ETV Bharat / bharat

খেল’ ইণ্ডিয়াৰ ষষ্ঠদিনত অসমলৈ তিনিটা স্বৰ্ণ পদক - স্বৰ্ণ পদক

ভোগালীৰ আনন্দ-উছাহৰ মাজতে মহানগৰীৰ ক্ৰীড়াস্থলীসমূহত চলি আছে খেল’ ইণ্ডিয়াৰ বিভিন্ন প্ৰতিযোগিতা । অসমৰ খেলুৱৈসকলে বুধবাৰে আঁজুৰিবলৈ সক্ষম হয় তিনিটাকৈ স্বৰ্ণ পদক । বিশেষকৈ লন বলত ২১ অনুৰ্ধৰ মহিলা শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় জিনু গগৈ নামৰ এগৰাকী যুৱতীয়ে ।

স্বৰ্ণ পদক
খেল’ ইণ্ডিয়া
author img

By

Published : Jan 15, 2020, 11:37 PM IST

গুৱাহাটী,15 জানুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত খেল’ ইণ্ডিয়াৰ বুধবাৰে ষষ্ঠ দিন । ভোগালীৰ আনন্দ-উছাহৰ মাজতে মহানগৰীৰ ক্ৰীড়াস্থলীসমূহত চলি আছে খেল’ ইণ্ডিয়াৰ বিভিন্ন প্ৰতিযোগিতা । অসমীয়াৰ হেঁপাহৰ এই উৎসৱৰ দিনতে খেল’ ইণ্ডিয়াত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন সাব্যস্ত কৰিবলৈ সক্ষম হয় অসমৰ খেলুৱৈয়ে ৷ খেলুৱৈসকলে আঁজুৰিবলৈ সক্ষম হয় তিনিটাকৈ স্বৰ্ণ পদক ।

স্বৰ্ণ পদক
খেল’ ইণ্ডিয়া

বিশেষকৈ বুধবাৰৰ দিনটোত লন বলত উজলি উঠে অসমৰ খেলুৱৈ । প্ৰতিযোগিতাখনৰ ২১ অনুৰ্ধৰ মহিলা শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় জিনু গগৈ নামৰ এগৰাকী যুৱতীয়ে । দৰিদ্ৰ ঘৰৰ যুৱতীগৰাকীয়ে পদক লাভেৰে দৰিদ্ৰতা যে কোনো কাৰণত সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাক প্ৰমাণ কৰে ৷

খেল’ ইণ্ডিয়া
ভোগালীৰ আনন্দৰ মাজতে সুখবৰ

ইফালে, ল’ৰাৰ লন বল একক শাখাত সুৰজিৎ বুঢ়াগোঁহাই,ছোৱালীৰ ত্ৰিপুল শাখাত অনিন্দিতা কাকতি, সুমন কুমাৰী পাণ্ডে,সুৰঞ্জনা বৰুৱা আৰু ল’ৰাৰ ফ’ৰ শাখাত শিৱ মহন্ত, সঞ্জু বান্দে, ৰক্তিম কাশ্যপ কলিতা আৰু অভিলেখ সন্দিকৈয়ে অসমৰ হৈ লাভ কৰে স্বৰ্ণ পদক । চাইক্লিঙৰ ১৭ অনুৰ্ধৰ ল’ৰাৰ শাখাত ৰিমঞ্জু ৰায়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । ইপিনে ভলীবলৰ ১৭ অনুৰ্ধৰ ছোৱালীৰ শাখাত কৰ্ণাটকে লাভ কৰে ব্ৰঞ্জৰ পদক । স্বৰ্ণ জয়ৰ লক্ষ্যৰে প্ৰতিযোগিতাত অংশ লোৱা দলটোৱে পদক অৰ্জনৰ পিছত অসন্তুষ্টি ব্যক্ত কৰে ।

