ETV Bharat / bharat

নেটান্যাহুৰ বিৰোধিতাৰে সহস্ৰাধিক লোকে ঘেৰাও কৰিলে কেন্দ্ৰীয় জেৰুজালেম - প্ৰতিবাদৰ কণ্ঠ

ইজৰাইলৰ নেতাৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন চলি থকাৰ মাজতে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ কেন্দ্ৰীয় জেৰুজালেমস্থিত চৰকাৰী আবাসগৃহৰ সমীপত সহস্ৰাধিক প্ৰতিবাদী জনতাই সাব্যস্ত কৰিলে প্ৰতিবাদ ।

Thousands throng central Jerusalem in anti-Netanyahu protest
নেটান্যাহুৰ বিৰুধিতাৰে শহস্ৰাধিক লোকে কেন্দ্ৰীয় জেৰুজালেম কৰিলে ঘেৰাও
author img

By

Published : Aug 10, 2020, 1:31 AM IST

নিউজ ডেস্ক,৯ আগষ্ট: উৎকট গৰমৰ মাজতে সহস্ৰাধিক প্ৰতিবাদী ইজৰাইলি লোকে পথৰ ওপৰত অৱস্থান কৰি নেটান্যাহুৰ পদত্যাগ দাবী কৰিলে ।

মহামাৰী ক'ৰণাৰ লগত হোৱা যুদ্ধখনত বিফল হোৱাৰ অভিযোগেৰে বিৰোধ কৰি প্ৰতিবাদকাৰী সকলে ক'লে, দূৰ্নীতিৰ অভিযোগৰ শুনানিৰ সময়ত তেওঁ এই পদত থকাটো উচিত নহয় ।

দেশখনৰ অৰ্থনৈতিক সংকটত ক্ষতিগ্ৰস্ত ব্যক্তিগত প্ৰতিস্থানৰ কৰ্মী সকলেও ভাগ লৈছিল এই প্ৰতিবাদী মিচিলত । নেটান্যাহুৱে এই বিক্ষোভ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিক্ষোভকাৰীৰ একতা আৰু অধিকহে দেখিবলৈ পোৱা গ'ল ।

শনিবাৰে নিশা প্ৰতিবাদকাৰী সকলে ইজৰাইলি পতাকা উৰুৱাৰ লগতে নেটেন্যাহুৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হয় । দুই এখন প’ষ্টাৰত এই ধৰণে উল্লেখ কৰিলে যে, অভিযুক্ত মন্ত্ৰীৰ লগতে নেটান্যাহুক বিচাৰৰ পৰা বাহিৰত ৰখা হৈছে । কাষৰে এটা অট্টালিকাত আঁৰি থোৱা আন এখন বেনাৰত দেখা গ'ল, বালফ'ৰ আমাৰ লগত আছে, তাৰোপৰি নেটান্যাহুৰ অৱস্থিতিক লৈও আমাৰ হাতত আছে অধিক তথ্য ।

প্ৰতিবাদকাৰী সকলে নেটান্যাহুৰ চৰকাৰৰ দুৰ্নীতি আৰু সন্মিলিত চৰকাৰখনে নাগৰিকৰ অভাৱক উপলব্ধি কৰাৰ ক্ষেত্ৰত বিফল হোৱাৰো অভিযোগ তুলিলে । প্ৰায় ১০০০ৰো অধিক প্ৰতিবাদকাৰীয়ে কেচৰিয়া চহৰৰ সাগৰৰ পাৰত থকা বাসগৃহটোৰ কাষত থকা পথৰ ওপৰতে কৰিছিল প্ৰতিবাদ । প্ৰতিবাদ স্থলীত আৰক্ষীৰ উপস্থিতি দেখিবলৈ পোৱা গৈছিল যদিও স্তব্ধ হোৱা নাছিল প্ৰতিবাদীৰ কণ্ঠ । অৱশ্যে কোনো হিংসাত্মক ঘটনা ঘটাৰ খবৰ অহা নাই ।

লগতে পঢ়ক : বাইহাটা মদনপুৰ টোল গেটৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.