ETV Bharat / bharat

এৰনাকুল্লামৰ মেজিষ্ট্ৰেট কোৰ্টে ৰিমাণ্ডলৈ লৈছে তিনি অল কায়দা সদস্যক

শনিবাৰে মুৰশিদ হাচান, মোশাৰফ হোছিন আৰু য়াকুব বিশ্বাস নামৰ তিনি অল কায়দাৰ সদস্যক আটক কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই ৷ আজি এৰনাকুল্লামৰ প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট কৰ্টে তিনিওজনকে ৰিমাণ্ডলৈ লয় ৷

The Judicial First Class Magistrate Court at Ernakulam remanded three Al-Qaeda operatives
এৰনাকুল্লামৰ মেজিষ্ট্ৰেট কোৰ্টে ৰিমাণ্ডলৈ লৈছে তিনি অল কায়দা কৰ্মীক
author img

By

Published : Sep 20, 2020, 10:11 PM IST

নেশ্যনেল ডেক্স, 20 ছেপ্তেম্বৰঃ এৰনাকুল্লামৰ প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট কোৰ্টে তিনিজনকৈ অল কায়দাৰ কৰ্মীক ৰিমাণ্ডলৈ লয় ৷ শনিবাৰে মুৰশিদ হাচান, মোশাৰফ হোছিন আৰু য়াকুব বিশ্বাসক আটক কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই ৷ আদালতখনে কয় যে, আটাইকেজনকে ৰিমাণ্ডলৈ লোৱা হৈছে আৰু শনিবাৰে সন্ধিয়া 5 বজাৰ পৰা 22 ছেপ্তেম্বৰলৈকে তেঁওলোক নিয়াৰ আৰক্ষী অধীক্ষক তথা মুখ্য অনুসন্ধানকাৰী বিষয়া শংকৰব্ৰত ৰায়মেধিৰ জিম্মাত থাকিব ৷

এৰনাকুল্লামৰ মেজিষ্ট্ৰেট কোৰ্টে ৰিমাণ্ডলৈ লৈছে তিনি অল কায়দা কৰ্মীক

আনহাতে, জিম্মাৰ তাৰিখ উকলি যোৱাৰ পূৰ্বে নতুন দিল্লীৰ পাটিয়ালা হাউচ কৰ্টলৈ নিয়াৰ বিশেষ অধিৱক্তাৰ ওচৰত তিনিওজনকে হাজিৰ কৰিব লাগিব মুখ্য অনুসন্ধানকাৰী বিষয়া শংকৰব্ৰত ৰায়মেধিয়ে ৷ শনিবাৰে তিনিওজন অভিযুক্তকে কোচীৰ মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰোৱা হৈছিল আৰু ট্ৰাঞ্জিত ৱাৰেন্ট জাৰি কৰা হৈছিল ৷ তিনিওজন অভিযুক্তই কোচীত প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে আশ্ৰয় গ্ৰহণ কৰি আছিল ৷ ইতিমধ্যে তিনিওৰে ক’ভিড 19 পৰীক্ষা সম্পন্ন কৰি তোলা হৈছে ৷

নিয়াই জানিবলৈ দিয়া অনুসৰি সন্ত্ৰাসবাদী কেইজনে অল কায়দাৰ মডেল আক্ৰমণৰ পৰিকল্পনা কৰি আছিল ৷ পাকিস্তানৰ অল কায়দাৰ শীৰ্ষ কামাণ্ডাৰৰ আদেশ অনুসৰি তেঁওলোকে অতি শীঘ্ৰে জম্মু-কাশ্মীৰ আৰু দিল্লীলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছিল ৷ সন্ত্ৰাসবাদী তিনিজনৰ পৰা নিয়াই লেপটপৰ লগতে জেহাদী সাহিত্য জব্দ কৰে ৷

সমান্তৰালকৈ, পশ্চিম বংগত আটক কৰা সন্ত্ৰাসবাদীৰ পৰাও বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল নিয়াই ৷ চোৰাংচোৱাৰ তথ্য অনুসৰি অল কায়দাই ভাৰতৰ বিভিন্ন প্ৰান্তত ডাঙৰ পৰ্যায়ত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰি আছিল ৷ সম্প্ৰতি আটকধীন দলকেইটাই এই বিশেষ উদ্দেশ্যেৰেই ভাৰতত প্ৰৱেশ কৰিছিল নে নাই তাৰ ওপৰত অনুসন্ধানত চলাই আছে অনুসন্ধানকাৰী দলে ৷

লগতে পঢ়ক-শোকাৱহ পথ দুৰ্ঘটনাঃ ৰে'লৰ খুন্দাত থিতাতে নিহত একেটা পৰিয়ালৰ তিনি সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.