে পুনৰ লক ডাউন ঘোষণা

মিজোৰামৰ তথ্য আৰু জনসংযোগ বিভাগ চমুকৈ 'DIPR'য়ে টুইটাৰযোগে প্ৰকাশ কৰে এই কথা। লগতে শীঘ্ৰে এই সন্দৰ্ভত নিৰ্দেশাৱলী জাৰি কৰা হ'ব বুলিও প্ৰকাশ কৰে। ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰে সৈতে হোৱা বৈঠকত ৰাজ্যখনত কোৱাৰেণ্টাইনৰ সময় ১২ দিনৰ পৰিৱৰ্তে ২১ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে, চুবুৰীয়া ৰাজ্যখনত সোমবাৰে বিয়লি ভাগলৈকে ৪২ জন লোক কোভিড ১৯ ত আক্ৰান্ত হৈছে। ইয়াৰে ৪১ জন লোক চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে এজন ৰোগীয়ে।

লগতে চাওকঃ জাপানীজ এনকেফেলাইটিছঃ ৰাজ্যত এই পৰ্যন্ত চিনাক্ত তিনিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.