ETV Bharat / bharat

ঝাড়খণ্ডৰ নক্সালবাদী বিস্ফোৰণত আহত অসমৰ জোৱান - কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

মঙলবাৰে পুৱা ঝাড়খণ্ডত সংঘটিত হৈছিল বিস্ফোৰণটো ৷ 209 CoBRAৰ এটা দলে অভিযান চলাই থকা সময়ত সংঘটিত হোৱা বিস্ফোৰণটোত আহত হৈছিল তিনি গৰাকী অসমৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান ৷

etv bharat
author img

By

Published : May 29, 2019, 2:46 AM IST

গুৱাহাটী, 29 মে’: ঝাৰখণ্ডৰ চাৰাইকেল্লাৰ কুল্ছাই অঞ্চলত মঙলবাৰে পুৱতি নিশা বিস্ফোৰণ হয় এটা আই ই ডি৷ আই ই ডি বিস্ফোৰণটোত 209 CoBRAৰ 13 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ তেওঁলোকৰ মাজতে আছিল তিনিগৰাকী অসমৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান ৷

আহত জোৱান কেইগৰাকী, কামৰূপ জিলাৰ বকোৰ মিজানুৰ ৰহমান, (ডিমু) ৰঙিয়াৰ সুনিল কলিতা আৰু নগাঁও জিলাৰ হোজাই সম্ভু মল্লহ বুলি জানিব পৰা গৈছে ৷ আহত লোক সকলক উন্নত চিকিৎসাৰ বাবে আকাশমাৰ্গেৰে ৰান্সীৰ ভগৱান মহাবীৰ মেডিকা চুপাৰ স্পেছিয়েলিটি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

etv bharat
ঝাড়খণ্ডৰ নক্সালবাদী বিস্ফোৰণত আহত অসমৰ জোৱান

ঘটনাটোত আহত জোৱান মিজানুৰ ৰহমানৰ পত্নী বিউটি বেগমে জনাই যে, বিস্ফোৰণ সংঘটিত হোৱাৰ পাচত প্ৰায় 6:27 বজাত ফোনযোগে যোগাযোগ কৰিছিল বিউটি বেগমক লগতে কঁকাল আৰু বাওঁহাতত আঘাত পোৱা বুলিও জনায় জোৱানগৰাকীয়ে৷ ইয়াৰোপৰিও, তেওঁৰ সতীৰ্থ সুনিল কলিতাৰ অস্ত্ৰোপচাৰ চলি থকা কথাও ব্যক্ত কৰে পত্নীক ৷

etv bharat
আহত জোৱান কেইগৰাকী মিজানুৰ ৰহমান, সুনিল কলিতা, সম্ভু মল্লহ

উল্লেখ্যযোগ্য যে, যোৱা বছৰ ঝাৰখণ্ডত প্ৰায় একেধৰণৰ ঘটনাত অসম-মেঘালয় সীমান্তৱৰ্তী বাজেংডোবাৰ ২০৯ ক'ব্ৰা বাহিনীৰে উৎপল ৰাভাৰ মৃত্যু হৈছিল ৷ চহিদ উৎপল ৰাভাৰ মৃতদেহঝাৰখণ্ডৰ পৰা তেওঁৰ ঘৰলৈ আনোতে সেই দলতে আছিল মিজানুৰ ৰহমানো ।

Intro:Body:আজি পুৱা প্ৰায় চাৰি বাজি ত্ৰিছ মিনিটত নক্সালপন্থীৰদ্বাৰা বিষ্ফোৰণত অসমৰ তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানৰ সহিতে তেৰজন জোৱান গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ২০৯ ক'ব্ৰা সৈনিকৰ এটা দল আৰু ঝাৰখণ্ড পুলিচৰ দ্বাৰা চলোৱা নক্সাল বিৰোধী অভিযানৰ সময়ত নক্সালপন্থীয়ে প্ৰথমে আই ই ডি বিস্ফোৰণ কৰে আৰু গুলি বৰ্ষণ কৰে। উত্তৰত সেনা বাহিনীৰ দলতোৱেও গুলি বৰ্ষণ কৰে।

উক্ত ঘটনাটোত, কামৰূপ জিলাৰ বকোৰ মিজানুৰ ৰহমান, (ডিমু) ৰঙিয়াৰ সুনিল কলিতা আৰু নগাঁও জিলাৰ হোজাই সম্ভু মল্লহ আঘাতপ্ৰাপ্ত হয়। আহত সকলক ততালিকৈ হেলিকপ্টাৰ যোগে ঝাৰখণ্ড জিলাৰ ৰাঞ্চিলৈ নিয়া হয় আৰু ৰাঞ্চিৰ 'ভগৱান মহাবীৰ মেডিকা চুপাৰ স্পেছিয়েলিটি হস্পিতাল ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান তেওঁলোক চিকিৎসাধীন।

বকোৰ মিজানুৰ ৰহমানৰ পত্নী বিউটি বেগমে জনাই যে তেঁওক ঘটনাতো স্বামীয়ে ফোনযোগে প্ৰায় ৬ বাজি ২৭ মিনিটত জনাই। তেওঁ ককাঁলত আৰু বাওঁহাতত দূখ পোৱা বুলি জানিব দিয়ে আৰু তেওঁৰ সহযোগী সুনিল কলিতাৰ অস্ত্ৰোপচাৰ চলি থকা বুলি জনায়।

উল্লেখ্যযোগ্য যে, যোৱা বছৰ ঝাৰখণ্ডত প্ৰায় একেধৰণৰ ঘটনাত চুবুৰীয়া মেঘালয় ৰাজ্যৰ অসন মেঘালয় সীমান্তৱৰ্তী বাজেংডোবাৰ ২০৯ ক'ব্ৰা বাহিনীৰে উৎপল ৰাভাৰ মৃত্যু হৈছিল আৰু তেওঁৰ মৃতদেহটোক ঝাৰখণ্ডৰ পৰা তেওঁৰ ঘৰলৈ আনোতে মিজানুৰ ৰহমান সেই দলতোটে আছিল।
ৰহমানৰ পত্নী বিউটি বেগমে সেয়েহে বেছিকৈ ভয় খোৱা বুলিও জনাই।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.