খেল’ ইণ্ডিয়া
সাফল্য অসমৰ খেলুৱৈৰ

উল্লেখ্য যে,মেগা ইভেণ্ট খনৰ ষষ্ঠ দিনাৰ ফলাফল অনুসৰি ২৮ স্বৰ্ণ,৩২ ৰূপ,৫০ ব্ৰঞ্জৰ পদক লাভ কৰি তালিকাৰ শীৰ্ষত অক্ষত আছে মহাৰাষ্ট্ৰ । তদুপৰি ২৩ সোণ, ২৫ ৰূপ, ২৫ ব্ৰঞ্জৰ পদকৰে হাৰিয়ানাৰ দ্বিতীয় স্থান, ১৭ সোণ, ১৩ ৰূপ, ১৮ ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান দখল কৰিছে উত্তৰ প্ৰদেশে ৷ আয়োজক ৰাজ্য অসমে ৬ সোণ, ৭ ৰূপ, ১০ ব্ৰঞ্জৰ পদক অৰ্জনেৰে তালিকাৰ ১২ নং স্থানত আছে ৷

স্বৰ্ণ জয় অসমৰ

লগতে চাওকঃসুদীৰ্ঘ চল্লিশটা বছৰ পাচত মাতৃ-কন্যাৰ মহামিলন

Intro:গুৱাহাটীত অনুষ্ঠিত খেল' ইণ্ডিয়াৰ আজি ষষ্ঠটো দিন। ভোগালীৰ আনন্দ উছাহৰ মাজতে মহানগৰীৰ ক্ৰীড়া স্থলীসমূহত চলিল বিভিন্ন খেল। অসমীয়াৰ এই উছৱৰ দিনটোতে খেল' ইণ্ডিয়াত অসমৰ খেলুৱৈয়ে আজুৰিবলৈ সক্ষম হ'ল তিনিটাকৈ স্বৰ্ণ পদক। লনবলত বিশেষভাৱে উজলিল অসমৰ খেলুৱৈ। জিনু গগৈ নামৰ এগৰাকী বনকৰা যুৱতীয়ে মন জয় কৰিলে সকলোৰে। লনবল মহিলাৰ ২১ অনুৰ্ধৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। দৰিদ্ৰতাই কোনো কাৰণতে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে জিনু গগৈয়ে। ইফালে লৰাৰ লনবল একক শাখাত সুৰজিৎ বুঢ়াগোঁহাই, ছোৱালীৰ ত্ৰিপুল শাখাত অনিন্দিতা কাকতি, সুমন কুমাৰী পাণ্ডে, সুৰঞ্জনা বৰুৱা আৰু লৰাৰ ফ'ৰ শাখাত শিৱ মহন্ত, সঞ্জু বান্দে, ৰক্তিম কাশ্যপ কলিতা, অভিলেখ সন্দিকৈয়ে অসমৰ হৈ লাভ কৰে স্বৰ্ণ পদক। আনহাতে চাইকেলিঙৰ লৰাৰ ১৭ অনুৰ্ধৰ শাখাত ৰিমঞ্জু ৰায়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইপিনে ভলীবলৰ ছোৱালীৰ ১৭ অনুৰ্ধৰ শাখাত কৰ্ণাটকে লাভ কৰে ব্ৰঞ্জৰ পদক। স্বৰ্ণ জয়ৰ লক্ষ্যৰে প্ৰতিযোগিতাত অংশ লোৱা দলটোৱে ব্ৰঞ্জ পদৰ অৰ্জনৰ পিছত নিজৰ অসন্তুষ্টি ব্যক্ত কৰে। উল্লেখযোগ্য যে ষষ্ঠ দিনাৰ ফলাফল অনুসৰি ২৮ স্বৰ্ণ, ৩২ ৰূপ, ৫০ ব্ৰঞ্জৰ পদক লাভ কৰি তালিকাৰ শীৰ্ষত অক্ষত আছে মহাৰাষ্ট্ৰ। ইয়াৰোপৰি ২৩ সোণ, ২৫ ৰূপ, ২৫ ব্ৰঞ্জৰ পদকৰে হাৰিয়ানা দ্বিতীয় স্থান, ১৭ সোণ, ১৩ ৰূপ, ১৮ ব্ৰঞ্জৰ পদকৰে তৃতীয় স্থানত উত্তৰ প্ৰদেশ থকাৰ বিপৰীতে ৬ সোণ, ৭ ৰূপ, ১০ ব্ৰঞ্জৰ পদক অৰ্জন কৰি তালিকাৰ ১২ নং স্থানত আছে অসম। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.