ETV Bharat / bharat

ঘোষণা হ'ল 2018 আৰু 2019ৰ সাহিত্যৰ ন'বেল বঁটা

author img

By

Published : Oct 10, 2019, 6:15 PM IST

বৃহস্পতিবাৰে ঘোষণা কৰা হয় সাহিত্যৰ ন'বেল বঁটা ৷ 2018 আৰু 2019 বৰ্ষৰ দুয়োটা বঁটাই ঘোষণা কৰে আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে ৷

2018 আৰু 2019ৰ সাহিত্যৰ ন'বেল বঁটা

নিউজ ডেস্ক, 10 অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে বৃহস্পতিবাৰে ঘোষণা কৰে সাহিত্যৰ ন'বেল বঁটা ৷ বিগত বৰ্ষৰ লগতে চলিত বৰ্ষৰ সাহিত্যৰ সৰ্বোচ্চ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দুগৰাকী মহান সাহিত্যিকৰ নাম ঘোষনা কৰে ৰয়েল ছুইদিছ অকাডেমিৰ চাৰিগৰাকী অকাডেমিৰ সদস্যৰ লগতে পাঁচগৰাকী বাহ্যিক বিশেষজ্ঞৰ দ্বাৰা গঠিত ন'বেল কমিটিয়ে ৷

2018 বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে পোলেণ্ডৰ লেখক অলগা টকাৰঝুকে ৷ আনহাতে 2019 বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হয় অষ্ট্ৰিয়াৰ লেখক পিটাৰ হেণ্ডকে ৷

অধিক পঢ়কঃ ঘোষণা হ'ল ঔষধি শাস্ত্ৰৰ ন'বেল পুৰস্কাৰ

লেখক অলগা টকাৰঝুকক তেখেতৰ "for a narrative imagination that with encyclopedic passion represents the crossing of boundaries as a form of life," শীৰ্ষক বিষয়ৰ বাবেই প্ৰদান কৰা হয় বিশ্ব সাহিত্যৰ সৰ্বোচ্চ সন্মান ৷ আনহাতে পিটাৰ হেণ্ডকেলৈ তেখেতৰ "for an influential work that with linguistic ingenuity has explored the periphery and the specificity of human experience." শীৰ্ষক বিষয়ৰ বাবে আগবঢ়োৱা হয় এই সৰ্বোচ্চ সন্মান ৷

অধিক পঢ়কঃ তিনিগৰাকী বিজ্ঞানীলৈ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা

উল্লেখ্য যে, বিগত বৰ্ষত ন'বেল কমিটিক জোকাৰি যোৱা যৌন কেলেংকাৰীৰ বাবে বন্ধ হৈ আছিল সাহিত্যৰ ন'বেল বঁটা ৷ অকাডেমিৰ এগৰাকী সদস্যাৰ পতি জিন-ক্লুডে আৰ্নাল্ট নামৰ লোকজন 2011 চনৰ দুটাকৈ ধৰ্ষনৰ গোচৰত অভিযুক্ত হৈছিল ৷ ইয়াৰ উপৰিও আৰ্নাল্টে ন্যায়বৰ্হিভূতভাৱে সাতবাৰকৈ ঘোষণা কৰিছিল সাহিত্যৰ ন'বেল বঁটাপ্ৰাপকসকলৰ নাম ৷ ফলত বন্ধ হৈ আছিল বিগত বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা ৷ যাৰ বাবে চলিত বৰ্ষত একেলগে প্ৰদান কৰা হয় 2018 আৰু 2019ৰ সাহিত্যৰ ন'বেল বঁটা ৷

অধিক পঢ়কঃ তিনিগৰাকীলৈ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা

উল্লেখ্য যে, বিগত 100 বছৰত সাহিত্যৰ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হোৱা লেখক অলগা টকাৰঝুক হৈছে 15সংখ্যক মহিলা ৷ চলিত বৰ্ষৰ বিভিন্ন শিতানৰ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বাকীকেইগৰাকীৰ ভিতৰত মাত্ৰ দুগৰাকী মহিলাই স্থান লাভ কৰিছে ৷

ছুইদেনৰ ৰজা কাৰ্ল ষষ্ঠদশে ৰাজধানী ষ্টকহমত অহা 10 ডিচেম্বৰত প্ৰদান কৰিব সন্মানীয় বঁটাসমূহ ৷ আন্তঃৰাষ্ট্ৰীয় ন'বেল বঁটাত থাকিব 9 মিলিয়ন ছুইদিশ ক্ৰোনোৰ (914,000 আমেৰিকান ডলাৰ)ৰ লগতে একোটাকৈ সোণৰ পদক আৰু মানপত্ৰ তথা ডিপ্ল'মা ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.