ETV Bharat / bharat

9000 কেজি সোণ থকা ভাৰতীয় মন্দিৰটো

author img

By

Published : May 10, 2019, 3:37 PM IST

তিৰুপতি বালাজী মন্দিৰৰ তৰফৰ পৰা 2016 চনত পঞ্জাৱ নেশ্বনেল বেংকত জমা দিয়া হৈছিল প্ৰায় 1,311 কেজি সোণ ৷ বেংকে 70 কেজি সূতৰ সৈতে মন্দিৰক উভতাই দিয়ে সোণখিনি ৷ তিৰুমালা তিৰুপতি দেৱাস্থমৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি মন্দিৰৰ 5,387 কেজি সোণ ষ্টেট বেংক অৱ ইণ্ডিয়াত আৰু 1,938 কেজি সোণ জমা আছে ইণ্ডিয়ান অভাৰচিজ বেংকত ৷ বিগত দুটা দশক ধৰি মন্দিৰৰ সোণ বিভিন্ন জমা আঁচনিৰ জৰিয়তে কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংকত জমা ৰাখি আহিছে মন্দিৰ কৰ্তৃপক্ষই  ৷

Tirupati temple

তিৰুপতি,10মে': পৃথিৱীৰ আটাইতকৈ সম্পত্তিশালী মন্দিৰ হিচাপে জনাজাত তিৰুমালাৰ তিৰুপতি মন্দিৰ ৷ কেৱল সোণৰ হিচাপত চাবলৈ গ'লে প্ৰায় 9000 কেজি সোণৰ গৰাকী পৃথিৱীৰ আটাইতকৈ সম্পত্তিশালী মন্দিৰ তিৰুমালা তিৰুপতি মন্দিৰ ৷ দুটাকৈ বেংকত 7,235 কেজি জমা সোণ অন্ধ্ৰপ্ৰদেশৰ মন্দিৰটোৰ ৷ আনহাতে মন্দিৰৰ ট্ৰেজাৰীত আছে প্ৰায় 1,938 কেজি সোণ ৷ সাধাৰণতে জমা সম্পত্তিৰ বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থকা মন্দিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে এই কথা ৷

উল্লেখ্য যে, বিগত মাহত তামিলনাডুত মন্দিৰৰ 1,381 কেজি সোণ নিৰ্বাচন আয়োগে জব্দ কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাচতে মন্দিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে সম্পূৰ্ণ তথ্য ৷ পঞ্জাৱ নেশ্বনেল বেংকৰ বাহনেৰে চেন্নাইৰ এটা শাখাৰ পৰা তিৰুপতিলৈ কঢ়িয়াই অনা হৈছিল প্ৰায় 1,381 কেজি সোণ ৷ তামিলনাডুৰ তিৰুৱাল্লুৰ জিলাত 17 এপ্ৰিলত নিৰ্বাচন আয়োগে জব্দ কৰিছিল সোণ খিনি ৷ প্ৰথম অৱস্থাত মন্দিৰ কৰ্তৃপক্ষই সোণ খিনি মন্দিৰৰ নহয় বুলি জনাইছিল ৷ মন্দিৰ কৰ্তৃপক্ষই নিজৰ পক্ষ ৰাখি প্ৰকাশ কৰা অনুসৰি মন্দিৰৰ সোণ মন্দিৰৰ ট্ৰেজাৰী নোপোৱা পৰ্যন্ত এই সোণ মন্দিৰৰ সম্পত্তি বুলি কব পৰা নাযায় ৷ ইয়াৰ পাচতে পঞ্জাৱ নেশ্বনেল বেংকে আয়কৰ বিভাগত জব্দ কৰা সোণ খিনিৰ সন্দৰ্ভত সম্পূৰ্ণ তথ্য দাখিল কৰিছিল ৷ পঞ্জাৱ নেশ্বনেল বেংকে দাখিল কৰা তথ্য অনুসৰি পঞ্জাৱ নেশ্বনেল বেংক আৰু মন্দিৰ কৰ্তপক্ষৰ মাজত হোৱা চুক্তিৰ ম্যাদ উকলি যোৱাৰ বাবে সোণখিনি মন্দিৰৰ ট্ৰেজাৰীলৈ ঘূৰাই অনা হৈছিল ৷ তিৰুপতি বালাজী মন্দিৰৰ তৰফৰ পৰা 2016 চনত পঞ্জাৱ নেশ্বনেল বেংকত জমা দিয়া হৈছিল প্ৰায় 1,311 কেজি সোণ ৷ বেংকে 70 কেজি সোণ সূতৰ সৈতে মন্দিৰক উভতাই দিয়া হয় সোণখিনি ৷ তিৰুমালা তিৰুপতি দেৱাস্থমৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি মন্দিৰৰ 5,387 কেজি সোণ ষ্টেট বেংক অৱ ইণ্ডিয়াত আৰু 1,938 কেজি সোণ জমা আছে ইণ্ডিয়ান অভাৰচিজ বেংকৰ সৈতে ৷ বিগত দুটা দশক ধৰি মন্দিৰৰ সোণ বিভিন্ন জমা আঁচনিৰ জৰিয়তে কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংকত জমা ৰাখি আহিছে মন্দিৰ কৰ্তৃপক্ষই ৷

