নেশ্যনেল ডেক্স,18 আগষ্টঃ সোমবাৰে উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাত সন্ত্ৰাসবাদী সংগঠন এল ই টিৰ তিনিজনকৈ সদস্যৰ লগতে সংগঠনটোৰ এজন শীৰ্ষ বিষয়া নিহত হয় ৷ সংঘৰ্ষৰ প্ৰায় এঘন্টা পূৰ্বে হোৱা গুলিচালনাত তিনিজন সুৰক্ষা বাহিনীৰ লোকো নিহত হয় ৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে সেনা বাহিনীয়ে ৷
জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান, দিলবাগ সিঙে জনায় যে, সোমবাৰে বাৰামুল্লাৰ নাকা পাৰ্টীত চি আৰ পি এফ আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে ৷ এই আক্ৰমণত নিহত হয় দুজন চি আৰ পি এফৰ পেৰামিলিটাৰী সেনা ক্ৰমে লোকাছ শৰ্মা আৰু খুৰছিদ খান আৰু আৰক্ষী বিষয়া মুজাফৰ আহমেদ ৷
আনহাতে, নিহত সন্ত্ৰাসবাদী কেইজনৰ এজন ছাজিদ আহমেদ মীৰ ওৰফে হাইদৰ বুলি চিনাক্ত কৰা হৈছে ৷ হাইদৰে স্থানীয় যুৱকসকলক সন্ত্ৰাসবাদী সংগঠনত ভৰ্তি কৰোৱাৰ কাম কৰিছিল ৷ আন দুগৰাকী ক্ৰমে ইনায়তউল্লাহ আৰু ওছমান বুলি চিনাক্ত কৰা হৈছে ৷
ছাজিদ হাইদৰ জম্মু-কশ্মীৰৰ শীৰ্ষ সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভূক্ত আছিল ৷ 2016 চনৰ পৰা ছাজিদে 20 জনৰো বেছি যুৱকক সন্ত্ৰাসবাদৰ সৈতে জড়িত কৰিছিল ৷ উত্তৰ কাশ্মীৰত হাইদৰৰ বিৰুদ্ধে কেইবাটাও অপৰাধৰ গোচৰ ৰুজু হৈ আছে ৷
সন্ত্ৰাসবাদী কেইজনে চলোৱা আক্ৰমণৰ পিছতেই তাৎক্ষণিকভাৱে প্ৰত্যাক্ৰমণ কৰে সেনাই ৷ সনাৰ গুলিত নিহত হোৱা এজন সন্ত্ৰাসবাদীয়ে নিজৰ তেজেৰে লুতুৰি পুতুৰি কাপোৰৰ লগতে খাদ্য সামগ্ৰী পথৰ মাজতে দলিয়াই পেলায় যদিও স্নিফাৰ কুকুৰৰ দলে সন্ত্ৰাসবাদী কেইজনক বিচাৰি উলিয়াবলৈ সক্ষম হয় ৷ এক সংবাদমেলত এই কথা ব্যক্ত কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷
চাৰি দিনৰ ভিতৰত উপত্যকাখনত হোৱা এইটো চতুৰ্থটো ডাঙৰ আক্ৰমণ ৷ বিগত 14 আগষ্টতো শ্ৰীনগৰৰ উপকন্ঠ অঞ্চলত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত দুজন আৰক্ষীৰ লোক নিহত হোৱাৰ লগতে এজন আৰক্ষী গুৰুতৰভাৱে আহত হৈছিল ৷
লগতে পঢ়ক-ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি