ETV Bharat / bharat

ভৱিষ্যতৰ চিন্তা : বৰষুণৰ পানী সংৰক্ষণ কৰা হাৰিয়ানাৰ ভিদুকী গাঁওখন - the story of Rain water harvesting

প্ৰাকৃতিক পানীৰ উৎসৰ অন্যতম হৈছে বৰষুণৰ পানী আৰু ইয়াক যথাযথভাৱে সংৰক্ষণ কৰিলে পানীৰ নাটনিৰ পৰা বহুখিনি ৰক্ষা পৰিব পাৰি ৷ হাৰিয়ানাৰ পালৱাল জিলাৰ এখন গাঁৱে বৰষুণৰ পানী সংৰক্ষণ কৰি এই ক্ষেত্ৰত এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে ৷

বৰষুণৰ পানী সংৰক্ষণ কৰা হাৰিয়ানাৰ ভিদুকী গাঁৱখন

author img

By

Published : Jul 29, 2020, 5:30 AM IST

Updated : Jul 29, 2020, 7:41 AM IST

নিউজ ডেস্ক, 29 জুলাই : জীৱনৰ অন্যতম প্ৰয়োজন হৈছে পানী ৷ পৃথিৱীৰ এক-চতুৰ্থাংশ পানীৰে পূৰ্ণ যদিও ইয়াৰ শোষণৰ ফলত বহুসংখ্যক মানুহেই পানীৰ পৰা বঞ্চিত হৈছে ৷ ইয়াৰ ফলত ভূমিগত পানী আৰু ভূ-গৰ্ভস্থ পানীৰ সংখ্যাও কমি আহিছে ৷ ভাৰতৰ অধিকাংশ জিলাতে পানীৰ স্তৰ বিপদসীমাৰ তলত নামি গৈছে ৷ সেয়েহে আহিবলগীয়া প্ৰজন্মৰ বাবে প্ৰতিটোপাল পানী সংৰক্ষণ কৰাটো অতিকে জৰুৰী হৈ পৰিছে ৷

প্ৰাকৃতিক পানীৰ উৎসৰ অন্যতম হৈছে বৰষুণৰ পানী আৰু ইয়াক যথাযথভাৱে সংৰক্ষণ কৰিলে পানীৰ নাটনিৰ পৰা বহুখিনি ৰক্ষা পৰিব পাৰি ৷ হাৰিয়ানাৰ পালৱাল জিলাৰ এখন গাঁৱে বৰষুণৰ পানী সংৰক্ষণ কৰি এইক্ষেত্ৰত এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে ৷ জিলাখনৰ ভিদুকী গাঁওবাসীয়ে পানীৰ গুৰুত্ব বুজি উঠিছে আৰু তাৰ বাবে বৰষুণৰ প্ৰতিটোপাল পানী ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰাখিছে ৷ গাঁওবাসীৰ এই কাৰ্যক প্ৰধানমন্ত্ৰী মোডীয়েও প্ৰশংসা কৰিছে ৷

বৰষুণৰ পানী সংৰক্ষণ কৰা হাৰিয়ানাৰ ভিদুকী গাঁৱখন
ভিদুকী গাঁওৰ বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা

কিছু বছৰ আগলৈকে গাঁওবাসীয়ে ভীষণ পানীৰ সমস্যাত পৰিছিল ৷ উপযুক্ত নিষ্কাশন ব্যৱস্থাৰ অভাৱৰ ফলত বৰষুণৰ পানীয়ে গাঁওখনত সমস্যাৰ সৃষ্টি কৰিছিল ৷ গাঁওখনত থকা চৰকাৰী বালিকা বিদ্যালয়খনলৈ যোৱা পথটো পানীৰে উপচি পৰিছিল ৷ গাঁওবাসীয়ে প্ৰতিবছৰে বাৰিষা এই সমস্যাত পৰিছিল ৷