300 এডিৰ আৰম্ভণিতে নিৰ্মিত বুলি জনবিশ্বাস থকা মন্দিৰটোলৈ প্ৰত্যেক দিনে আগমণ ঘটে 50,000ৰ পৰা 1 লাখ ভক্তৰ ৷ বছেৰেকীয়া উৎসৱ সমূহত এই সংখ্যা 4 ৰ পৰা 5 লাখলৈ বৃদ্ধি হয় ৷ জনপ্ৰিয় মন্দিৰটোলৈ আগমণ ঘটা ভক্তসকলে ধন, সোণ, ৰূপ,বিভিন্ন অলংকাৰ আগবঢ়াই ৷ প্ৰত্যেক বছৰে মন্দিৰত 1000 কোটিৰ পৰা 1,200 কোটি টকা জমা হয় কেৱল হোণ্ডিৰ পৰা ৷ 2019ৰ পৰা 2020 চনৰ ভিতৰত 846 কোটি টকা বিভিন্ন ব্যক্তিগত বেংকৰ পৰা লাভ কৰা সূত আৰু 1,231 কোটি ভক্তই আগবঢ়োৱা ধনকে ধৰি মুঠ 3,116 কোটি টকাৰ ৰাজহ জমা হ'ব বুলি মন্দিৰ কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে ৷ ইয়াৰোপৰি বিভিন্ন বেংকত প্ৰায় 12,000 কোটি টকাৰ ফিক্সড ডিপ'জিত থকা বিষয়েও প্ৰকাশ কৰে মন্দিৰ কৰ্তৃপক্ষই ৷

মন্দিৰ কৰ্তৃপক্ষই বিভিন্ন জমা সম্পত্তিৰ খতিয়ান দিলেও তিৰুপতি বালাজী মন্দিৰৰ প্ৰকৃত সম্পত্তিৰ খতিয়ান দাঙি ধৰা সম্ভৱ নহয় ৷ কিয়নো মন্দিৰৰ বিগ্ৰহসমূহলৈ ভক্তসকলে আগবঢ়োৱা হীৰা আৰু সোণ খচিত অলংকাৰ আৰু অন্য মূল্যবান সম্পত্তি সমূহৰ মূল্য শ কোটিৰো অধিক হ'ব বুলি ধাৰণা কৰা হয় ৷

Intro:Body:

TTD Board, the highest decision making body, is yet to decide on the bank where 1,381 kg gold will be deposited. According to sources, it was studying various gold deposit schemes and would opt for the one which offers the best returns.

Hyderabad: The worlds richest Hindu temple at Tirupati in Andhra Pradesh is sitting on pure gold reserves of over 9,000 kg, officials said.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.