নেশ্যনেল ডেস্ক, 16 জুন : জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাৰ তুৰ্কৱাংগাম অঞ্চলত মঙলবাৰে পুৱা ভাৰতীয় সেনা, আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউন্টাৰত নিহত হৈছে তিনিজনকৈ সন্ত্ৰাসবাদী ৷
এই এনকাউন্টাৰ কথা জানিবলৈ দিছে কাশ্মীৰৰ আৰক্ষীয়ে ৷ ৰাজৌৰিৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰাৰ পাচতে আৰম্ভ হয় এই এনকাউন্টাৰ ৷
যোৱা নিশা 2.30 বজাৰ পৰা সুন্দৰবনী ছেক্টৰৰ সীমান্তৰ পৰা মৰ্টাৰ ছেল আৰু অন্যান্য অস্ত্ৰৰে দুয়ো পক্ষৰ মাজত এনকাউন্টাৰ আৰম্ভ হয় ৷ উল্লেখ্য যে, এই বৰ্ষৰ জুন পৰ্যন্ত পাকিস্তানে প্ৰায় 2,027 টাকৈ যুদ্ধবিৰতি উলংঘা কৰিছে ৷
আৰু পঢ়ক : ইছলামাবাদত দুই ভাৰতীয় কূটনীতিকক আটক !