2016ত গাঁওখনৰ মুখীয়া হিচাপে নিৰ্বাচিত হয় বি. টেক আৰু এমবিএ ডিগ্ৰীধাৰী সত্যদেৱ গৌতম ৷ লাখটকীয়া চাকৰিৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি তেওঁ নিজৰ গাঁৱত আহি গাঁওখনক এক অনন্য ৰূপ দিয়াৰ চেষ্টা কৰে ৷ গৌতমে বালিকা বিদ্যালয়খনত পানী সংৰক্ষণৰ ব্যৱস্থা সংযোগ কৰে ৷ বিদ্যালয়গৃহৰ মুধচৰ পৰা পাইপ সংলগ্ন কৰি বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ ব্যৱস্থা কৰে গৌতমে ৷ ইয়াৰ উপৰিও নলা খান্দি, তিনিটা 8 ফুট বহল 10 ফুট দীঘল গাত খান্দি তাত পানীসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰে ৷

বৰষুণৰ পানী সংৰক্ষণৰ আঁৰত থকা ব্যক্তিগৰাকী, সত্যদেৱ গৌতম

কিদৰে সংৰক্ষণ কৰা হয় পানী ?

তিনিওটা টেংক ইটো-সিটোৰ সৈতে সংযুক্ত ৷ প্ৰথম দুটা টেংকে ফিল্টাৰৰ কাম কৰে ৷ গোটা আৱৰ্জনাসমূহ প্ৰথমটো টেংকত জমা হয় আৰু দ্বিতীয়টো টেংকত অন্যান্য পৰিশোধক সমূহৰ দ্বাৰা পানীসমূহ নিষ্কাশন কৰা হয় ৷ একে সময়তে তৃতীয়টো টেংক 120 মিটাৰ দ' দমকলৰ দ্বাৰা সংযোগ কৰা হয় আৰু ইয়াৰ সহায়তে সকলো পানী তললৈ প্ৰেৰণ কৰা হয় ৷ ভূমিৰ তললৈ প্ৰেৰণৰ পূৰ্বেই ইয়াক পৰিশোধণ কৰি লোৱা হয় আৰু পৰিশোধনৰ বাবে তিনিওটা টেংকতে নিৰ্দিষ্ট শিল ৰখা হৈছে যিয়ে পৰিস্কাৰ পানী ভূমিৰ তললৈ প্ৰেৰণ কৰে ৷ সত্যদেৱ গৌতমৰ চেষ্টাৰ বলতেই গাঁওখনৰ 80ঘৰ হৰিজনৰ বাসগৃহলৈয়ো পানী সংৰক্ষণৰ ফলত নতুন জীৱন আহে ৷ পূৰ্বেই পানীৰ সমস্যাত পৰা এইসকল লোকৰ ঘৰত এতিয়া পানী সংৰক্ষণৰ বাবে ব্যৱস্থা কৰা হৈছে ৷

যাৰ ফলত বৰষুণ দিলেই হৰিজন বস্তিত এতিয়া আৰু পানী জমা নহয় ৷ বৰষুণ দিলেই তাত সংযোগ কৰা পানী সংৰক্ষণ ব্যৱস্থাই বিদ্যালয়খনত সংযোগ কৰা প্ৰণালীৰ দৰেই একেই কাম সম্পাদন কৰে ৷

গাঁৱৰ পুখুৰী সমূহো পথাৰৰ সৈতে সংলগ্ন

গাঁৱখনে কেৱল মাত্ৰ বৰষুণৰ পানীয়ে সংৰক্ষণৰ ব্যৱস্থা কৰা নাই ৷ গাঁওখনৰ মুখীয়াই তেওঁৰ বুদ্ধিমত্তাক ব্যৱহাৰ কৰি পুখুৰীৰ পৰা অত্যধিক পানীৰ সমস্যাও দুৰ কৰি তাকো পথাৰৰ কামত ব্যৱহাৰৰ বাবে উপযোগী কৰি তোলে ৷ পুখুৰীত জমা হোৱা অতিৰিক্ত পানীসমূহ নলাৰে গাঁৱৰ পথাৰলৈ লৈ যোৱা হয় আৰু তাক কৃষিৰ কামত ব্যৱহাৰ কৰা হয় ৷ মুখীয়া গৌতমে পুখুৰীসমূহ সৰু সৰু নলাৰে সংযুক্ত কৰি তুলি তাক পাইপলাইনৰ সহায়ত পথাৰলৈ লৈ যোৱাৰ লগতে সেই পাইপলাইনৰ দ্বাৰাই পথাৰত পানী দিয়াৰ ব্যৱস্থাও গঢ়ি তুলিছে ৷ গাঁওখনৰ প্ৰতিখন ফাৰ্ম আৰু কৃষিভূমিলৈ পানী লৈ যোৱাৰ বাবে সত্যদেৱ গৌতমে তেওঁৰ অভিযান্ত্ৰিকী জ্ঞান বাস্তৱত প্ৰয়োগ কৰিছে ৷ ইয়াৰ দ্বাৰাই তেওঁ প্ৰতি 300 মিটাৰ দূৰত্বত 6 ফুট বহল আৰু 10 ফুট দীঘল একোটা পীট গঢ়ি তুলিছে আৰু অত্যধিক পানীসমূহ এই পীটতে জমা কৰে ৷ ইয়াত জমা হোৱা পানীখিনি তেওঁ কৃষিৰ বাবে খেতিপথাৰত ব্যৱহাৰ কৰিছে ৷

