ETV Bharat / bharat

বাটমালু সংঘৰ্ষৰ আনটো দিশ - গুলীবৰ্ষণ

মাতৃক হেৰুওৱা এজন নৱবিবাহিত পুত্ৰ আৰু আৰক্ষীয়ে আটক কৰি নিয়া তিনি পুত্ৰ উভতি অহালৈ বাট চাই থকা এজন পিতৃ ৷

The other side of Batamaloo gunfight
The other side of Batamaloo gunfight
author img

By

Published : Sep 18, 2020, 4:39 AM IST

যোৱা বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ মান বজাত ৪৫ বছৰ বৰ্ষীয় কৌচৰ ৰেয়াজ আৰু তেওঁৰ পুত্ৰ আকীব ৰেয়াজ তেওঁলোকৰ বেকাৰীলৈ নিজৰ বাহনেৰে গৈ থকাৰ মুহূৰ্তত নিৰাপত্তা বাহিনী আগবাঢ়ি অহা প্ৰত্যক্ষ কৰে ৷ কোনো অস্বাভাৱিক ঘটনাৰ উমান পাই কৌচৰে পুত্ৰ আকীবক বাহনখন ঘূৰাবলৈ কয় ৷ কিন্তু তেওঁলোকে ইউ-টাৰ্ণ লোৱাৰ লগেই লগেই তেওঁলোকৰ বাহনখনৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ হ’বলৈ ধৰে ৷ নিৰাপত্তা বাহিনীয়ে অতৰ্কিতে কৰা গুলী চালনাত কৌচৰ থিতাতে নিহত হয় ৷

মাকৰ শৰীৰৰ পৰা ৰক্ত ক্ষৰণ হোৱা প্ৰত্যক্ষ কৰি আকীবে ততাতৈয়া কৈ তেওঁৰ JK O1 W 7338 নম্বৰৰ চেন্ট্ৰ’ গাড়ীখন ৰখাই দিয়ে ৷ কিন্তু ৰোৱাৰ পাচত আকীবে দেখিবলৈ পাই যে মাকৰ মূৰৰ পাচফালে গুলীয়ে আঘাত হানিছে ৷ “তেওঁ নিৰাপত্তা বাহিনী দেখি ভয় খাইছিল আৰু লগে লগে মোক গাড়ীখন ঘূৰাবলৈ কৈছিল ৷ কেইমুহূ্ৰ্ত মানৰ পাচতেই আমাক গুলীয়াইছিল ৷ গুলীটো গাড়ীখনৰ পাচফালৰ আইনাখনেৰে আহি মোৰ মাৰ মূৰত লাগিছিল ৷” ২৫ বছৰীয়া আকীবে ই টিভি ভাৰতক জানিবলৈ দিয়ে ৷

The other side of Batamaloo gunfight
বাটমালু সংঘৰ্ষৰ আনটো দিশ

আকীবে পুনৰ কয়, “মই তাত থকা আৰক্ষী এজনকো কৈছিলোঁ যে মোৰ মাৰ গাত গুলী লাগিছে ৷ কিন্তু তেওঁলোকে কোনো ধৰণৰ তৎপৰতা নেদেখুৱালে ৷ তাৰ পাচত কেইজনমান আৰক্ষীয়ে ৰক্ষকত (আৰক্ষীৰ এক বাহন বিশেষ) আমাক পুলিচ নিয়ন্ত্ৰণ কক্ষলৈ লৈ গৈছিল ৷ য’ৰ পৰা মই নিজেই মাক উলিয়াই আনিছিলোঁ ৷ তেওঁক তাৰ পৰা অনাৰ পাচত মৃত বুলি ঘোষণা কৰা হৈছিল; কিন্তু প্ৰকৃততে ঘটনাস্থলিতেই তেওঁ প্ৰাণ হেৰুৱাইছিল ৷”

