ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰৰ অভিযোগ খণ্ডণ পশ্চিমবংগ চৰকাৰৰ - MAMTA

ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অভিযোগ-প্ৰতি অভিযোগৰ ৰাজনীতি তুংগত পশ্চিমবংগত । ৰাজ্য চৰকাৰক দোষ জাপি দি কেন্দ্ৰই 'হাত ধোৱা' কাম কৰি আছে বুলি কেন্দ্ৰক কতাক্ষ তৃণমূল কংগ্ৰেছৰ সাংসদৰ ।

TMC hits back
TMC hits back
author img

By

Published : May 7, 2020, 8:54 PM IST

নিউজ ডেস্ক, 7 মে': পশ্চিমবংগৰ শাসনাধিস্থিত চৰকাৰ তৃণমূল কংগ্ৰেছে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই উত্থাপন কৰা অভিযোগক খণ্ডণ কৰিছে । পশ্চিমবংগৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰী ভাৰত-বাংলাদেশ সীমান্তত চলাচল কৰিব দিয়া নাই বুলি কৰা অভিযোগক খণ্ডণ কৰি মমতাই বিষয়াজনৰ ওপৰত অভিযোগ কৰি কয় যে, তেওঁ দিল্লীত ৰাজনৈতিক "বছ" হ'বলৈ এইবোৰ কৰিছে ।

আনহাতে দলটোৰ সাংসদ সাউগতা ৰয়ে কয় যে, কেন্দ্ৰই আমোলা বিষয়াৰ জৰিয়তে এইয়া এক ৰাজনৈতিক খেল খেলিছে ।

আনহাতে কেন্দ্ৰই ৰাজ্যখনত COVID-19 ৰ পৰীক্ষণ অতি কমকৈ হোৱা বুলিও অভিযোগ কৰিছিল ।

ইপিনে বিগত মাহত পশ্চিমবংগ চৰকাৰে অভিযোগ কৰিছিল যে, ICMR ৰ ৰাজ্যিক নোডেল সংস্থা NICED য়ে প্ৰদান কৰা COVID-19 টেষ্টিং কীটৰ আপাত দৃষ্টিত ত্ৰুতি পূৰ্ণ আছিল ।

আনহাতে অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে তৃণমুল কংগ্ৰেছৰ নেতা তথা সাংসদ মানস ভুনিয়াই কয় যে, ৰাজ্য চৰকাৰক দোষ জাপি দি কেন্দ্ৰই হাত ধোৱা কাম কৰি আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.