গাঁৱৰ বাহিৰত গঢ়ি তোলা হৈছে কেঁচা পুখুৰী

পথাৰৰ বাবে বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ এখোজ আগলৈ গৈ ডেৰবছৰ পূৰ্বেই 8 একৰ ভূমিত খন্দা হৈছিল এটা কেঁচা পুখুৰী ৷ ইয়াৰ পানী খেতিৰ বাবে ব্যৱহাৰ কৰা হয় যদিও মুখ্যত বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈয়ে ইয়াক খন্দা হৈছিল, যাতে ইয়াৰ দ্বাৰা ভূগৰ্ভস্থ পানীৰ স্তৰ সন্তোলিত হৈ থাকে ৷ সত্যদেৱ গৌতমে এই পুখুৰীটো দুটাকৈ সৰু নলাৰে সংযোগ কৰিছে যাৰ দ্বাৰা বৰষুণৰ অত্যধিক পানী আহি ইয়াত জমা হয় ৷ ইয়াৰ ফলত গাঁওবাসীয়ে কৃত্ৰিম বানৰ সমস্যাৰ পৰাও মুক্তি পায় ৷

বৰষুণৰ পানী সংৰক্ষণ কৰা হাৰিয়ানাৰ ভিদুকী গাঁওখন

জিলা দণ্ডাধীশৰ দ্বাৰাও আদৰণি

পালৱালৰ জিলা দণ্ডাধীশ জীতেন্দ্ৰ কুমাৰে ভিদুকী গাঁৱৰ এই কাৰ্যত নিজৰ সন্তুষ্টি ব্যক্ত কৰে ৷ গাঁওবাসীৰ বাবে এগৰাকী উচ্চশিক্ষিত মুখীয়াই গ্ৰহণ কৰা এই নীতিৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি কৰা চিন্তাক প্ৰশংসা কৰে জিলা দণ্ডাধীশগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিচতেই জিলাখনৰ দণ্ডাধীশগৰাকীয়ে গাঁওখনৰ এই কাৰ্যত উচ্চ প্ৰশংসা কৰে ৷

ভিদুকী গাঁওবাসীৰ বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা নিঃসন্দেহে প্ৰশংসাৰ যোগ্য আৰু অধিক গ্ৰহণযোগ্য ৷ এনেকুৱা প্ৰচেষ্টাক আগলৈ তুলি ধৰি দেশত পানীৰ সংৰক্ষণ বিশেষকৈ বৰষুণৰ পানী সংৰক্ষণৰ বাবে এক অনন্য আৰ্হি হিচাপে প্ৰস্তুত কৰিবৰ থল আছে ৷ দেশবাসীয়ে ভিদুকী গাঁওবাসীৰ এই আৰ্হিক নিজৰ প্ৰয়োজনত তথা ভৱিষ্যৎ প্ৰজন্মৰ বাবে ব্যৱহাৰ কৰি পানী সংৰক্ষণৰ ক্ষেত্ৰত এক ঐতিহাসিক ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব ৷

লগতে চাওক-COVID-১৯ : ৰাজ্যত 34947 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

Last Updated : Jul 29, 2020, 7:41 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.