সেই বিশেষ এলেকাটোত কৌচৰৰ পৰিয়ালৰ এখন বিস্কুটৰ বিপনী আছে ৷ অঞ্চলবাসীৰ বাবে ব্ৰে’ড প্ৰস্তুত কৰিবলৈ তেওঁলোকে প্ৰতিদিনে একে সময়তে ঘৰৰ পৰা কৰ্মস্থলীলৈ যায় ৷ বিপনীখনৰ ওচৰতে নতুন কৈ নিৰ্মাণ কৰা ঘৰটোলৈ তেওঁলোক স্থানান্তৰিত হোৱাৰ পাচত যোৱা ১৩ আগষ্টত আকীব বিবাহ পাশত আৱদ্ধ হৈছিল ৷ একেলেথাৰিয়ে দুটাকৈ অনুষ্ঠান উদযাপন কৰাৰ পাচত নকৈ সজা তেওঁলোকৰ ঘৰটোত এতিয়া কৌচৰৰ অপ্ৰত্যাশিত মৃত্যুৰ শোক পালন কৰিবলৈ সম্বন্ধীয়সকল পুনৰ গোট খাইছেহি ৷

“এইয়া এক উদ্দেশ্যপ্ৰণোদিত হত্যা ৷” পৰিয়ালবৰ্গই এইদৰে অভিযোগ কৰিছে ৷ কৌচৰৰ মৃত্যুৰ সময়ত তেওঁৰ পতি শ্ৰীনগৰৰ “বক্ষ ৰোগসমূহৰ চিকিৎসালয়”ত তেওঁৰ নৈশ প্ৰহৰীৰ দায়িত্বত উপস্থিত আছিল ৷ “আকীবে তেওঁৰ পিতৃক খবৰটো দিয়ে ৷ তাৰ পাচত তেওঁ ঘটনাস্থলীৰ পৰা মোৰলৈ ফোন কৰে ৷ আমি আৰক্ষীৰ নিয়ন্ত্রণ কক্ষলৈ যাওঁ ৷ কিন্তু তেওঁলোকে আমাক কৌচৰৰ মৃত শৰীৰটো এই পৰ্যন্ত উভতাই দিয়া নাই ৷” আকীবৰ খুৰাক তথা কৌচৰৰ দেৱৰ মহম্মদ আমিন ছ’ফিয়ে কয়; লগতে তেওঁ জানিবলৈ দিয়ে যে এতিয়ালৈকে কোনো আৰক্ষী বিষয়া নাইবা কোনো প্ৰশাসনিক বিষয়াই পৰিয়ালটোক খবৰ ল’বলৈ অহা নাই বৰঞ্চ তেওঁলোকক তেনে অৱস্থাতে অকলশৰীয়াকৈ এৰি দিছে ৷ “আৰক্ষীয়ে কৈ আছে যে যিহেতু পৰিস্থিতি এতিয়াও উত্তেজনাময় হৈ আছে, গতিকে আমি শৱদেহটো আপোনালোকক গটাই দিব নোৱাৰোঁ ৷” তেওঁ কয় ৷

The other side of Batamaloo gunfight
জম্মু-কাশ্মীৰত সেনাৰ অভিযান

আৰক্ষী প্ৰশাসনৰ মতে শ্ৰীনগৰৰ বাটমালু অঞ্চলত অভিযানটো নিশা প্ৰায় ২ বজাত আৰম্ভ কৰা হৈছিল আৰু দক্ষিণ কাশ্মীৰৰ তিনিজন উগ্ৰপন্থী আৰু কৌচৰ নিহত হোৱাৰ পাচত অভিযানটোৰ সমাপ্তি ঘটিছিল ৷ সংবাদ মাধ্যমক উদ্দেশ্যি দিয়া ভাষ্যত আৰক্ষী মহানিৰ্দেশক (ডি জি পি) দিলবাগ সিঙে দাবী কৰে যে কৌচৰৰ মৃত্যু হৈছিল উভয় পক্ষৰ গুলীয়াগুলীতহে ৷ অভিযানটো পৰিচালনা কৰা, চি আৰ পি এফৰ এজন উপ কমাণ্ডেন্টো সংঘৰ্ষটোত আহত হৈছিল ৷ তেওঁক বৰ্তমান সামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ৷ “দুৰ্ভাগ্যবশতঃ সংঘৰ্ষস্থলীত কৌচৰ ৰিয়াজ নামৰ এগৰাকী মহিলাও নিহত হয় ৷ আমি দুঃখিত যে ঘটনাটোৰ সময়ত এগৰাকী সাধাৰণ নাগৰিকে জীৱন হেৰুৱাব লগা হ’ল ৷” সিঙে এইদৰে কয় ৷

গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে চলিত বৰ্ষৰ ১ জুলাই তাৰিখে উগ্ৰপন্থীৰ এক আক্ৰমণত ৬৫ বছৰ বয়সীয়া বাছিৰ আহমেদ খান নামৰ এজন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল ৷ বাছিৰ আহমেদৰ পৰিয়ালে অভিযোগ কৰে যে বাছিৰে তেওঁৰ তিনি বছৰীয়া নাতিৰ সৈতে যাত্ৰা কৰি থকাৰ অৱস্থাত তেওঁক গাড়ীৰ পৰা বলপূৰ্ৱক উলিয়াই আনি হত্যা কৰা হৈছিল ৷ পৰিয়ালৰ এই দাবীক নিৰাপত্তা বাহিনীয়ে অস্বীকাৰ কৰি আহিছে ৷

ডি জি পিজনৰ মতে চলিত বৰ্ষত এই পৰ্যন্ত অঞ্চলটোত ১৭৭ জনতকৈও অধিক উগ্ৰপন্থী হত্যা কৰা হৈছে ৷ ইয়াৰে ১৬ জন উগ্ৰপন্থীক অকল শ্ৰীনগৰ চহৰৰ সাতটা ভিন্ন অভিযানত নিধন কৰা হৈছে ৷ এই ১৬ জনৰ আকৌ সাতজনেই হৈছে শ্ৰীনগৰ চহৰৰ স্থানীয় যুৱক ৷

The other side of Batamaloo gunfight
কাশ্মীৰত আৰক্ষীৰ অভিযান

বৃহস্পতিপাৰে নিশা প্ৰায় ২ বজাত আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ নিকটৱৰ্তী এলেকা তথা ঘনবসতিপূৰ্ণ বাটমালু অঞ্চলটোত সংঘৰ্ষটো আৰম্ভ কৰা হৈছিল ৷ সশস্ত্ৰ বাহিনীয়ে জন্মু আৰু কাশ্মীৰ গ্ৰামীণ বেংকৰ অৱসৰ প্ৰাপ্ত বিষয়া মাজিদ গাণিৰ বাসগৃহটো ঘেৰাও কৰিছিল ৷

“সশস্ত্ৰ বাহিনীয়ে আমাৰ দুৱাৰত টোকৰ মাৰিছিল আৰু আমাক ঘৰটো এৰি যাবলৈ কৈছিল ৷ তেওঁলোকে আমাৰ পৰিয়ালৰ ছজন সদস্যৰে আটাইকেইটা ম’বাইল ফোন জব্দ কৰিছিল আৰু আমাৰ সন্তানকেইটাক আটক কৰিছিল ৷ তেওঁলোকে আমাক ৰাস্তাতে থাকিবলৈ কৈছিল ৷ কি হ’বলৈ গৈ আছে, আমি একোকে বুজিব পৰা নাছিলোঁ ৷ আমাৰ পৰিয়ালৰ সদস্যকেইজনৰ বাদে আমাৰ ঘৰটোত আৰু কোনো নাছিল ৷” গাণিয়ে ই টিভি ভাৰতক জানিবলৈ দিয়ে ৷

