ETV Bharat / bharat

ভাৰত আহি পালে যুঁজাৰু বিমান ৰাফেলৰ দ্বিতীয়টো গোটৰ তিনিখনকৈ বিমান

author img

By

Published : Nov 5, 2020, 11:53 AM IST

বৃহস্পতিবাৰে নিশাৰ ভাগত ভাৰতৰ ভূমিত অৱতৰণ কৰে যুঁজাৰু বিমান ৰাফেলৰ দ্বিতীয়টো গোটৰ তিনিখন বিমান ৷ 28 জুলাইত ভাৰতত উপস্থিত হৈছিল ৰাফেলৰ প্ৰথমলানি বিমান ৷ 2022ৰ মধ্যভাগলৈ আটাইকেইখন ৰাফেল ভাৰতীয় বায়ুসেনাই লাভ কৰিব বুলি প্ৰকাশ কৰিছে বায়ুসেনাৰ সূত্ৰই ৷

The second batch of Rafale aircraft arrives in India
ভাৰত আহি পালে যুঁজাৰু বিমান ৰাফেলৰ দ্বিতীয়টো গোটৰ তিনিখনকৈ বিমান

নেশ্যনেলডেস্ক,5 নৱেম্বৰ :ভাৰত আহি পালে যুঁজাৰু বিমান ৰাফেলৰ দ্বিতীয়টো গোটৰ তিনিখন বিমান ৷ বৃহস্পতিবাৰে নিশাৰ ভাগত ভাৰতৰ ভূমিত অৱতৰণ কৰে যুঁজাৰু বিমানকেইখনে ৷ ফ্ৰান্সৰ পৰা তিনিখনকৈ যুঁজাৰু বিমানে একেৰাহে উৰণ সম্পন্ন কৰি ৰাজস্থানৰ যোধপুৰ বিমানঘাটিত অৱতৰণ কৰে ৷ বায়ুসেনাই টুইটযোগে এই নিশ্চিতি প্ৰদান কৰে ৷ আকাশমাৰ্গত তিনিবাৰকৈ ইন্ধন ভৰোৱাৰ পিচতে মাত্ৰ 8 ঘন্টাত ফ্ৰান্সৰ পৰা ভাৰতত উপস্থিত হয় বিমানকেইখন ৷ ইয়ে ভাৰতীয় বায়ুসেনাৰ দীৰ্ঘসময়ৰ উৰণ সক্ষমতাক পুনৰবাৰ প্ৰমাণিত কৰি তুলিছে ৷

ৰাফেলৰ প্ৰথমলানি বিমান 28 জুলাইত ভাৰতত উপস্থিত হৈছিল আৰু 10 ছেপ্টেম্বৰত ইয়াক সেৱাত সংযোজন কৰা হৈছিল ৷ দ্বিতীয়লানি বিমানৰ অৱতৰণৰ পিচতে ভাৰতীয় বায়ুসেনাই এতিয়া 36খনৰ ভিতৰত 8খনৰ শক্তিৰে মহীয়ান হৈছে ৷ 2022ৰ মধ্যভাগলৈ আটাইকেইখন ৰাফেল ভাৰতীয় বায়ুসেনাই লাভ কৰিব বুলি বায়ুসেনাৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ ইতিমধ্যেই ভাৰতীয় বায়ুসেনাই ৰাফেল যুদ্ধবিমানক তেজাছ আৰু ছুখয়ৰ সৈতে লাডাখ সীমান্তত মোতায়েন কৰিছে ৷

লগতে পঢ়ক: মানসিক স্বাস্থ্যক লৈ সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে মুকলি কৰিলে বন্ধু নামে ৱেবচাইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.