গাণিৰ মতে পুলিচে তেওঁৰ তিনিও পুত্ৰ ক্ৰমান্বয়ে ইজাৰ উল ইছলাম, যি পেচাত এজন বি ইউ এম এছৰ চিকিৎসক; ইদ্ৰিছ উল ইছলাম, যি পেচাত এজন দন্ত চিকিৎসক তথা স্নাতকোত্তৰ শ্বাহীন উল ইছলামক আটক কৰিছিল ৷ আনহাতে তেওঁৰ দুগৰাকী জীয়ৰীৰ এগৰাকীয়ে বৰ্তমান এম বি বি এছৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছে ৷

অভিযানটোৱে তেওঁৰ এমহলীয়া ঘৰটোৰ ক্ষতি সাধন কৰে লগতে পৰিয়ালটোৱে অভিযোগ কৰে যে অভিযানটোৰ সময়চোৱাত তেওঁলোকৰ ঘৰৰ পৰা লক্ষ টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু নগদ ৪৫,০০০ টকা চুৰি হয় ৷ সংঘৰ্ষস্থলীৰ কাষৰ স্থানীয় বাসিন্দাসকল বা যিসকলে উগ্ৰপন্থী আৰু সশস্ত্ৰ বাহিনীৰ গুলীয়াগুলীৰ মাজত আৱদ্ধ হ’ব লগা হৈছিল তেওঁলোকে পূৰ্ৱতেও বহুবাৰ অভিযোগ কৰিছে যে পুলিচ কৰ্মীসকলে সচৰাচৰ অভিযানৰ সময়ত তেওঁলোকৰ সোণৰ আ-অলংকাৰ তথা নগদ ধন চুৰ কৰি নিয়ে ৷ উল্লেখ্য যে এই অভিযোগ পুলিচ প্ৰশাসনে সদায়ে খণ্ডন কৰি আহিছে ৷

The other side of Batamaloo gunfight
নিৰাপত্তাৰক্ষীৰ অভিযান কাশ্মীৰত

স্থানীয় লোকসকলৰ মতে অঞ্চলটোত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাচত গুলী বৰ্ষণ প্ৰায় ৭.৩০ বজাত বন্ধ হয় ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক ছত্ৰভংগ দিয়াবলৈ কেইবা জাঁইও কন্দুৱা গেছৰ ব্যৱহাৰ কৰে ৷ স্থানীয় লোকসকলে কৌচৰৰ হত্যাৰ প্ৰতিবাদৰ চিন স্বৰূপে বাটমালুৰ যাতায়াত ব্যাহত কৰিবলৈ টায়াৰ জ্বলাই বহুতো গলি আৰু পথ অৱৰোধ কৰে ৷

ছ’পোৰৰ এটা পৰিয়ালে তেওঁলোকৰ ২৩ বছৰীয়া পুত্ৰ ইৰফান আহমেদ ডৰক জন্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে তেওঁলোকৰ জিম্মাত থকা অৱস্থাত হত্যা কৰে বুলি অভিযোগ কৰাৰ পাচত এলেকাটোত যি প্ৰতিবাদৰ সূত্ৰপাত হৈছিল তাৰ ঠিক দিনদিয়েক পাচতেই বাটমালুৰ এই ঘটনাটো সংঘটিত হৈছে ৷ অঞ্চলটোত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ৷

The other side of Batamaloo gunfight
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযান

ডি জি পিজনৰ মতে ইৰফানৰ হাতৰ পৰা আৰক্ষীয়ে হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰিছিল আৰু আন এক অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ গৈ থকাৰ অৱস্থাত ‘পলায়ন’ কৰিবলৈ চেষ্টা কৰিছিল ৷ পাচত ইৰফানৰ শৱদেহটো ছ’প’ৰৰ টুজ্জাৰ শ্বাৰিফৰ নিকটৱৰ্তী পাথৰ কুৱেৰী এটাত উদ্ধাৰ হয় ৷ ইয়াৰ মাজতে আৰক্ষীয়ে ঘটনাটোত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে ৷

মহম্মদ জুলকাৰিণ জুলফি

লগতে পঢ়ক : মান্তৰ বিবাদ নিস্পত্তিৰ বাবে চীনক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.